39.7 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমসদৌ অসম বিহু সংস্কৃতি চৰ্চা মঞ্চ চৰাইদেউ জিলা সমিতিৰ অন্তৰ্গত বেঙেনাবাৰী লুখুৰাখন...

সদৌ অসম বিহু সংস্কৃতি চৰ্চা মঞ্চ চৰাইদেউ জিলা সমিতিৰ অন্তৰ্গত বেঙেনাবাৰী লুখুৰাখন চুপহি গগৈ সোঁৱৰণী জাতীয় বিদ্যালয়ৰ যৌথ উদ্যোগত অনুষ্ঠিত ১০ দিনীয়া ঢোল, পেঁপা, বিহুনাম আৰু বিহুনাচৰ আখৰাৰ সামৰণি

সদৌ অসম বিহু সংস্কৃতি চৰ্চা মঞ্চ চৰাইদেউ জিলা সমিতিৰ অন্তৰ্গত বেঙেনাবাৰী লুখুৰাখন চুপহি গগৈ সোঁৱৰণী জাতীয় বিদ্যালয়ৰ যৌথ উদ্যোগত অনুষ্ঠিত ১০ দিনীয়া ঢোল, পেঁপা, বিহুনাম আৰু বিহুনাচৰ আখৰাৰ সামৰণি

বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক স্হানীয় ৰাইজৰ উপস্থিতিত আখৰা সামৰণি আৰু ৰঙালী বিহু আদৰণি অনুষ্ঠান সম্পন্ন

দুৰ্নীতিৰ দৰ্পণ সেৱা চৰাইদেউ পৰা ৰাজু গগৈ ১৩ এপ্ৰিল ২০২৬ : অসমী আইৰ হিয়াৰ আমঠু ৰঙালী বিহু আহি গৃহস্থৰ পদূলি মুখত। যোৱা ৩ এপ্ৰিল তাৰিখৰ পৰা ১২ এপ্ৰিল তাৰিখলৈ অসমীয়া লেখেৰে ১৯ চ’তৰ পৰা ২৮ চ’তলৈ সদৌ অসম বিহু সংস্কৃতি চৰ্চা মঞ্চ আৰু চুপহি গগৈ সোঁৱৰণী জাতীয় বিদ্যালয়ৰ উদ্যোগত বিহু আখৰাৰ ১০ দিনিয়া আখৰা শিবিৰ আজি ১২ এপ্ৰিলত অন্ত পৰে । চৰাইদেউ জিলাৰ অন্তৰ্গত বেঙেনাবাৰী লুখুৰাখন গাৱত অৱস্থিত চুপহি গগৈ সোঁৱৰণী জাতীয় বিদ্যালয়ত অনুষ্ঠিত হৈ থকা আখৰা শিৱিৰৰ আজিৰ অন্তিম দিনটোত বিদ্যালয়ৰ চৌহদৰ প্ৰাঙ্গণত এখনি মকলি সভা অনুষ্ঠিত কৰা হয় । মুকলি সভাৰ পূৰ্বে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি ধূপ, ধূণা, বন্তি জ্বলাই মহান শিল্পী জনক শ্ৰদ্ধা জনোৱা হয় । মুকলি সভাখনত সভাপতিত্ব কৰে সদৌ অসম বিহু সংস্কৃতি চৰ্চা মঞ্চৰ কেন্দীয় সাধাৰণ সম্পাদক বিজয় গগৈয়ে ৷ মুকলি সভাত অসম বিহু সংস্কৃতি চৰ্চা মঞ্চৰ কেইবাজনো দায়িত্বশীল ব্যক্তি অতিথি হিচাপে উপস্থিত থাকে । মুকলি সভাত বক্তব্য ৰাখে ক্ৰমে অৱসৰপ্ৰাপ্ত শিক্ষক উমানন্দ শ্যাম ডাঃ পুস্প দিহিঙীয়া , পদ্মেশ্বৰ আৰান্ধৰা লগতে সদৌ অসম বিহু সংস্কৃতি চৰ্চা মঞ্চৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি শিৱ প্ৰসাদ বেজবৰুৱা উপদেষ্টা পল্লব বৰপাত্ৰগোহাঁই মুখপত্ৰ চিৰঞ্জীৱ বৰগোহাঞি কেন্দ্ৰীয় সহকাৰী সম্পাদক কনচেং গগৈ , প্ৰাঞ্জল নেওগ কায্যকৰী সভাপতি স্বৰ্ণ দিহিঙীয়া আদিয়ে ।ব্যৱস্থাপকৰ দায়িত্বত কুশ চৰাইমুৰীয়া ৷ ছাত্ৰ ছাত্ৰী সকলক ঢোল বাদন , পেঁপা ,গগণা, বিহুনাচৰ যোৱা ১০ দিনৰ প্ৰশিক্ষণৰ দেহে কেহে লাগি থকা লোক শিল্পী মডেল সাধক অজিত গগৈ , বিমান বৰুৱা , ৰমেশ শৰ্মা , সপোনজ্যোতি ফুকন , নীলাঞ্জনা গগৈ , বিপ্লৱী বৰগোঁহাই ছাত্ৰ ছাত্ৰী তথা উঠি অহা নৱ প্ৰজন্মক লোক সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়াৰ লগতে উঠি অহা নৱ প্ৰজন্মক শিকাই বুজাই আগ্ৰহী কৰি তোলাৰ বাবে চুপহি গগৈ সোঁৱৰণী জাতীয় বিদ্যালয়ৰ ফালৰ পৰা মানপত্ৰ আৰু গামোচাৰ লগতে চেলেং চাদৰৰ সম্বৰ্দ্ধনা জনোৱা হয় । মুকলি সভাৰ মাজে মাজে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে চেমনীয়া হুঁচৰি , জেং বিহুৰ , লগতে স্হানীয় যুৱক সংঘৰ যুৱক যুৱতী সকলে হুঁচৰি প্ৰদৰ্শন কৰে। সাপেখাটী বাৰেগাৱৰ মৃদুপৱন আৰু তেওঁৰ সহযোগীয়ে ঢোল বাদন প্ৰদৰ্শন কৰি সভাত উপস্থিত সকলোৰে মন মুগ্ধ কৰিবলৈ সক্ষম হয় ।

RELATED ARTICLES
Lucknow
broken clouds
36.9 ° C
36.9 °
36.9 °
24 %
5.4kmh
59 %
Wed
39 °
Thu
43 °
Fri
43 °
Sat
43 °
Sun
44 °

Most Popular