ৰূপহীহাটৰ বৰঘাটৰ আদৰ্শ শিক্ষক নুৰ আহমেদৰ বিয়োগ! অঞ্চলজুৰি শোক
দুৰ্নীতিৰ দৰ্পণ, ৰূপহীহাট-১৬-এপ্ৰিল-ঃকোনো দিন বিদ্যালয় ক্ষতি নকৰা, চাকৰি কালত কোনো দিন ছুটি নোলোৱা এগৰাকী আদৰ্শ শিক্ষকৰ আজি পৰলোকপ্ৰাপ্তি ঘটাত ৰূপহীহাটত শোকৰ ছাঁ পৰিছে৷ বৰঘাট গাঁৱৰ বাসিন্দা আদৰ্শ শিক্ষক নুৰ আহমেদে বৰঘাট মধ্য ইংৰাজী বিদ্যালয়ত চাকৰি জীৱনৰ পাতনি মেলি পাছত অন্যান্য বিদ্যালয়ত দায়িত্ব পালন কৰিছিল৷ শিক্ষকতা কালৰ অধিক সময়েই বৰঘাট মধ্য ইংৰাজী বিদ্যালয়ত অতি নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰিছিল৷ ইয়াৰ পাছত বালিকা আৰু দক্ষিন জিউমাৰী হাইমাদ্ৰাছাৰ পৰা প্ৰধান শিক্ষক হিচাপে ২০২২ চনত অৱসৰ গ্ৰহণ কৰিছিল৷ কৃতী শিক্ষক নুৰ আহমেদে শিক্ষকতা জীৱনত অকল শৈক্ষিক অনুষ্ঠানতে সীমিত দায়িত্ব পালনতে সীমাবদ্ধ নাথাকি গ্ৰামাঞ্চলত শিক্ষাৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবেও প্ৰয়াস কৰিছিল৷ চাকৰি জীৱনত কোনো দিন বিদ্যালয় ক্ষতি নকৰা আৰু ছুটি নোলোৱাৰ বাবে সমগ্ৰ জিলাখনতে শৈক্ষিক মহলত তেখেতৰ দায়িত্ব নিষ্ঠাই চৰ্চা লাভ কৰিছিল৷ ৷ আজি সেই গৰাকী মহান শিক্ষকৰ ৬৯ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে৷ প্ৰয়াত শিক্ষক গৰাকীয়ে আদৰ্শৱান শিক্ষকৰ নিদৰ্শন দাঙি ধৰা বাবে ২০২১ বৰ্ষত এ এন নিউজ চেনেলৰ তৰফৰ পৰা “আদৰ্শ শিক্ষকৰ সন্মান“ লাভ কৰিছিল৷ শিক্ষকতাৰ মাজতে কিছু বছৰ চিআৰচিচি হিচাপেও দায়িত্ব পালন কৰা প্ৰয়াত আহমেদ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ দ্বাৰাও সন্মানিত আৰু সম্বৰ্ধিত হৈছিল৷ শিক্ষকতাক এৰি থাকিব নোৱাৰা প্ৰয়াত আহমেদে অৱসৰ লোৱাৰ পাছতো কেইবাখনো ব্যাক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ সৈতে জড়িত হৈ শিক্ষাৰ পোহৰ বিলাইছিল৷ আজি তেখেতৰ মৃত্যূৰ লগে লগে বিভিন্ন জনে শোক প্ৰকাশ কৰিছে৷ মৃত্যূৰ সময়ত কৃতী শিক্ষক নুৰ আহমেদে পুত্ৰ-কন্যাসহ কেইবাগৰাকী আত্মীয়ক এৰি থৈ যায়৷ চিৰ জীৱন শিক্ষাৰ নামত উচৰ্গিত কৰা শিক্ষকগৰাকীৰ আজি দুপৰীয়া ২ বজাত বৰঘাট মধ্য ইংৰাজী বিদ্যালয় আৰু বৰঘাট ঈদগাহ মাঠত জানাজা নামাজ সম্পন্ন কৰা হয৷

