মাৰ্ঘেৰিটাত SVEEP কোষৰ উদ্যোগত ১৮+ যুৱক যুৱতীৰ মাজত সজাগতা সভা
দুৰ্নীতিৰ দৰ্পণ, মাৰ্ঘেৰিটা, ৩০ মাৰ্চঃ সমাগত অসম বিধানসভা নিৰ্বাচন ২০২৬ ৰ পৰিপ্ৰেক্ষিতত তিনিচুকীয়া নিৰ্বাচনী জিলাত SVEEP(প্ৰণালীবদ্ধ শিক্ষা আৰু নিৰ্বাচকৰ অংশগ্ৰহণ) কোষৰ উদ্যোগত ভোটাৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী চলাই থকা হৈছে৷ জিলাখনৰ ১৮+ ভোটাৰসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে তথা ৯ এপ্ৰিল তাৰিখে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে আজি মাৰ্ঘেৰিটা মহাবিদ্যালয়ত SVEEP কোষৰ উদ্যোগত স্বাক্ষৰ অভিযানৰ আয়োজন কৰাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলক শপতবাক্য পাঠ কৰোৱাৰ লগতে সজাগতা সভাৰ আয়োজন কৰা হয়৷ উক্ত ভোটাৰ সজাগতা সভাত ভাৰতীয় নিৰ্বাচনী আয়োগে নিয়োগ কৰা তিনিচুকীয়া নিৰ্বাচনী জিলাৰ মাকুম, ডিগবৈ আৰু মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ সাধাৰণ পৰ্যাবেক্ষক মিতালী নামচুম উপস্থিত থাকে৷ সাধাৰণ পৰ্যবেক্ষকগৰাকীয়ে ছাত্ৰ- ছাত্ৰীসকলক সম্বোধন কৰি গণতান্ত্ৰিক দেশত ভোটদানক মৌলিক অধিকাৰ আৰু দায়িত্ব হিচাপে গুৰুত্ব দিবলৈ আহ্বান জনায়৷ তেওঁ প্ৰতিগৰাকী যোগ্য ছাত্ৰ-ছাত্ৰীকে এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উপদেশ দিয়ে৷ তেখেতে যুৱক-যুৱতীসকলক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি দেশলৈ “পৰিৱৰ্তন আনিবলৈ” উৎসাহ দিয়ে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ পিতৃ-মাতৃ আৰু বয়োজ্যেষ্ঠসকলকো নিজৰ ভোট দানৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বন জনায়৷ আজিৰ সজাগতা সভাত মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অতনু কাকতি, মাৰ্ঘেৰিটা সম জিলাৰ সহকাৰী আয়ুক্ত প্ৰীতিৰেখা গগৈ আৰু সুমন শইকীয়া, শ্ৰম বিষয়া সুভম আগৰৱাল প্ৰমুখ্যে অধ্যাপক-অধ্যাপিকাসকল আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷ SVEEP কোষৰ সদস্য পদ্মিনী তামোলিয়ে আতঁধৰা অনুষ্ঠানটিত মাৰ্ঘেৰিটাৰ মহকুমা তথ্য আৰু জনসংযোগ বিষয়া গুৰমিত চুৰীয়ে শলাগৰ শৰাই আগবঢ়ায়৷ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অতি উৎসাহেৰে এই স্বাক্ষৰ অভিযানত অংশগ্ৰহণ কৰে আৰু নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ উৎসাহ প্ৰকাশ কৰে৷

