29.3 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমৰঙাপৰাত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় মুকলি, কৃষ্ণ কমল তাঁতীক তীব্ৰ সমালোচনা

ৰঙাপৰাত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় মুকলি, কৃষ্ণ কমল তাঁতীক তীব্ৰ সমালোচনা

ৰঙাপৰাত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় মুকলি, কৃষ্ণ কমল তাঁতীক তীব্ৰ সমালোচনা
ৰঙাপৰা, প্ৰতিবেদকঃ আসন্ন বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰঙাপৰা অঞ্চলত ৰাজনৈতিক তৎপৰতা দিনক দিনে বৃদ্ধি পাইছে। এই পৰিপ্ৰেক্ষিতত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে ৰঙাপৰাত এটা নতুন নিৰ্বাচনী কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰে। কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী কাৰ্তিক চন্দ্ৰ কুৰ্মীয়ে ৰঙা ফিটা কাটি কাৰ্যালয়টো উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত থকা দলীয় কৰ্মী আৰু সমৰ্থকসকলে “কংগ্ৰেছ জিন্দাবাদ” আৰু “কাৰ্তিক চন্দ্ৰ কুৰ্মী জিন্দাবাদ” শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। উক্ত কাৰ্যসূচীত প্ৰায় পঞ্চাশজনৰো অধিক লোকে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে, যি নিৰ্বাচনৰ পূৰ্বে দলটোৰ বাবে এক উল্লেখযোগ্য দিশ বুলি বিবেচিত হৈছে। নিজৰ ভাষণত কাৰ্তিক চন্দ্ৰ কুৰ্মীয়ে বিজেপিৰ নেতা কৃষ্ণ কমল তাঁতীক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে বিগত দহ বছৰত ৰঙাপৰা সমষ্টিত স্বাস্থ্য খণ্ডত উল্লেখযোগ্য পৰিৱৰ্তন দেখা নাপোৱা গৈছে। তেওঁ অভিযোগ কৰে যে বহু সময়ত স্বাস্থ্য কেন্দ্ৰত চিকিৎসক উপস্থিত নাথাকে। তেওঁ লগতে কয় যে , চৰকাৰে চৰকাৰী বিদ্যালয় বন্ধ কৰি মদৰ দোকান মুকলি কৰিছে বুলিও অভিযোগ কৰে। চাহ বাগিচা অঞ্চলত ৰূপায়ণ কৰা জল জীৱন মিছনৰ অধীনতো ৰাইজে বিশুদ্ধ খোৱা পানী লাভ নকৰা বুলিও তেওঁ মন্তব্য কৰে।
ৰঙাপৰা অঞ্চলত বিভিন্ন মৌলিক সমস্যাৰ অৱস্থানৰ কথা উল্লেখ কৰি কুৰ্মীয়ে উন্নয়নমূলক কাম-কাজত অসন্তুষ্টি প্ৰকাশ কৰে। ইফালে, বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছৰ প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰ কৰি ৰাখিছে।

RELATED ARTICLES
Lucknow
overcast clouds
29.4 ° C
29.4 °
29.4 °
74 %
3.7kmh
85 %
Wed
36 °
Thu
36 °
Fri
35 °
Sat
36 °
Sun
35 °

Most Popular