39.1 C
New Delhi
Thursday, April 16, 2026
spot_img
Homeঅসমৰামদিয়াত বিজেপি মিত্ৰজোটৰ অগপৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই...

ৰামদিয়াত বিজেপি মিত্ৰজোটৰ অগপৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই– হাটী মানে পদুম, পদুম মানেই হাটী–জয়ন্তমল্ল বৰুৱা

ৰামদিয়াত বিজেপি মিত্ৰজোটৰ অগপৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই– হাটী মানে পদুম, পদুম মানেই হাটী–জয়ন্তমল্ল বৰুৱা

ষ্টাফ ৰিপৰ্টাৰ দুৰ্নীতিৰ দৰ্পণ হাজো, ৪ এপ্ৰিল: ৰাজ্য বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৩০নং হাজো-শুৱালকুচি বিধানসভা সমষ্টিৰ ৰাজনৈতিক পৰিৱেশ ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছে৷ সমষ্টিটোত আজি বিজেপি মিত্ৰজোটৰ অগপৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই৷ হাজো-শুৱালকুচি সমষ্টিৰ ৰামদিয়াত আয়োজিত বিশাল নিৰ্বাচনী সভাত এনডিএৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়৷ এই বিশাল নিৰ্বাচনী সভাত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ভাষণত কয় হাজো-শুৱালকুচি সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত প্ৰকাশ চন্দ্ৰ দাসৰ সমৰ্থনত হাটীৰ ছৱিত ভোট দি জয়যুক্ত কৰিব লাগিব৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সুদক্ষ নেতৃত্বত অসমৰ চৌদিশে উন্নয়নৰ জোৱাৰ নামিছে৷ ইখনৰ পিছত সিখনকৈ নতুনকৈ দলং নিৰ্মাণ হৈছে৷ অসমত উন্নয়নৰ ধাৰা দ্ৰুততম ৰূপত বিকশিত হৈছে৷ তেওঁ পুনৰ কয় হাটী মানেই পদুম, পদুম মানেই হাটী৷ গতিকে হাজো-শুৱালকুচি সমষ্টিৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসক হাটীৰ ছৱিত ভোটাধিকাৰ সাব্যস্ত কৰাটো অতিকৈ প্ৰয়োজন৷ তেওঁ পুনৰ কয় জাতিৰ সুৰক্ষাৰ বাবে আমি সকলোৱে কাম কৰিব লাগিব৷ অসমৰ প্ৰতিজন খিলঞ্জীয়া লোকক সুৰক্ষিত কৰিব লাগিব৷ প্ৰতিটো পৰিয়ালক সুৰক্ষিত কৰিব লাগিব৷ ৰেচন কাৰ্ড হৈছে পৰিয়াল সমূহৰ একমাত্ৰ সুৰক্ষা কৱছ৷ অৰুণোদয় আচনিৰ হিতাধিকাৰী সকলক অধিক উন্নয়নৰ দিশত আগবাঢ়াই নিয়া হব৷ এই নিৰ্বাচনী সভাত কংগ্ৰেছৰ দিনৰ সূতা, কম্বল, ধুতি, লুঙী দিনৰ উকলি গৈছে৷ মহিলা সকলক আত্মনিৰ্ভৰশীল কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদায়েই নেতৃত্ব লৈ আহিছে৷ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি তেওঁ কয় হাজো-শুৱালকুচি সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থীক এশ শতাংশই বিদায় দিব লাগিব৷ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই যোৱা দিনবোৰত সমষ্টিটোৰ বিভিন্ন অঞ্চলত হোৱা পথ-ঘাট, শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ উন্নয়নমূলক কাম-কাজৰ খতিয়ান ৰাইজৰ আগত ডাঙি ধৰে৷ ​কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিসমূহৰ সফল ৰূপায়ণৰ বিষয়ে তেওঁ অৱগত কৰে৷ আগন্তুক প্ৰতিযোগিতাৰ যুগত আগুৱাই যাবলৈ ভাৰত বৰ্ষৰ ভিতৰতে শক্তিশালী সমষ্টি হিচাপে পৰিচিত হব পাৰে এই লক্ষেৰে বিধনসভা নিৰ্বাচনত আপোনালোক মিত্ৰজোটৰ লগত জড়িত হবই লাগিব৷ কাৰণ উঠি অহা যুৱক যুৱতী সকলক নৰেন্দ্ৰ মোদীৰ অমৃত কাল যাত্ৰাত ভাৰতবৰ্ষক বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত সহায়ক হব৷ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই বিজেপিক ভোট দিবলৈ আহ্বান জনায় কয় বিজেপি থাকিলেহে অসমীয়া জাতীয় জীৱনৰ অস্তিত্ব ৰক্ষাহৈ থাকিব বুলিও উল্লেখ কৰে৷ নিৰ্বাচনী সভাত হাজো-শুৱালকুচি বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ অগপৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসে কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসে হাজোৰ জনতাক মিছাতে হাজোৰ বোৱাৰী বুলি কৈ চৰম মিথ্যচাৰৰ আশ্ৰয় লৈছে৷ বকো সমষ্টিৰ বাট পথৰ গাঁত মাৰিবলৈ সক্ষম নোহোৱা কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসক নিৰ্বাচনত যোগ্য প্ৰতুত্বৰ দিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায়৷ এই নিৰ্বাচনী সভাত মনসা সাধক প্ৰমোদ বেজবৰুৱা, হাজো মণ্ডল বিজেপিৰ সভানেত্ৰী দিপাঞ্জলী ভৰালী, নিৰ্বাচনী সমিতিৰ সভাপতি বিপুল দাস, দিলীপ শৰ্মা, নৱদ্বীপ কলিতা, হাজো সমষ্টিৰ প্ৰাক্তন বিধায়ক নুৰুল হুছেইন, অগপৰ হাজো-শুৱালকুচি বিধান পৰিষদৰ সভাপতি বলি কলিতা উপস্থিত থাকে৷

RELATED ARTICLES
Lucknow
haze
38 ° C
38 °
38 °
37 %
3.1kmh
5 %
Thu
37 °
Fri
42 °
Sat
44 °
Sun
45 °
Mon
44 °

Most Popular