40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমকলগাছিয়া কে, কে পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সমাৰোহ, ৰতিপুৱা ১০...

কলগাছিয়া কে, কে পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সমাৰোহ, ৰতিপুৱা ১০ বজাত প্ৰাক্তন শিক্ষাৰ্থীৰ সমাৰোহৰ পতাকা উত্তোলন

কলগাছিয়া কে, কে পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সমাৰোহ, ৰতিপুৱা ১০ বজাত প্ৰাক্তন শিক্ষাৰ্থীৰ সমাৰোহৰ পতাকা উত্তোলন

ষ্টাফ ৰিপৰ্টাৰ, বৰপেটা, ১৩ এপ্ৰিল: সমন্বয়ৰ প্ৰতীক কলগাছিয়া কৃষ্ণ কান্ত পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সম্মিলনী সমিতিৰ উদ্যোগত ১৩, ১৪ আৰু ১৫ এপ্ৰিল ২০২৬ ইংৰাজী তাৰিখত তিনিদিনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সম্মিলনী সমাৰোহৰ আজিৰে পৰা আৰম্ভ৷ কলগাছিয়াক এই কাৰণে সমন্বয়ৰ মিলন ভূমি বুলি কোৱা হয় যে ১৯৭৫ চনত সেই সময়ৰ কলগাছিয়া অঞ্চলৰ কিছুমান শিক্ষা অনুৰাগী ব্যক্তি সকল ক্ৰমে বসন্ত কুমাৰ পাঠক, কদ্দুছ দেযানী, ইমান আলী মাষ্টাৰ, শিৰাজ মাষ্টাৰ, মোজাফৰ আলী ভূঞা, ৰাজেন মৌজাদাৰ, কোদৰত উল্লাহ তালুকদাৰ, আব্দুছ ছাত্তাৰ আলী আহমেদ, আব্দুল খালেক সৰকাৰ, খন্দকাৰ দেলোৱাৰ হুছেইন, আব্দুল জলিল, সাহাব উদ্দিন সৰকাৰ, জিয়াৰত আলী দেৱানী, মাজত মেম্বাৰ, ৰেফাজ উদ্দিন দেৱানী ফজলুল ৰহমান, এম. মোজ্জামেল হুছেইন আদি শিক্ষা অনুৰাগী ব্যক্তি সকলৰ প্ৰচেষ্টাত ৯৯% শতাংশ ধৰ্মীয় সংখ্যালঘু অঞ্চলত বসন্ত কুমাৰ পাঠকে তেখেতৰ পিতৃৰ নাম চিৰস্মৰণীয় কৰি ৰাখিবলৈ কলগাছিয়াৰ মাজ মজিয়াত কেইবা বিঘা ভূমি দান কৰে, সেই অংশ মাটিতেই ১৯৭৫ চনত স্থাপিত হয় কে, কে, পাঠক উচ্চ মাধ্যমিক বিদ্যালয় বৰ্তমান উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ৰূপান্তৰিত হৈছে৷ ৫২টা বসন্ত অতিক্ৰম কৰা বিদ্যালয় খনত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি নিজৰ জীৱন গঢ় দি অসম তথা ভাৰত চৰকাৰৰ অধীনস্থ বিভিন্ন বিভাগত চাকৰি কৰি সেৱা আগবঢ়াই দেশ সেৱাত ব্ৰতী হৈ আছে৷ জানিব পৰা মতে ভাৰতবৰ্ষৰ বাহিৰেও পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰত কে কে পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰা বহু ছাত্ৰ-ছাত্ৰীয়ে সেৱা আগবঢ়াই নিজৰ জীৱন জীৱিকা নিৰ্বাহ কৰি আছে৷ ১৯৭৫ ইংৰাজী চনৰ পৰা ২০২৬ ইংৰাজী চনলৈ ৫২ বছৰৰ ছাত্ৰ-ছাত্ৰী সকলক একগোট কৰাৰ উদ্দেশ্যে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ – ছাত্ৰী সকলৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় উক্ত সভাত কে আই কে হাইস্কুলৰ প্ৰধান শিক্ষক তথা কে কে পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ এম. কোব্বাদ আলীক সভাপতি, কে কে পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা তথা বিদ্যালয় খনৰ‌ প্ৰাক্তন ছাত্ৰী মমতাজ নেহাৰ খানমক কাৰ্যাকৰী সভাপতি, প্ৰাক্তন ছাত্ৰ শাৰফান আলী আৰু মজনুৰ ৰহমানক উপ সভাপতি, বৰপেটা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক তথা প্ৰাক্তন ছাত্ৰ ডাঃ নজৰুল ইছলামক প্ৰধান সম্পাদক দেৱান মোস্তাফিজুৰ আৰু ৰবিউল ৰছুল হকক সম্পাদক আৰু প্ৰাক্তন ছাত্ৰ হেলাল উদ্দিনক কোষাদক্ষ হিচাপে লৈ এখনি শক্তিশালী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সম্মিলনী উৎযাপন সমিতি গঠন কৰা হৈছিল৷ ইয়াৰ উপৰিও কেইবাখনো উপ সমিতিও গঠন কৰা হয়৷ বিষয়ী শিক্ষক তথা প্ৰাক্তন ছাত্ৰ হেলালাল উদ্দিনক আহ্বায়ক হিচাপে লৈ ছবিনাৰ উপ সমিতি, এন ই লাইভৰ কাৰ্য্যবাহী সম্পাদক তথা অসমীয়া খবৰ কাকতৰ কলগাছিয়াৰ সাংবাদিক ও কে কে পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নজমুল হক আৰু শৌওকাত তালুকদাক আহ‌ব্বায়ক হিচাপে লৈ সাংস্কৃতিক উপ সভাপতি, সাংবাদিক ৰকিবুল হাছানক আহ্বায়ক হিচাপে লৈ প্ৰচাৰ উপ সমিতি আৰু কেইবাজনো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক লৈ স্বেচ্ছাসেৱক উপ সমিতি, খাদ্য উপ সমিতি, যোগাযোগ উপ সমিতি, মঞ্চ উপ সমিতি বিদ্যুত উপ সমিতি নাম পুঞ্জীয়ন উপ সমিতিৰ‌ গঠন কৰি প্ৰাক্তন ছাত্ৰ সম্মিলনীৰ কাৰ্যক্ৰমণিকা সম্পূৰ্ণ কৰি তোলা হৈছে৷ কে কে পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সম্মিলনী সমিতিৰ উদ্যোগত আয়োজিত প্ৰাক্তন ছাত্ৰ সম্মিলনী উৎযাপন অনুষ্ঠানত প্ৰাক্তন আৰু বৰ্তমানৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি আৰু সহায় সহযোগিতা আয়োজক সমিতিয়ে শ্ৰদ্ধা সহকাৰে কামনা কৰিছে৷ আজি ৰাতিপুৱা ১০ বজাত প্ৰাক্তন ছাত্ৰ সম্মিলনীৰ পতাকা উত্তোলন কৰা হয়৷ উক্ত অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে বৰপেটাৰ প্ৰাক্তন সাংসদ আব্দুল খালেক৷

RELATED ARTICLES
Lucknow
broken clouds
40 ° C
40 °
40 °
22 %
4.7kmh
74 %
Sun
40 °
Mon
44 °
Tue
44 °
Wed
45 °
Thu
45 °

Most Popular