40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসম২০২৫-২৬ বিত্তীয় বৰ্ষৰ সময়চোৱাত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ৩৫খন ৰেলৰ গতি বৃদ্ধি...

২০২৫-২৬ বিত্তীয় বৰ্ষৰ সময়চোৱাত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ৩৫খন ৰেলৰ গতি বৃদ্ধি কৰাৰ ফলত ৰেল চলাচলৰ দিশত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি

২০২৫-২৬ বিত্তীয় বৰ্ষৰ সময়চোৱাত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ৩৫খন ৰেলৰ গতি বৃদ্ধি কৰাৰ ফলত ৰেল চলাচলৰ দিশত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি
মালিগাঁও, পিএনচি, ২৭ মাৰ্চ: ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সময়চোৱাত উত্তৰ-পূব সীমান্ত ৰেলৱেই ইয়াৰ নেটৱৰ্কৰ অন্তৰ্গত ৩৫খন ৰেলৰ গতিবেগ বৃদ্ধি কৰি পৰিচালনাৰ দক্ষতা আৰু যাত্ৰীৰ সুবিধা বৃদ্ধি কৰাৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে৷ এই সমন্বিত প্ৰয়াসৰ ফলত ভ্ৰমণৰ মুঠ ৬৭৫ মিনিট সময় ৰাহি হৈছে অৰ্থাৎ, প্ৰতিখন ৰেলৰ গড়ে প্ৰায় ১৯.২৯ মিনিট সময় হ্ৰাস পাইছে৷ এই গতিবেগ বৃদ্ধিৰ ভিতৰত দৈনিক, সাপ্তাহিক আৰু দ্বি-সাপ্তাহিক ৰেল সেৱাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে বিভিন্ন গুৰুত্বপূৰ্ণ গন্তব্যস্থানসমূহক সংযোগ কৰি বিভিন্ন শ্ৰেণীৰ যাত্ৰীৰ মাজত ব্যাপকভাৱে সা-সুবিধা নিশ্চিত কৰা হৈছে৷ গুৰুত্বপূৰ্ণ অগ্ৰগতিসমূহৰ ভিতৰত যথাক্ৰমে নিউ জলপাইগুড়ী-বঙাইগাঁও এক্সপ্ৰেছ, হাওড়া-গুৱাহাটী শৰাইঘাট এক্সপ্ৰেছ, ডিব্ৰুগড়-দেওঘৰ এক্সপ্ৰেছৰ দৰে গুৰুত্বপূৰ্ণ ৰেলসমূহত যথেষ্ট সময় ৰাহি কৰিবলৈ সক্ষম হৈছে৷ এই ৰেলগাড়ীসমূহত ক্ৰমে সৰ্বাধিক ৬০ মিনিট, ৩০ মিনিট আৰু ৯০ মিনিটলৈকে সময় হ্ৰাস পাইছে৷ চহৰ-সংযোগী, মেইল/এক্সপ্ৰেছ আৰু যাত্ৰীকেন্দ্ৰিক ৰেলগাড়ীৰ চলাচলৰ সময়ত যি কিছুমান ৰেলপথত ভিৰ দেখা গৈছিল, সেইবোৰো উন্নত ছেকশ্যনেল গতি, উন্নত সময়সূচী আৰু আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে চলাচল অধিক সুগম কৰা হৈছে৷ এই উন্নয়নসমূহে উত্তৰ-পুব সীমান্ত ৰেলৱেৰ ৰেল পৰিচালনা আধুনিকীকৰণ আৰু সমগ্ৰ নেটৱৰ্কৰ দক্ষতা অধিক কৰাৰ প্ৰতি অবিৰত প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে৷ ৰেল পৰিচালনত গতিবেগৰ বৃদ্ধিয়ে ৰেলৱে আৰু যাত্ৰী উভয়ৰে বাবে একাধিক সা-সুবিধা কঢ়িয়াই আনিছে৷ যাত্ৰীৰ বাবে ভ্ৰমণৰ সময় হ্ৰাসৰ ফলত অধিক সুবিধা, উন্নত যাত্ৰা অভিজ্ঞতা আৰু উন্নত সংযোগ ব্যৱস্থা নিশ্চিত হৈছে৷ দ্ৰুত সেৱাসমূহে নিৰ্ভৰযোগ্যতা আৰু সময়ানুবৰ্তিতা বৃদ্ধি কৰি ৰেল পৰিবহণক আন পৰিবহণ মাধ্যমৰ তুলনাত অধিক আকৰ্ষণীয় কৰি তুলিছে৷ আনহাতে ৰেলৱেৰ বাবে অনুকূলিত গতিবেগে ৰোলিং ষ্টক আৰু ট্ৰেকৰ ক্ষমতাৰ উন্নত ব্যৱহাৰ, ৰেলৰ টাৰ্নএৰাউণ্ড সময়ৰ উন্নতকৰণ আৰু সামগ্ৰিক পৰিচালন দক্ষতা বৃদ্ধি কৰিছে৷ ইয়াৰ উপৰিও সময়ৰ সঞ্চয়ে শক্তি দক্ষতা আৰু খৰচ অনুকূলনত সহায় কৰাৰ লগতে একেই আন্তঃগাঁথনিৰ ভিতৰতে অতিৰিক্ত সেৱা প্ৰৱৰ্তনৰ সম্ভাৱনা সৃষ্টি কৰিছে৷ এই পদক্ষেপ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অঞ্চলৰ জনসাধাৰণক অধিক দ্ৰুত, সুৰক্ষিত আৰু অধিক কাৰ্যক্ষম ৰেল সেৱা প্ৰদান কৰাৰ ব্যাপক দৃষ্টিভংগীৰ এক অংশ৷ আন্তগাঁথনিৰ উন্নয়ন, ৰেলৰ পৰিচালন অধিক সুগম কৰা উদ্দেশ্যে ৰেল পৰিচালনা ব্যৱস্থা সুসংগঠিত কৰা আৰু আধুনিক প্ৰযুক্তি গ্ৰহণৰ ক্ষেত্ৰত নিৰন্তৰ প্ৰচেষ্টা চলাই থকা হৈছে৷ উত্তৰ-পূব সীমান্ত ৰেলৱেই সদায় উন্নততৰ সেৱা প্ৰদান কৰাৰ লগতে যাত্ৰীৰ বাবে উন্নত ভ্ৰমণ অভিজ্ঞতা নিশ্চিত কৰাৰ দিশত প্ৰতিশ্ৰুতিবদ্ধ৷

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular