29.2 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeআমাৰ সাংবাদিকবিশ্বনাথ-পানপুৰ মথাউৰিত প্ৰচণ্ড খহনীয়া, দক্ষিণ চতিয়াৰ বিস্তৃত অঞ্চললৈ ভাবুকি

বিশ্বনাথ-পানপুৰ মথাউৰিত প্ৰচণ্ড খহনীয়া, দক্ষিণ চতিয়াৰ বিস্তৃত অঞ্চললৈ ভাবুকি

বিশ্বনাথ-পানপুৰ মথাউৰিত প্ৰচণ্ড খহনীয়া, দক্ষিণ চতিয়াৰ বিস্তৃত অঞ্চললৈ ভাবুকি

দুৰ্নীতিৰ দৰ্পণ, প্ৰতিবেদক, চতিয়া, ১২ এপ্ৰিল: – বিশ্বনাথ চাৰিআলি-চতিয়া- জামুগুৰিহাটকে ধৰি বৃহত্তৰ ন-দুৱাৰৰ ৰক্ষাকৱচ ৰূপে খ্যাত বিশ্বনাথ ঘাট-পানপুৰ মথাউৰি পুনৰ তীব্ৰ গৰাখহনীয়াৰ কবলত পৰিছে৷ বিগত শতিকাৰ নব্বৈৰ দশকৰ পৰা আৰম্ভ হোৱা এই খহনীয়া তদানীন্তন কংগ্ৰেছ চৰকাৰ, অগপ চৰকাৰ আৰু শেহতীয়াকৈ এন ডি এ চৰকাৰৰ দিনতো নিয়ন্ত্ৰণৰ বাবে কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই, যাৰ ফলত নৈপৰীয়া জনসাধাৰণে বছৰ বছৰ জুৰি নিকাৰ ভুঞ্জিবলগা হৈছে৷ কণা হাঁহক পতান দিয়াৰ দৰে খহনীয়া ৰোধৰ বাবে প্ৰতিবছৰে ধনৰ আবণ্টন দিয়া হয় যদিও এয়া প্ৰকৃততে ৰাইজৰ নিৰাপত্তাৰ বাবে নে বিভাগীয় ঠিকাদাৰ আৰু বিষয়া কৰ্মচাৰীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে, সেয়া ঠাৱৰ কৰাহে জটিল হৈ পৰিছে৷ শেহতীয়া বৰষুণৰ ব্যাপকতাৰ বাবে দক্ষিণ চতিয়াৰ কলাকাটি গাঁৱত খহনীয়াই ব্যাপক ৰূপ ধাৰণ কৰি নৈপৰীয়া ৰাইজৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে৷ কলাকাটী গাঁৱৰ কোনো কোনো অংশত ব্ৰহ্মপুত্ৰ নদীয়ে মথাউৰি স্পৰ্শ কৰিবলৈ মাত্ৰ ষাঠি মিটাৰ মান হে বাকী আছে৷ সমগ্ৰ অঞ্চলটোৰ ৰাইজে বিগত বছৰ বছৰ ধৰি খহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধানৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে যদিও সেয়া অৰণ্য ৰোদনতহে পৰিণত হৈছে৷ দিছপুৰৰ চৰকাৰ, মন্ত্ৰী বিধায়ক কেতিয়াবা সলনি হয় যদিও সলনি নহয় নৈপৰীয়া ৰাইজৰ ভাগ্য৷ চৰকাৰে আবণ্টন দিয়া ধনৰ সুব্যৱহাৰ কৰাৰ বিপৰীতে ঠিকাদাৰ, বিষয়া, কৰ্মচাৰীয়ে আত্মসাত কৰাৰ বাবেই সমস্যাটোৰ স্থায়ী সমাধান হোৱা নাই বুলি পীড়িত অঞ্চলৰ লোকে অভিযোগ তুলিছে৷

RELATED ARTICLES
Lucknow
overcast clouds
30 ° C
30 °
30 °
67 %
1.6kmh
95 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular