30.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমকে.বি. পাব্লিক একাডেমীৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন: ’গুণগত শিক্ষাৰ প্ৰসাৰত সমাজৰ প্ৰগতি নিহিত’...

কে.বি. পাব্লিক একাডেমীৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন: ’গুণগত শিক্ষাৰ প্ৰসাৰত সমাজৰ প্ৰগতি নিহিত’ — ডাঃ এ কে শিকদাৰ

কে.বি. পাব্লিক একাডেমীৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন: ’গুণগত শিক্ষাৰ প্ৰসাৰত সমাজৰ প্ৰগতি নিহিত’ — ডাঃ এ কে শিকদাৰ

দূৰ্ণীতিৰ দৰ্পণ সেৱা, ভক্তৰডবা, ২৮ মাৰ্চ: বৰপেটা জিলাৰ হাউলী শিক্ষা খণ্ডৰ অন্তৰ্গত অতিকৈ পিছপৰা অঞ্চল থেকা পাথাৰত অৱস্থিত কে.বি. পাব্লিক একাডেমীৰ উদ্বোধনী অনুষ্ঠান কালি সম্পন্ন হয়৷ বিদ্যালয়খনৰ ফিতা কাটি উদ্বোধন কৰে বিশিষ্ট চিকিৎসক ডাঃ আব্দুল কদ্দুছ শিকদাৰে৷ উদ্বোধনৰ পিছত আয়োজিত মুকলি সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক জয়নাল আবেদিনে৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত সকলোকে স্বাগতম জনাই মুখ্য অতিথি ডাঃ শিকদাৰে কয় যে, “শিক্ষাৰ প্ৰসাৰত সমাজৰ প্ৰগতি নিহিত৷ এই একাডেমীৰ জৰিয়তে থেকা পাথাৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে আধুনিক শিক্ষাৰ সুযোগ পাব৷ ইয়াত কেৱল পাঠ্যপুথিৰ শিক্ষাই নহয়, নৈতিকতা, সংস্কৃতি আৰু সমাজ সেৱাৰ দিশতো গুৰুত্ব দিব লাগিব৷ অভিভাৱকসকলৰ সক্ৰিয় সহযোগিতা এই যাত্ৰাত অতি প্ৰয়োজনীয়৷ “ উক্ত সভাত কে.বি. পাব্লিক একাডেমী পৰিচালন সমিতিৰ সভাপতি আলী আকবৰ আহমেদ, অৱসৰপ্ৰাপ্ত শিক্ষক মফিজুদ্দিন আহমেদ, স্থানীয় শিক্ষাবিদ ক্ৰমে সঞ্জয় পাটোৱাৰী, কুইন ওজা, অমূল্য বৰ্মন, বিজ্ঞান শিক্ষক নুৰুল ইছলাম, আব্দুছ ছেলিম, আনোৱাৰ হুছেইন, সমাজকৰ্মী মৰ্তুজ আলী আদি গণ্য-মান্য ব্যক্তিসকলে উপস্থিত থাকি শোভা বৰ্ধন কৰে৷ শিক্ষক ছায়দুৰ ইছলামে পৰিচালনা কৰা সভাৰ উদ্দেশ্য আৰু লক্ষ্যৰ ওপৰত চমু আলোকপাত কৰে জমছেৰ আলী আহমেদে৷ উক্ত অনুষ্ঠানত স্থানীয় শিক্ষয়িত্ৰী কুইন ওজাই গীতৰ শৰাই আগবঢ়াই সকলোকে আপ্লুত কৰে৷ অনুষ্ঠানৰ শেষৰ ফালে প্ৰধান শিক্ষক মনোৱাৰ হুছেইনে ধন্যবাদ জ্ঞাপন কৰোঁতে কয়, “সকলোৰে সহযোগত আৰম্ভ কৰা এই পৱিত্ৰ কামৰ লক্ষ্য হ’ব এটা আদৰ্শ শিক্ষা কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা৷ আগলৈ মাহিলী সন্মিলন, পিতৃ-মাতৃ সভা আৰু শিক্ষামূলক কাৰ্যসূচীৰ জৰিয়তে সম্পৰ্ক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ “

RELATED ARTICLES
Lucknow
overcast clouds
28.2 ° C
28.2 °
28.2 °
76 %
2.1kmh
97 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
34 °
Sat
34 °

Most Popular