মাউণ্ট এভাৰেষ্ট ইংলিছ স্কুলৰ শিক্ষাৰ্থী এশ শতাংশ উত্তীৰ্ণ, পৰীক্ষা কেন্দ্ৰৰ ভিতৰত ৮৫%শতাংশ নম্বৰ লাভ কৰি উজজিল ছাত্ৰী ওম্মে চালমা
ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, হাজো ১১ এপ্ৰিল, হাজো শিক্ষা খণ্ডৰ অন্তৰ্গত মাউণ্ট এভাৰেষ্ট ইংলিছ স্কুল শিক্ষাৰ এক অগ্ৰণী অনুষ্ঠান৷ বিদ্যালয় খনলৈ বৰচলি অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলৰ উপৰিও ভিন্ন প্ৰান্তৰ পৰা শিক্ষাৰ্থী সকলে পাঠদান কৰে৷ বিদ্যালয় খনত ছাত্ৰ ছাত্ৰী সকলে অধ্যয়ন কৰাৰ উপৰিও শিক্ষাৰ্থী সকলৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই আবাসীক গৃহৰো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ এনে সময়তে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয় খনলৈ কেবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে বৃহত্তৰ বৰচলি অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ ইফালে ওম্মে চালমা নামৰ মেধা সম্পন্ন ছাত্ৰী গৰাকীয়ে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত ৮৫% শতাংশ নম্বৰ লাভ কৰি ডিষ্টিংচনলৈ বিদ্যালয় খনৰ লগত অঞ্চল বাসীলৈ সুনাম কঢ়িয়াই অনাৰ লগতে প্ৰথম বিভাগ আৰু দ্বিতীয় বিভাগত কেবাগৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয়৷ আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰে ওম্মে চালমাই লগতে বিদ্যালয় খনত নতুনকৈ সংযোজন কৰা হৈছে কলা আৰু বিজ্ঞান শাখাৰ৷ এই নৱোতম সংযোজনে বৃহত্তৰ বৰচলি অঞ্চলৰ শৈক্ষিক জগতত আৰু এখোজ আগুৱাই নিব বুলি আশাবাদী সৰ্বসাধাৰণ ৰাইজৰ৷ আনহাতে বিদ্যালয় খনলৈ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকলক বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচাৰে উষ্ম আদৰণি জনোৱা হয়৷ অনুষ্ঠানটিত বিদ্যালয় খনৰ মুখ্য উপদেষ্টা দীপক মেহনা পৰিচালন সঞ্চালক ফৰহাদ আলী অধ্যক্ষ আব্দুৰ ৰহিম, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ময়ান আলী, মুখ্য কাৰ্য্যবাহী সঞ্চালক মুস্তাক আলী, চান মহম্মদ আলী ৰফিক আলীৰ লগতে বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু পৰিচালনা সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে৷

