41.5 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমগোলকগঞ্জ সমষ্টিৰ বিজেপি প্ৰাৰ্থী অশ্বিনী ৰায় সৰকাৰ“ৰ বিজয় যাত্ৰা প্ৰস্বস্ত সভা গৌৰীপুৰত

গোলকগঞ্জ সমষ্টিৰ বিজেপি প্ৰাৰ্থী অশ্বিনী ৰায় সৰকাৰ“ৰ বিজয় যাত্ৰা প্ৰস্বস্ত সভা গৌৰীপুৰত

গোলকগঞ্জ সমষ্টিৰ বিজেপি প্ৰাৰ্থী অশ্বিনী ৰায় সৰকাৰ“ৰ বিজয় যাত্ৰা প্ৰস্বস্ত সভা গৌৰীপুৰত
দুৰ্নীতিৰ দৰ্পণ, ধুবুৰী, ২৭ মাৰ্চ – আগন্তক বিধানসভা নিৰ্বাচনত, গোলকগঞ্জ বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী আৰু NDA সমৰ্থিত প্ৰাৰ্থী “অশ্বিনী ৰায় সৰকাৰ“ৰ বিজয় যাত্ৰা প্ৰস্বস্ত কৰিবলৈ আজি গৌৰীপুৰস্থিত ৫ নং ওৱাৰ্ডত নমঃশুদ্ৰপাৰাত অসমৰ মাননিয় কেবিনেট মন্ত্ৰী তথা ধুবুৰী জিলাৰ অবিভাৱক মন্ত্ৰী ৰাঞ্জিত কুমাৰ দাসৰ উপস্থিতত এখন সভা অনুষ্ঠিত হয়৷ উক্ত সভাত উপস্থিত থাকে বিজেপি ধুবুৰী জিলাৰ সভাপতি ৰঞ্জিত কুমাৰ ৰায়, জিলাৰ জেষ্ঠ আৰু কনিষ্ঠ কাৰ্যকৰ্তাসকল৷ এই সভাৰ জৰিয়তে ৰঞ্জিত কুমাৰ দাসে উপস্থিত ৰাইজৰ আগত কয় যে, মাননিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বলিষ্ঠ নেতৃত্বত অসমত যেনেদৰে উন্নয়ন আৰু বিকাশ যাত্ৰা দ্ৰুতগামী ভাবে আগবাঢ়িছে, তাৰ লগতে অসমবাসীৰ ভৱিষ্যত সুন্দৰ আৰু সুৰক্ষিত কৰাৰ ক্ষেত্ৰ যেনেদৰে সকলো সময়তে স্নেহৰ দৃষ্টি ৰাখিছে, সেয়া প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণেই প্ৰমাণিত কৰিছে বুলি উল্লেখ কৰে৷ লগতে অসমৰ তেজস্বী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ জাতি, মাটি, ভেঁটি সুৰক্ষিতৰ দিশত যেনেদৰে গতিমান হৈ আছে, আৰু মহিলা সকলক যিদৰে আত্মনিৰ্ভৰ কৰাৰ ক্ষেত্ৰত বিভিন্ন চৰকাৰী আঁচনিৰে মাতৃ সমাজ তথা অসমৰ মহিলাসকলক যেনেদৰে সহায়ৰ হাত আগবঢ়াই দিছে৷ সেয়া কল্পনা বিহীন বুলিও উল্লেখ কৰে৷ আৰু কয় যে বিভিন্ন জনকল্যাণ মূলক আঁচনিয়ে যেনেদৰে সমাজৰ অন্তিম পৰ্য্যায়ৰ দুখীয়া ৰাইজক চুই গৈছে, এয়া চাই স্পষ্ট হৈ পৰিছে যে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীয়ে প্ৰতিজন অসমবাসীৰ অন্তৰ মনৰ গভীৰত নিশ্চিত ভাবে বিশেষ ঠাই কৰি লবলৈ সক্ষম হৈছে৷ সেয়া চাই অসমৰ প্ৰতিজন খিলঞ্জীয়া ৰাইজৰ লগতে প্ৰতিটো জাতি জনগোষ্ঠীয় ৰাইজে ইতিমধ্যে স্পষ্ট ভাবে ইংগিত দিছে যে ২০২৬ ৰ এই বিধানসভা নিৰ্বাচনত বিজেপি দলক পূৰ্ণ বহুমত প্ৰদান কৰায় নহয়, বিজেপি দলৰ সহযোগী দলক সন্মানজনক আশন প্ৰদান কৰি, অসমত পুনৰবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ এক শক্তিশালী চৰকাৰ গঠন কৰাত অসমৰ জনতাই প্ৰস্তুত হৈছে বুলিও উল্লেখ কৰে৷ লগতে কয় এইবেলি গোলকগঞ্জ বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী অশ্বিনী ৰায় সৰৰকাৰৰ জয় প্ৰায় ইতিমধ্যে নিশ্চিত হৈ পৰিছে, বহু ভোটৰৰ ব্যৱধানত এইবাৰ গোলকগঞ্জ সমষ্টিত বিজেপিৰ বিধায়কৰ জয় হব৷ কাৰণ যোৱা পাঁচটা বছৰ চৰকাৰৰ বিধায়ক অবিহনে সমষ্টিৰ ৰাইজে কংগ্ৰেছ দলৰ বিধায়ক পৰা একো সুফল পোৱা নাই, আৰু একো উন্নয়ন কৰাওঁ দেখা নাই৷ যদি যোৱা পাঁচাটা বছৰ চৰকাৰৰ ফালৰ পৰা কিবা সমষ্টিবাসী ৰাইজে উপকৃত হৈছিল, সেয়া অশ্বিনী ৰায় সৰকাৰৰ সাংগঠণিক সু নেতৃত্বৰ প্ৰচেষ্টাৰ ফলত আৰু মাননিয় মুখ্যমন্ত্ৰীৰ গোলকগঞ্জ সমষ্টিবাসী ৰাইজৰ প্ৰতি থকা মৰম স্নেহৰ বাবেই৷ লগতে সভাত উপস্থিত বিজেপি দলৰ বিভিন্ন শীৰ্ষ নেতৃত্বয় ভাষণৰ জৰিয়তে কয় যে, সমগ্ৰ অসমৰ লগতে গোলকগঞ্জ সমষ্টিবাসীৰ ৰাইজৰ সৰ্বাঙ্গিন উন্নয়ন আৰু বিকাশ কৰিবলৈ হলে বিজেপি মিত্ৰজোঁট চৰকাৰ আৰু গোলকগঞ্জত বিধানসভাত বিজেপি দলৰ বিধায়ক অবিহনে বিকল্প বেলেগ একো নাই৷ গোলকগঞ্জত যোৱা কংগ্ৰেছৰ পাঁচটা বছৰ কংগ্ৰেছৰ বিধায়ক থকাৰ ফলতো যিবোৰ আধুৰুৱা কাম ৰৈ গৈছে, সেইবোৰ ভৱিষ্যতে পূৰণ কৰিবলৈ হলে এইবেলি গোলকগঞ্জ সমষ্টিত অশ্বিনী ৰায় সৰকাৰক জয়ী কৰাই অসম বিধানসভাত পঠিয়াৰ দায়িত্ব গোলকগঞ্জ বিধানসভা সমষ্টিবাসী ৰাইজেই লৱ লাগিব৷ গোলকগঞ্জ বিধানসভাত বিজেপি প্ৰাৰ্থীৰ জয় মানে কেৱল বিজেপি দলৰ প্ৰাৰ্থীজনৰ জয় নহয়, এই জয় গোলকগঞ্জ বিধানসভা সমষ্টিৰ প্ৰতিজন ৰাইজৰ জয়, প্ৰতিজন বিজেপি দলৰ নিষ্ঠাবান কাৰ্যকৰ্তাৰ জয় বুলি উল্লেখ কৰে৷

RELATED ARTICLES
Lucknow
broken clouds
43.1 ° C
43.1 °
43.1 °
18 %
6.4kmh
84 %
Sun
40 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular