জাগী ভকতগাঁৱত অসম আবৃত্তি- সংস্কৃতি পৰিষদৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উদ্ যাপন , বহুভাষিক কবি ৰাজুমনি শইকীয়াৰ গ্ৰন্থ ‘কৈকেয়ী’ উন্মোচন
দুৰ্নীতিৰ দৰ্পণ, জাগীৰোড, ২৯ মাৰ্চ :- অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ তৃতীয় প্ৰতিষ্ঠা দিৱস আৰু সুধাকণ্ঠলৈ জাতিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ তৃতীয় কাৰ্যসূচী মৰিগাঁও জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত,জাগী ভকতগাঁও শাখাৰ সহযোগত আজি জাগী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে মৰিগাঁও জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সভাপতি ড° উৎপল নাথে। সুধাকণ্ঠৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি নিৱেদন কৰে কৰে জাগী ভকতগাঁও শাখা সাহিত্য সভাৰ সভানেত্ৰী মিনতি দেৱীয়ে। ইয়াৰ পিছতেই ড° উৎপল নাথৰ সঞ্চালনাত অনুষ্ঠিত হয় আবৃত্তি, গ্ৰন্থ উন্মোচনী আৰু মুকলি সভা। মৰিগাঁও জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সাধাৰণ সম্পাদক নজৰুল ইছলামে উদ্দেশ্য ব্যাখ্যা কৰা সভাত বহুভাষিক কবি ৰাজুমনি শইকীয়াৰ গ্ৰন্থ ‘কৈকেয়ী’ উন্মোচন কৰে জাগী ভকতগাঁও শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হীৰেন শৰ্মাই। গ্ৰন্থখন উন্মোচন কৰি তেওঁ কয় যে কৈকেয়ী চৰিত্ৰক উপজীৱ্য হিচাপে লৈ ৰচিত গ্ৰন্থখনে পাঠকৰ মনত নতুন চিন্তাৰ বাট মুকলি কৰিব। সভাত বহুভাষিক কবি ৰাজুমনি শইকীয়া, কলং-কপিলী শাখা কবি সন্মিলনৰ সভাপতি ৰণ্টুমণি শইকীয়া, কবি- লেখিকা তৃষ্ণা গগৈ, মায়ং শিক্ষক ক্ৰীড়া সংঘৰ সভাপতি বিপুল ৰাজকোঁৱৰ, মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন পত্ৰিকা সম্পাদক জয়ন্ত সাগৰ শইকীয়া, মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰকাশন সচিব নিকুঞ্জ মোহন শৰ্মা, কবি- লেখিকা সুমিত্ৰা ডেকা, শিল্পী লাচিত ডেকা, জাগী ভকতগাঁও শাখাৰ সভানেত্ৰী নিজৰা শইকীয়া, সম্পাদক ৰিজু শৰ্মা, সাংবাদিক মণ্টু কুমাৰ মেধি, চানু গগৈ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে কবিতা আবৃত্তি অনুষ্ঠানত জাগী ভকতগাঁও শাখা সমিতিৰ সদস্যসকলে আবৃত্তি ৰত্ন ড° অমৰ জ্যোতি চৌধুৰীৰ ‘মৃত্যু জিনাৰ গান’ সমূহীয়াভাৱে আবৃত্তি কৰি সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি নিৱেদন কৰে।জাগী ভকতগাঁও শাখা সাহিত্য সভাৰ সম্পাদক হিমু বৰা আৰু কবি ৰাজীৱ চহৰীয়াই আঁতধৰা অনুষ্ঠানটিত উমাকান্ত ডেকাৰজা, ৰাখী দে’, পিংকী শইকীয়া, অঞ্জু বৈশ্য, পৰিণীতা ভূঞা, লিজা ডেকা, প্ৰিন্সিপিয়া ডেকা প্ৰমুখ্যে কেইবাগৰাকীও আবৃত্তিকাৰে কবিতা আবৃত্তি কৰে।

