নলবাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ৰণডংকা, বৰক্ষেত্ৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী নাৰায়ণ ডেকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ
ষ্টাফৰিপোৰ্টাৰ দুৰ্নীতিৰ দৰ্পন নলবাৰী ৩১মাৰ্চ: – আজি নলবাৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলায় নিৰ্বাচনী প্ৰচাৰ৷ বৰক্ষেত্ৰী সমষ্টিৰ কালাগত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী নাৰায়ণ ডেকাৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত বিজয় সংকল্প সমাবেশত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম উন্নয়নৰ দিশেৰে গতি কৰিছে৷ অসমত ৩৫খন মেডিকেল কলেজ হ’ব, ৩৫খন ইঞ্জিনিয়াৰিং কলেজ হব ব্ৰহ্মপুত্ৰত ইমান দলং হ’ব বুলি কোনে ভাবিছিল বুলিও মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে৷ এতিয়া অসমত তেজৰ ৰঙে নহয় হোলিৰ ৰঙে নৱজাগৰণ আনিছে বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমে এক নতুন ইতিহাসলৈ গতি কৰিছে৷ যোৱা বিধান সভাৰ নিৰ্বাচনত আমি বৰক্ষেত্ৰীত পৰাজিত হৈছিলো কিন্ত এইবাৰ সমষ্টি ভাগ হল গতিকে এইবাৰ নাৰায়ণ ডেকাক জিকাবই লাগিব বুলিও মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে৷ শ্বহীদ মুকুন্দ কাকতি মহামহোপাধ্যায় ধীৰেশ্বৰ আচাৰ্যলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভাষণ প্ৰদান কৰা মুখ্যমন্ত্ৰীয়ে চাকৰি নিকা পদ্ধতিৰে দিম বুলি কওঁতে আগতে মোক হাঁহিছিল বুলি ব্যক্ত কৰি আজি ১ লাখ ৬৫ হাজাৰক চাকৰি দিলোঁ আৰু এক টকা নোহোৱাকৈ যুৱক যুৱতীয়ে চাকৰি পালে বুলি মন্তব্য কৰে৷ এইবাৰ বিজেপি চৰকাৰ আহিলে দুই লাখ লোকক চৰকাৰী চাকৰি দিম বুলি মন্তব্য কৰি ৭৫ হাজাৰক নতুনকৈ শিক্ষকৰ চাকৰি, ২৫ হাজাৰক আৰক্ষীৰ চাকৰি দিম বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই৷ কংগ্ৰেছক ভোট দিলে অৰুনোদই নাপায়, চৰকাৰ বিজেপিৰে হ’ব বুলি মন্তব্য কৰি বৰক্ষেত্ৰীত হাতৰ ছবি নতুন বোৱাৰীৰ দৰেই ৰাখিব লাগিব বুলিও তীৰ্যক মন্তব্য কৰে৷ আনহাতে যোৱা পাঁচ বছৰ মই গমেই নাপালোঁ দিগন্ত বৰ্মন যে বিধায়ক আছিল বুলি মন্তব্য কৰি দিগন্ত বৰ্মন ভাল মানুহ মনে মনে থাকে৷ কথাই নকয় বুলিও মন্তব্য কৰে৷ আনহাতে আগন্তুক দিনত বিজেপিৰ চৰকাৰ গঠন হোৱাৰ ছয় মাহৰ ভিতৰত দুখুটিমুখৰ শ্লুইছ গেটৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হব কমাৰকুছি আৰক্ষী চকী দুই মাহতে আৰক্ষী থানালৈ উন্নীত কৰা হ’ব আৰু বৰভাগত ছয়মাহৰ ভিতৰত অগ্নিনিৰ্বাক বাহিনীৰ শাখা স্থাপন কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ ইপিনে লক্ষণীয় ভাবে আজি ভাষণ প্ৰদান কৰা সময়ত ধৰ্মীয় সংখ্যালঘু বা মিঞা সম্পৰ্কত একো এটি শব্দ নকলে মুখ্যমন্ত্ৰীয়ে৷ সমগ্ৰ অসমৰ নিৰ্বাচনী সভাত মিঞা শব্দৰ লগতে উচ্ছেদ অভিযান চলোৱা মিঞাৰ কামিহাড় ভঙা কথাৰে নিৰ্বাচনী বতাহ গৰম কৰা মুখ্যমন্ত্ৰী আজি মিঞা সম্পৰ্কত একেবাৰেই নৰম৷ আচলতে প্ৰায় ৯৫ হাজাৰ ধৰ্মীয় সংখ্যালঘু ভোটাৰক অসন্তুষ্ট কৰিব নিবিচৰাৰ বাবেই এই সম্পৰ্কত একেবাৰেই নৰম মুখ্যমন্ত্ৰী৷ আনহাতে নদুৱাৰত কোনো হিংসাত্মক ঘটনা হোৱা নাই বুলি মন্তব্য কৰি কংগ্ৰেছক এতিয়া একো কথাতে বিশ্বাস কৰিব নোৱাৰি বুলিও মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে৷ মেডিকেল প্ৰেচকিপছন মুখ্যমন্ত্ৰীৰ হাতত থকা বুলি কৈ নদুৱাৰত হিংসাত্মক ঘটনাক লৈ মন্তব্য কৰিলে এইদৰে৷ এই বিজয় সংকল্প সমাবেশত নলবাৰীৰ প্ৰাক্তন বিধায়িকা অলকা দেশাই শৰ্মাই ভাষণ প্ৰদান কৰাৰ লগতে নাৰায়ণ ডেকাই আদৰণি ভাষণ প্ৰদান কৰে৷ সভাত হাৰিয়ানাৰ মন্ত্ৰী মহিপাল ধাণ্ডাও উপস্থিত থাকে৷

