জাগীৰোডৰ ডাৱৰঘাটত তিৱাসকলৰ ছগ্ৰা উৎসৱ উদ্যাপন, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত তিৱা নবৰ’ (বৰঘৰ) উছৰ্গা
দুৰ্নীতিৰ দৰ্পণ, জাগীৰোড, ২৮ মাৰ্চ: – অসমৰ অন্যতম ভূমিপুত্ৰ তিৱা জনগোষ্ঠীৰ স্বকীয় কলা-সংস্কৃতিয়ে অসমীয়া সংস্কৃতিৰ বৰঘৰ চহকী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ সেই অনুসৰি জাগীৰোডৰ ডাৱৰঘাটত জনগোষ্ঠীটোৰ অন্যতম কৃষিভিত্তিক পৰম্পৰাগত উৎসৱ ছগ্ৰা অৰ্থাৎ বসন্ত উৎসৱটি ২৪ মাৰ্চৰ পৰা চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্যাপন কৰা হয়৷ পৰম্পৰা অনুসৰি ফাগুন-চ’ত মাহৰ যিকোনো এটা সপ্তাহত মধ্য অসমৰ তিৱা জনগোষ্ঠী লোকসকলে পালন কৰি আহিছে এই উৎসৱ৷ ডাৱৰঘাট চামাদি পৰিচালনা সমিতিৰ উদ্যোগত এইবেলি চাৰি দিনীয়াকৈ পালন কৰে উৎসৱটি৷ এই উৎসৱৰ এক বিশেষত্ব যে উৎসৱত তামোল-পান ইষ্টদেৱতাক উচৰ্গিত কৰাৰ পিছতহে তিৱা সমাজত তামোল পান ব্যৱহাৰ কৰাৰ নিয়ম৷ লগতে এই উৎসৱৰ পিছতহে কৃষিকৰ্মত নিয়োজিত হ’ব পাৰে বুলি তিৱা সমাজত আজিও প্ৰচলিত হৈ আছে৷ কেলেণ্ডাৰ নথকাৰ দিনবোৰতো পলাশ – শিমলু ফুলাৰ সময়তে ঐতিহাসিক দিনৰ পৰাই তিৱাসকলে এই উৎসৱ পালন কৰি আহিছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে৷ কাৰ্যসূচী অনুসৰি শুকুৰবাৰে উৎসৱৰ সামৰণি দিনা হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰশান্ত মচৰঙে৷ ৰোপণ কৰা হয় নাহৰ গছৰ পুলি৷ লগতে প্ৰাণৰ শিল্পীগৰাকীৰ নামত উছৰ্গা কৰা তিৱাসকলৰ নবৰ’ (বৰঘৰ) মুকলি কৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ৰিমল আমচিয়ে৷ তিৱাসকলৰ পৰম্পৰাগত পূজা-অৰ্চনাৰ সমান্তৰালকৈ বহুকেইটা জনপ্ৰিয় গীত-নৃত্যৰে মুখৰিত কৰি তোলে নবৰ’ৰ বাকৰি৷ আনহাতে অনুষ্ঠানটিত ছগ্ৰাখামৰ ওপৰত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ আলোচনা চক্ৰত সাৰুৱা ভাষণ প্ৰদান কৰে ’আটছুৰ’ উপদেষ্টা প্ৰহ্লাদ মচৰং, দিপক আমচং প্ৰমুখ্যে বহু কেইগৰাকী তিৱা জনগোষ্ঠীয় নেতাই৷ ২০০৪ চনত হোৱা ভয়াৱহ বান পৰিস্থিতিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ডাবৰঘাট অঞ্চলৰ ৰাইজৰ কাষত উপস্থিত হৈ কিদৰে সাহায্য প্ৰদান কৰিছিল, এখন নাও আগবঢ়াই ভুক্তভোগী ডাবৰঘাট বাসীক কিমান ডাঙৰ উপকাৰ কৰিছিল সেই ক্ষণ বোৰ ৰোমন্থন কৰি নৱনিৰ্মিত বৰঘৰটো সেই মহান শিল্পীজনাৰ নামত উৎসৰ্গিত কৰা কাৰ্যক তেওঁলোকে ভূয়সী প্ৰশংসা কৰে৷ সন্ধিয়ালৈ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক সোঁৱৰণ কৰি অনুষ্ঠিত হয় বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান৷ নিশা আমন্ত্ৰিত কণ্ঠশিল্পী কস্তুৰী ডেকাই গীত পৰিৱেশন কৰি অনুষ্ঠানটি জিপাল কৰি তোলে৷

