36.1 C
New Delhi
Thursday, April 16, 2026
spot_img
Homeঅসমনিৰ্বাচনক কেন্দ্ৰ কৰি নগাঁৱত নিৰাপত্তা বিষয়ক উচ্চ স্তৰীয় বৈঠক , সকলো নিয়ম...

নিৰ্বাচনক কেন্দ্ৰ কৰি নগাঁৱত নিৰাপত্তা বিষয়ক উচ্চ স্তৰীয় বৈঠক , সকলো নিয়ম কঠোৰভাবে পালনৰ নিৰ্দেশ

নিৰ্বাচনক কেন্দ্ৰ কৰি নগাঁৱত নিৰাপত্তা বিষয়ক উচ্চ স্তৰীয় বৈঠক , সকলো নিয়ম কঠোৰভাবে পালনৰ নিৰ্দেশ

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ৬ এপ্ৰিল: চলিত বিধানসভা নিৰ্বাচনৰ নিৰাপত্তা বিষয়ক লৈ অতি তৎপৰ হৈ পৰিছে নগাঁও জিলা প্ৰশাসন। নিৰাপত্তাৰক্ষী বাহিনী সমূহকলৈ ইখনৰ পিছত সিখনকৈ বৈঠক আৰু পদ-যাত্ৰা কৰি জিলাখনত শান্তি শৃংখলা বজাই ৰখাৰ আপ্ৰাণ প্ৰচেষ্টা চলাইছে জিলা প্ৰশাসনে। তাৰেই অংশ হিচাপে আজি আবেলি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, দণ্ডাধীশ শাখাৰ অতিৰিক্ত আয়ুক্ত, ৰহা আৰু কলিয়াবৰৰ সম-জিলা আয়ুক্তসকলৰ উপৰিও জিলাখনত নিয়োজিত কেন্দ্ৰীয় নিৰাপত্তাৰক্ষী বাহিনীসমূহৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে। সভাত জিলাখনৰ সামগ্ৰিক আইন-শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা কৰা হয় আৰু অধিক স্পৰ্শকাতৰ অঞ্চলসমূহত কেন্দ্ৰীয় বাহিনীৰ মোতায়েন বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। তদুপৰি, অহা ৯ এপ্ৰিলত হ’বলগীয়া ভোটগ্ৰহণৰ সময়ত নিৰ্বাচনৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰীৰ বাহিৰে আন কোনো লোকে ভোটগ্ৰহণ কেন্দ্ৰলৈ মোবাইল ফোন নিব যাতে নোৱাৰে সেই বিষয়টো নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। তদুপৰি ভোটগ্ৰহণ কেন্দ্ৰৰ ২০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ৰাজনৈতিক দলৰ প্ৰচাৰ কাৰ্যালয় যাতে স্থাপন কৰা নহয় সেই বিষয়টোও গুৰুত্বসহকাৰে ল’বলৈ কোৱা হৈছে। সংবাদ সেৱাৰ বাবে নিৰ্বাচন আয়োগৰ পৰা কৰ্তৃত্ব লাভ কৰা পৰিচয় পত্ৰৰ অবিহনে কোনো সাংবাদিকক ভোটগ্ৰহণ কেন্দ্ৰ বা গণনা কেন্দ্ৰৰ বাতৰি পৰিবেশনৰ অনুমতি প্ৰদান কৰা নহ’ব বুলিও সভাত সিদ্ধান্ত লোৱা হয়। জিলাখনত নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ স্বাৰ্থত জিলাখনৰ সামগ্ৰিক নিৰাপত্তাৰ পৰিবেশ বৰ্তাই ৰখাৰ ওপৰত সভাই মত পোষণ কৰে।

RELATED ARTICLES
Lucknow
haze
29 ° C
29 °
29 °
30 %
1kmh
6 %
Thu
32 °
Fri
42 °
Sat
45 °
Sun
45 °
Mon
44 °

Most Popular