39.1 C
New Delhi
Wednesday, April 22, 2026
spot_img
Homeআঞ্চলিকজালিৰ বিশেষ বসন্ত সংখ্যা উন্মোচন

জালিৰ বিশেষ বসন্ত সংখ্যা উন্মোচন

জালিৰ বিশেষ বসন্ত সংখ্যা উন্মোচন

প্ৰনৱ কুমাৰ ডেকা নলবাৰী, ১২ এপ্ৰিলঃ অসমীয়া সাহিত্যত বিষেকৈ কবিতাৰ পথাৰখনত বিভিন্ন সময়ত নতুন নতুন কাব্যালোচনী প্ৰকাশ হৈ আহিছে৷ আৰু সেই কবিতাৰ জগতখনে পুৰনীৰ লগতে নতুন নতুন কবিসকলকো কবিতা লিখা আৰু প্ৰকাশৰ এখন মঞ্চ প্ৰদান কৰি আহিছে৷ ঠিক তেনেকুৱা এখন মঞ্চৰ জন্ম দিব পৰিছে এই গজালি নামৰ কাব্যালোচনীখনে আৰু এই ব্যৱস্থাই অঞ্চলটোত সাহিত্য চৰ্চা জীৱন্ত কৰি ৰাখিবলৈ সক্ষম হৈছে৷ এখন আলোচনী নীৰৱচ্ছিন্ন ভাৱে ১৪ বছৰ ধৰি প্ৰকাশ পাই থকা কথাটো অসমীয়া সাহিত্যৰ ক্ষেত্ৰ খনৰ বাবে এক আশাপ্ৰদ খবৰ৷ বিশেষকৈ কবিতাৰ আলোচনী এখন ইমান দীঘলীয়া সময়ৰ বাবে প্ৰকাশ হৈ থকাটো উলাই কৰিব পৰা কথা নহয়৷ এই মন্তব্য দক্ষিণ নলবাৰী প্ৰেছ ক্লাৱৰ সভাপতি তথা দৈনিক অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক কামিনীকান্ত মিশ্ৰ‌ৰ৷ আজি নলবাৰী জিলাৰ বগলচ ৰোড চকস্থিত জেপ কাব্যলোচনী গজালিৰ কাৰ্যালয়ত বসন্ত বিশেষ সংখ্যা গজালি আনুষ্ঠানিকভাৱে উন্মোচন কৰি সাংবাদিক গৰাকীয়ে এনেদৰে কয়৷ গজালিৰ সম্পাদক শংকৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত কবি-লেখক ডাঃ প্ৰণৱ কুমাৰ চক্ৰৱৰ্তী, কবি তথা শিক্ষক সঞ্জীৱ মহাজন, গজালিৰ কাৰ্যবাহী সম্পাদক কমল কলিতাকে ধৰি কেইবাগৰাকীও কবি-সাহিত্যিক উপস্থিত থাকে৷ উল্লেখযোগ্য যে একুৰি তেৰ গৰাকী নবীন -প্ৰবীন কবিৰ ভিন্ন ৰুচিৰ কবিতাৰ মেটমৰা সম্ভাৰেৰে এইবাৰৰ গজালিৰ বিশেষ বসন্ত সংখ্যাটো সজোৱা হৈছে বুলি গজালি প্ৰকাশন গোষ্ঠীয়ে জানিবলৈ দিছে৷

RELATED ARTICLES
Lucknow
dust
41 ° C
41 °
41 °
11 %
7.7kmh
2 %
Wed
43 °
Thu
44 °
Fri
45 °
Sat
45 °
Sun
45 °

Most Popular