32 C
New Delhi
Friday, August 21, 2026
spot_img
Homeৰাষ্ট্ৰীয়মাণ্ডাৰদিছাত ৰেলত শিলগুটি নিক্ষেপ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ এজন যুৱক

মাণ্ডাৰদিছাত ৰেলত শিলগুটি নিক্ষেপ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ এজন যুৱক

মাণ্ডাৰদিছাত ৰেলত শিলগুটি নিক্ষেপ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ এজন যুৱক

হাফলঙ, পিএন চি, ৩০ মাৰ্চ: ৰেল সুৰক্ষা বাহিনীয়ে দেওবাৰে এখন যাত্ৰীবাহী ৰে’ল লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাৰ অভিযোগত এজন যুৱকক গ্ৰেপ্তাৰ কৰে৷ ধৃত এই যুবক মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত দুৰাবন্ধী বিল গাঁৱৰ বাসিন্দা আৰু নাম আমজাদ আলী (২৬) ৷ ডিমা হাছাও জিলাৰ মান্দৰদিছা আৰু লামডিং ৰে’ল জঙশনৰ মাজত ১৩১৭৬ আপ শিলচৰ –শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছত ২৯ মাৰ্চত এই নিক্ষেপ সংঘটিত হৈছিল৷ ঘটনাৰ পিছতে ৰে’ল আইনৰ ১৫৩ নং ধাৰাত (কেছ নং ২৭/২০২৬) এটা গোচৰ ৰুজু কৰা হয়৷ গোচৰৰ তদন্তৰ ভিত্তিত দেওবাৰে আৰ পি এফ আউটপোষ্ট মাণ্ডাৰদিছাৰ কাৰ্যবাহী বিষয়া এ এছ আই চিএছ দাসে অভিযুক্ত আমজাদ আলীক আটক কৰে৷ আৰ পি এফৰ সূত্ৰই আৰু জনোৱা মতে, সকলো প্ৰয়োজনীয় আইনী আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পিছত গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক গোচৰৰ নথি-পত্ৰৰ সৈতে হাফলঙৰ বিশেষ ৰে’লৱে দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হয়৷

RELATED ARTICLES
Lucknow
broken clouds
30 ° C
30 °
30 °
89 %
2.6kmh
61 %
Fri
36 °
Sat
36 °
Sun
32 °
Mon
33 °
Tue
36 °

Most Popular