31.1 C
New Delhi
Thursday, April 16, 2026
spot_img
Homeঅসমনিৰ্বাচনী সতৰ্কতা- নগাঁৱত ৰাজপথত সদলবলে ডিচি-এছপিৰ পদ-যাত্ৰা

নিৰ্বাচনী সতৰ্কতা- নগাঁৱত ৰাজপথত সদলবলে ডিচি-এছপিৰ পদ-যাত্ৰা

নিৰ্বাচনী সতৰ্কতা- নগাঁৱত ৰাজপথত সদলবলে ডিচি-এছপিৰ পদ-যাত্ৰা

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ৬ এপ্ৰিল: নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলাৰ শান্তি-শৃংখলা অটুট ৰখা তথা জনসাধাৰণৰ মাজত নিৰাপত্তাৰ ধাৰণা সুদৃঢ় কৰাৰ উদ্দেশ্যে আজি জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ প্ৰত্যক্ষ নেতৃত্বত চহৰখনৰ সদৰ থানাৰ পৰা ষ্টেডিয়াম বজাৰ হৈ বিভিন্ন গুৰুত্বপূৰ্ণ তথা স্পৰ্শকাতৰ স্থানসমূহত এক বিশেষ পথ নিৰীক্ষণ আৰু এলাকা আধিপত্য কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰা হয়। সমগ্ৰ নগৰখনৰ লগতে জিলাখনত এক সুস্থিৰ আৰু শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰখাৰ লগতে যিকোনো ধৰণৰ অসামাজিক তথা অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাৰ্তা দি ৰূপায়ণ কৰা এই বিশেষ পথ নিৰীক্ষণ আৰু এলাকা আধিপত্য কালত জিলাখনৰ উচ্চপদস্থ বিষয়া দুগৰাকীয়ে আৰক্ষী প্ৰশাসনৰ সৈতে বিভিন্ন স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু জনসাধাৰণৰ সৈতে ঠায়ে ঠায়ে বাৰ্তালাপো কৰে। উল্লেখযোগ্য যে, প্ৰায় প্ৰতিদিনে জিলাখনত প্ৰশাসন আৰু আৰক্ষীৰ দুই মূৰব্বীয়ে জিলাখনৰ সকলো প্ৰান্তত, বিশেষকৈ স্পৰ্শকাতৰ এলেকাত এনেদৰে পদ-যাত্ৰা কৰি ৰাইজৰ মনত নিৰাপত্তাৰ ভাব সুদৃঢ় কৰাৰ প্ৰয়াস চলাই থকা পৰিলক্ষিত হৈছে।

RELATED ARTICLES
Lucknow
haze
29 ° C
29 °
29 °
30 %
1kmh
6 %
Thu
32 °
Fri
42 °
Sat
45 °
Sun
45 °
Mon
44 °

Most Popular