30 C
New Delhi
Friday, August 21, 2026
spot_img
Homeঅসমজাগীৰোডত বিজেপিৰ বৃহৎ সংকল্প যাত্ৰা, মেদ ইন ইন্দিয়া নহয়, হ’ব মেদ ইন...

জাগীৰোডত বিজেপিৰ বৃহৎ সংকল্প যাত্ৰা, মেদ ইন ইন্দিয়া নহয়, হ’ব মেদ ইন আছাম – নীতিন নবীন

জাগীৰোডত বিজেপিৰ বৃহৎ সংকল্প যাত্ৰা, মেদ ইন ইন্দিয়া নহয়, হ’ব মেদ ইন আছাম – নীতিন নবীন

দুৰ্নীতিৰ দৰ্পণ, জাগীৰোড, ৩০ মাৰ্চ: – ষোড়শ অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন থকাৰ সময়তে ৰাজনৈতিক দলসমূহে নিজৰ সাধ্যানুসাৰে প্ৰচাৰ কাৰ্য তুংগত কৰি তোলা পৰিলক্ষিত হৈছে৷ সমান্তৰালকৈ প্ৰতিকূল বতৰৰ মাজতো সোমবাৰে জাগীৰোডত অনুষ্ঠিত বিশাল জনসভাত দেখা গ’ল এক জনসমুদ্ৰ৷ ৫২ নং জাগীৰোড বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পীয়ুষ হাজৰিকা আৰু মিত্ৰ জোঁটৰ প্ৰাৰ্থীসকলৰ হৈ বিশাল জনসভা সম্বোধন কৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীনে৷ জাগীৰোডৰ দেওশাল চাৰিভাই শিৱ মন্দিৰৰ সমীপত অনুষ্ঠিত এই সংকল্প যাত্ৰাৰ বিশাল নিৰ্বাচনী সভাখনত প্ৰায় বিশ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰি যুৱ নেতা গৰাকীক উষ্ম আদৰণি জনায়৷ ভাষণ প্ৰসংগত তেওঁ নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ বাবে আগবঢ়োৱা বিভিন্ন উন্নয়নমূলক আঁচনিৰ খতিয়ান দাঙি ধৰে৷ লগতে তেওঁ কয় যে পূৰ্বৰ চৰকাৰৰ দিনত সীমা সুৰক্ষাত নিয়োজিত অত্যন্ত প্ৰহৰী সকল ছহিদ হৈ থকাৰ সময়তো চৰকাৰ দিল্লীত নিমাতে বহি আছিল৷ আজিৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰে দেশৰ এগৰাকী বোৱাৰীৰ সেন্দূৰলৈ ভাবুকি আহিলেই “ইট কা জাৱাব পত্থৰ ছে দিয়া জাতা হে৷ “ লগতে টাটা ছেমিকণ্ডাক্টৰৰ প্ৰসংগ উল্লেখ কৰি কয় “এতিয়াৰ পৰা মেদ ইন ইন্দিয়াৰ সলনি হ’ব মেদ ইন আছাম৷ অসমৰ সামগ্ৰী ব্যৱহাৰ কৰিব বিশ্ববাসীয়ে৷ “ এনেদৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীনে৷ একেদৰে আদৰণি ভাষণ ৰাখি জাগীৰোড সমষ্টিৰ প্ৰাৰ্থী পীয়ুষ হাজৰিকাই অসমৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত পুনৰবাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক আশীৰ্বাদ দিবলৈ ৰাইজক গোহাৰি জনায়৷ বিশাল ৰাজনৈতিক জনসভাখনত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰতিটো বুথৰ দলীয় কৰ্মী সকলক আগন্তুক দহটা দিন অধিক কষ্ট কৰি আটাইকেইগৰাকী বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত কৰিবলৈ আহ্বান জনায়৷ লগতে নিজৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত থকা আমাৰ মাহী, পেহী, খুলশালী আনকি শালপতি সকলকো হাতী বা পদুমৰ ছবিত ভোট দিবলৈ ক’ব লাগিব বুলি কৈ ১২৬টা সমষ্টিৰ ভিতৰতে পীয়ুষ হাজৰিকাই ভোট লাভৰ ক্ষেত্ৰত প্ৰথম বা দ্বিতীয় স্থান পোৱাটো নিশ্চিত বুলি উল্লেখ কৰে৷ আনহাতে এই বিশাল জনসভাত উপস্থিতি থাকে মৰিগাঁও, ধিং, লাহৰীঘাট, ৰহা, ডিমৰীয়া আদি সমষ্টিৰ প্ৰাৰ্থীসকল৷ ইফালে ৫৪ নং মৰিগাঁও বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়েও হাস্যৰসপূৰ্ণ বক্তব্যৰ মাজেৰে সকলো দলীয় কৰ্মীক প্ৰেৰণা যোগায়৷ তেওঁ কয় যে আৰু মাত্ৰ ৯টা দিন বাকী আছে৷ এইকেইদিন ভালকৈ কষ্ট কৰ আৰু আগন্তুক পাঁচ বছৰ বহি বহি খা৷

RELATED ARTICLES
Lucknow
broken clouds
30 ° C
30 °
30 °
89 %
2.6kmh
61 %
Fri
36 °
Sat
36 °
Sun
32 °
Mon
33 °
Tue
36 °

Most Popular