40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমৰূপহীহাটত কংগ্ৰেছৰ নিৰ্বাচনী ধুমুহা: হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত নুৰুল হুদাৰ শক্তি প্ৰদৰ্শন

ৰূপহীহাটত কংগ্ৰেছৰ নিৰ্বাচনী ধুমুহা: হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত নুৰুল হুদাৰ শক্তি প্ৰদৰ্শন

ৰূপহীহাটত কংগ্ৰেছৰ নিৰ্বাচনী ধুমুহা: হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত নুৰুল হুদাৰ শক্তি প্ৰদৰ্শন
দুৰ্নীতিৰ দৰ্পণ “ ষ্টাফ ৰিপোৰ্টাৰ বাবুল হুছেইন, নগাঁও, ৰূপহী হাট, ২৭ মাৰ্চ: – নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে তীব্ৰতৰ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ৷ আজি ৰূপহীহাট সমষ্টিৰ ভুৰবন্ধাত কংগ্ৰেছ দলে প্ৰদৰ্শন কৰিলে বিশাল শক্তি৷ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদাৰ উপস্থিতিত হাজাৰ হাজাৰ সমৰ্থকৰ সমাগমে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে সমষ্টিটোত৷ ৰূপহীহাটত কংগ্ৰেছৰ নিৰ্বাচনী ধুমুহা৷ সমষ্টিটোৰ লাওখোৱা ভুৰবন্ধাস্থিত শান্তি বজাৰত আজি কংগ্ৰেছ দলে এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে৷ হাজাৰ হাজাৰ কংগ্ৰেছ সমৰ্থকৰ উপস্থিতিয়ে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে সমগ্ৰ অঞ্চলটোত৷ এই সভাতে সমষ্টিটোৰ ৰাজনৈতিক সমীকৰণত এক নতুন মোৰ পৰিলক্ষিত হয়৷ বিভিন্ন দল ত্যাগ কৰি প্ৰায় অৰ্ধশতাধিক লোকে আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ পতাকা হাতত তুলি লয়৷ নতুন সদস্যসকলক আদৰণি জনায় ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছ মনোনীত প্ৰাৰ্থী নুৰুল হুদাই৷ উল্লেখনীয় যে, প্ৰাৰ্থীগৰাকী সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে সমৰ্থকসকলে আকাশ-বতাহ কঁপাই বিভিন্ন শ্লোগান দিয়ে আৰু তেওঁক আধাবাটৰ পৰাই উষ্ম আদৰণি জনাই সভাস্থলীলৈ আগবঢ়াই আনে৷ উক্ত সভাত উপস্থিত হৈ প্ৰাৰ্থী গৰাকীয়ে কয় মই এক আল্লাহৰ বাহিৰে আন কাকো ভয় নকৰোঁ৷ আপোনালোকে এইবাৰ ২৬-ৰ নিৰ্বাচনত মোক ভোট দি জয়যুক্ত কৰক, মই আপোনালোকৰ হৈ কাম কৰি যাম৷ মই ভুৰবন্ধা মণ্ডল কংগ্ৰেছ আৰু পঞ্চায়ত এলেকাৰ সমূহ ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ৷ ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ নুৰুল হুদাই কৰা এই আৱেগিক মন্তব্যই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে৷ নিৰ্বাচনৰ পূৰ্বে ৰূপহীহাটৰ এই শক্তি প্ৰদৰ্শনে আন দলসমূহৰ বাবে যে এক প্ৰত্যাহ্বান হ’ব, নেকি সেয়া হ’ব সময়ত লক্ষণীয়৷

RELATED ARTICLES
Lucknow
broken clouds
40 ° C
40 °
40 °
22 %
4.7kmh
74 %
Sun
40 °
Mon
44 °
Tue
44 °
Wed
45 °
Thu
45 °

Most Popular