পৌৰ সদস্যা সুপৰ্ণা দাসৰ উদ্যোগত নববৰ্ষত হাইলাকান্দীত স্বনিৰ্ভৰ গোটৰ মহিলাসকলক সম্বৰ্ধনা আৰু অনুদান প্ৰদান
প্ৰীতম দাস হাইলাকান্দি, ১৩ এপ্ৰিল: বাংলা নববৰ্ষৰ পৱিত্ৰ লগ্নক কেন্দ্ৰ কৰি হাইলাকান্দি পৌৰসভাৰ ১৩ নম্বৰ ৱাৰ্ডত আয়োজন কৰা হয় এটা অৰ্থবহ আৰু সমাজমুখী অনুষ্ঠান৷ বিজেপিৰ পৌৰ সদস্যা সুপৰ্ণা দাসৰ উদ্যোগত অনুষ্ঠিত এই বিশেষ কাৰ্যসূচীত মুঠ ১২টা স্বনিৰ্ভৰ গোটৰ মহিলাসকলক সম্বৰ্ধনা জনোৱাৰ লগতে আৰ্থিক অনুদান প্ৰদান কৰা হয়৷ অনুষ্ঠানটোৰ জৰিয়তে সমাজৰ নীৰৱ কৰ্মযোদ্ধা এই মহিলাসকলৰ অৱদানক সন্মান জনোৱা হয় আৰু তেওঁলোকৰ ভৱিষ্যৎ পথচলাত নতুন উৎসাহ যোগোৱা হয়৷ আয়োজক পক্ষৰ পৰা জনোৱা হয় যে হাইলাকান্দি চহৰৰ ১৩ নম্বৰ ৱাৰ্ডৰ সক্ৰিয় আত্মসহায়ক গোটসমূহে দীঘলীয়া সময় ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ আৰ্থিকভাৱে স্বনিৰ্ভৰ হোৱাৰ উপৰিও তেওঁলোকে সামাজিক দায়বদ্ধতা আৰু মানৱীয় কাৰ্যকলাপৰ জৰিয়তে সাধাৰণ মানুহৰ আস্থা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ দুৰ্যোগৰ সময়ত মানুহৰ কাষত থিয় দিয়া, স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰা আৰু বিভিন্ন সহযোগিতামূলক কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে এই গোটসমূহে সমাজত এক অনুকৰণীয় দৃষ্টান্ত স্থাপন কৰিছে৷ বিশেষকৈ সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনক আগত ৰাখি ভোটদানৰ গুৰুত্ব সম্পৰ্কে সাধাৰণ মানুহৰ মাজত সজাগতা সৃষ্টিত এই গোটসমূহৰ ভূমিকা অত্যন্ত প্ৰশংসনীয় বুলি উল্লেখ কৰা হয়৷ গণতান্ত্ৰিক প্ৰক্ৰিয়াত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰিবলৈ তেওঁলোকে বিভিন্ন প্ৰচাৰ আৰু সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰিছে, যিয়ে সমাজত দায়িত্ববোধ আৰু নাগৰিক চেতনাৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে৷ অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলে কয় যে এই ১২টা স্বনিৰ্ভৰ গোটৰ মহিলাসকলক সম্বৰ্ধনা আৰু আৰ্থিক সহায় আগবঢ়োৱাটোৱে তেওঁলোকৰ আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ লগতে সমাজসেৱামূলক কাৰ্যত অধিক উৎসাহ যোগাব৷ লগতে, এই ধৰণৰ পদক্ষেপে ভৱিষ্যতে অধিক সংখ্যক মহিলাক স্বনিৰ্ভৰ গোটৰ সৈতে সংযুক্ত হ’বলৈ অনুপ্ৰাণিত কৰিব বুলিও তেওঁলোকে আশা প্ৰকাশ কৰে৷ পৌৰ সদস্যাৰ প্ৰতিনিধি চিন্ময় দাসে নিজৰ ভাষণত কয় যে এই গোটসমূহৰ কাৰ্যকলাপ সমাজৰ বাবে অতি ইতিবাচক আৰু প্ৰেৰণাদায়ক৷ ভৱিষ্যততো তেওঁলোকে অধিক সক্ৰিয়ভাৱে সমাজ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ আশাবাদ ব্যক্ত কৰে৷ তেওঁ সকলো সদস্যৰ উজ্জ্বল ভৱিষ্যৎ আৰু সামগ্ৰিক মংগল কামনা কৰে৷ উল্লেখ্য যে, হাইলাকান্দি চহৰৰ ঐতিহ্যবাহী বিপদ নাশিনী মন্দিৰ প্ৰাংগণত বিয়লি ৪ বজাত অনুষ্ঠিত এই অনুষ্ঠানত সভাপতিত্ব কৰে বৰুণ কুমাৰ সিন্থাই৷ অনুষ্ঠানত অঞ্চলটোৰ বিশিষ্ট ব্যক্তি, গণ্যমান্য নাগৰিক আৰু স্থানীয় বাসিন্দাসকলৰ উপস্থিতিয়ে অনুষ্ঠানটো অধিক তাৎপৰ্যপূৰ্ণ কৰি তোলে৷
পৌৰ সদস্যা সুপৰ্ণা দাসৰ উদ্যোগত নববৰ্ষত হাইলাকান্দীত স্বনিৰ্ভৰ গোটৰ মহিলাসকলক সম্বৰ্ধনা আৰু অনুদান প্ৰদান
Lucknow
broken clouds
43.1
°
C
43.1
°
43.1
°
18 %
6.4kmh
84 %
Sun
40
°
Mon
45
°
Tue
45
°
Wed
46
°
Thu
47
°

