31 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমনলবাৰী মৈৰাদঙ্গা পাগলাদিয়াপাৰত সমূহীয়াভাৱে গৰু বিহু উদ্‌যাপন, নলবাৰী জিলা ৰঙালী বিহু সন্মিলনীৰ...

নলবাৰী মৈৰাদঙ্গা পাগলাদিয়াপাৰত সমূহীয়াভাৱে গৰু বিহু উদ্‌যাপন, নলবাৰী জিলা ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত গৰু বিহু উদ্‌যাপন, উপস্থিত নলবাৰীৰ বিধায়য়ক জয়ন্ত মল্ল বৰুৱা

নলবাৰী মৈৰাদঙ্গা পাগলাদিয়াপাৰত সমূহীয়াভাৱে গৰু বিহু উদ্‌যাপন, নলবাৰী জিলা ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত গৰু বিহু উদ্‌যাপন, উপস্থিত নলবাৰীৰ বিধায়য়ক জয়ন্ত মল্ল বৰুৱা

, ষ্টাফৰিপোৰ্টাৰ দুৰ্নীতিৰ দৰ্পন নলবাৰী ১৪ এপ্ৰিলঃ- আজি গৰু বিহু৷ ৰাজ্যৰ চৌদিশে ৰাতিপুৱাৰে পৰা নৈ-পুখুৰী আদি সমূহত নিজ নিজ গৰু সমূহক পৰম্পৰাগত নিয়ম ম’তে গা ধুৱাবলৈ লৈ যায়৷ ব্যতিক্ৰম নহয় নলবাৰীও৷ আজি নলবাৰী জিলাৰ মৈৰাদঙা পাগলাদিয়া পাৰত নলবাৰী জিলা বিহু সন্মিলনীৰ উদ্যোগত গৰু বিহু পালন কৰা হয়৷ অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ কৃষক সকলে নিজ নিজ গৰু সমূহক লগত লৈ আহে আৰু অসমীয়া যি পৰম্পৰাগত নিয়ম ম’তে লাও-বেঙেণা আদি খুৱাই পাগলাদিয়া নৈত গৰু সমূহক গা ধুৱাই৷ ৷ এই গা ধুওৱা পৰ্বত চহা কৃষক সকলৰ লগত উপস্থিত থাকে নলবাৰী জিলা ৰঙালী বিহু সন্মিলনীৰ সভাপতি, নলবাৰী সমষ্টিৰ বিধায়ক তথা এইবেলি একেটা সমষ্টিৰে এন ডি এৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱা৷ অসমীয়া সাজ-পোচাক পৰিধান কৰি জয়ন্ত মল্ল বৰুৱাইও নদীৰ বুকুত গৰুক গা ধুৱাই৷ এইদৰে সমূহীয়াকৈ গৰু ধোৱা পৰ্ব সমাপনৰ পিছত এখন সভা অনুষ্ঠিত কৰা হয়৷ সভাত বিহুৰ সভাপতি জয়ন্ত মল্ল বৰুৱাই প্ৰথমে সকলো অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জনাই৷ লগতে ৰঙালীত প্ৰকৃতিৰ আনন্দৰ দৰে সকলো ৰাইজৰে সুখ-শান্তি হোৱাৰ কামনা কৰে আৰু গৰু সমূহৰ শ্ৰীবৃদ্ধি কামনা কৰে৷ ইয়াৰ পিছত সকলোলে মিলি বিহু নাচ প্ৰদৰ্শন কৰে৷ ৷ আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলা ৰঙালী বিহু সন্মিলনীৰ মুখ্য সম্পাদক ব্ৰজেন তালুকদাৰ, যুটীয়া সম্পাদক জোন কুমাৰ বৰ্মন, নয়ন গোস্বামী, আছু নেতা অক্ষয় ডেকা, কৌতুক অভিনেতা হৰিশ তালুকদাৰকে প্ৰমুখ্য কৰি বিহু পৰিচালনা সমিতিৰ বিষয় ববীয়া সকল, চহা কৃষক সকল আৰু স্থানীয় ৰাইজ৷

RELATED ARTICLES
Lucknow
light rain
33.1 ° C
33.1 °
33.1 °
58 %
3.7kmh
96 %
Tue
32 °
Wed
37 °
Thu
36 °
Fri
33 °
Sat
34 °

Most Popular