40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমচৰাইদেউ জিলাৰ সোণাৰিৰ কেইজনমান ছাত্র-ছাত্রীয়ে আৰম্ভ কৰা জাগৰণ দ্য ৰাইজিং চান আৰু...

চৰাইদেউ জিলাৰ সোণাৰিৰ কেইজনমান ছাত্র-ছাত্রীয়ে আৰম্ভ কৰা জাগৰণ দ্য ৰাইজিং চান আৰু বালার্ক ত্রৈমাসিক পত্রিকাই

চৰাইদেউ জিলাৰ সোণাৰিৰ কেইজনমান ছাত্র-ছাত্রীয়ে আৰম্ভ কৰা জাগৰণ দ্য ৰাইজিং চান আৰু বালার্ক ত্রৈমাসিক পত্রিকাই সদৌ তাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ মহকুমা সমিতিৰ সৈতে জড়িত হৈ এখনি বিশাল অনুষ্ঠানৰ আয়োজন কৰিছোঁ। উক্ত খবৰটি প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ কাষলৈ লৈ যাবলৈ আপোনালোকৰ সহায়ৰ প্ৰয়োজন। তলৰ বাতৰিটি হুবহু প্ৰকাশ কৰি কৃতাৰ্থ কৰে যেন।

ধন্যবাদ সহকাৰে

প্ৰজ্ঞান জ্যোতি ভূঞা
বাস্তৱ বড়া
বিমল ফুকন

মথুৰাপুৰ, ১ এপ্ৰিলঃ জাগৰণ দ্য ৰাইজিং চান, শিশু আৰু কিশোৰৰ ত্ৰৈমাসিক পত্ৰিকা বালাৰ্ক আৰু সদৌ তাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ মহকুমা সমিতিৰ যৌথ উদ্যোগত ২৬ এপ্ৰিল তাৰিখে শিৱসাগৰৰ যুৱদলত SAPIENTIA 2.0 শীৰ্ষক এখনি অসম ভিত্তিত স্কুল কুইজ প্ৰতিযোগিতা আৰু সম্ভাৱনাৰ সঁফুৰা শীৰ্ষক এখনি বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। দ্বাদশ শ্ৰেণীলৈকে অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰিব পৰা উক্ত কুইজ প্ৰতিযোগিতাখনিত সৰ্বমুঠ ৩২,০০০ টকাৰ প্ৰাইজমানি ধাৰ্য্য কৰা হৈছে। পুৱা ১০.৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত সৰ্বমুঠ আঠটি দলক নগদ ধন আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হ’ব। ইয়াৰ লগতে ষষ্ঠ শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হৈছে এখনি লিখিত কুইজ প্ৰতিযোগিতা। এই লিখিত কুইজ প্ৰতিযোগিতাত শ্ৰেষ্ঠ তিনিটা দলক সৰ্বমুঠ ৩,০০০ টকা আৰু মানপত্রৰে পুৰস্কৃত কৰা হ’ব। প্ৰতিযোগিতাখনিৰ অন্তত ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ এখনি বক্তৃতানুষ্ঠানৰো আয়োজন কৰা হৈছে। এই বক্তৃতানুষ্ঠানটিত সকলো বয়সৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব।বক্তৃতাৰ বিষয় হিচাপে নিৰ্বাচন কৰা হৈছে “সামাজিক মাধ্যম আৰু কৃত্রিম বুদ্ধিমত্তাৰ যুগত শিক্ষার্থীৰ শৈক্ষিক আৰু মানৱীয় উত্তৰণ- প্রত্যাহ্বান আৰু সম্ভাবনা”। এই বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰবক্তা প্ৰাঞ্জল বুঢ়াগোহাঁই। এই বক্তৃতানুষ্ঠানতে উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি বসন্ত গোস্বামী, ৰাজ্য সভাৰ সাংসদ যোগেন মহন, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ তপন কুমাৰ গগৈ, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈকে আদি কৰি বহু কেইগৰাকী গণ্যমান্য ব্যক্তি। উক্ত প্ৰতিযোগিতাখনিৰ লগতে বক্তৃতানুষ্ঠানটিত অংশগ্ৰহণ কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে বিশদ বিৱৰণৰ বাবে ৯৯৫৭৬৬৫৯৫০/৬০০০১৪০০৬৬/৯৮৬৪৬৯৩৭০২ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular