31 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমগোসাঁইগাঁৱত ড° বি.আৰ. আম্বেদকাৰৰ ১৩৫ সংখ্যক জন্ম জয়ন্তী পালন

গোসাঁইগাঁৱত ড° বি.আৰ. আম্বেদকাৰৰ ১৩৫ সংখ্যক জন্ম জয়ন্তী পালন

গোসাঁইগাঁৱত ড° বি.আৰ. আম্বেদকাৰৰ ১৩৫ সংখ্যক জন্ম জয়ন্তী পালন

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপ’ৰ্টাৰ নুৰছালাম আলী, ১৪ এপ্ৰিলঃ ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ, ভাৰত ৰত্ন ড° ভীমৰাও আম্বেদকাৰৰ ১৩৫ সংখ্যক জন্ম দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোসাঁইগাঁৱতো এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়৷ অসম অনুসূচিত জাতি পৰিষদৰ গোসাঁইগাঁও জিলা সমিতিৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত মহান মনিষীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে তেওঁৰ আদৰ্শৰে সমাজ গঢ়াৰ সংকল্প লোৱা হয়৷ আজি পুৱাই গোসাঁইগাঁৱত এক আধ্যাত্মিক আৰু শ্ৰদ্ধাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়৷ অসম অনুসূচিত জাতি পৰিষদৰ গোসাঁইগাঁও জিলা সমিতিৰ নেতৃত্বত ড° বি.আৰ. আম্বেদকাৰৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷ অনুষ্ঠানত উপস্থিত থকা সমিতিৰ বিষয়ববীয়া তথা স্থানীয় ৰাইজে মহান নেতাগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ “ড° আম্বেদকাৰ কেৱল ভাৰতীয় সংবিধানৰ প্ৰণেতাই নাছিল, তেওঁ আছিল সামাজিক ন্যায় আৰু সমতাৰ এগৰাকী আজীৱন যুঁজাৰু৷ তেওঁৰ দৰ্শন আজিও আমাৰ সমাজৰ বাবে সমানেই প্ৰাসংগিক৷ “কেৱল শ্ৰদ্ধাঞ্জলিতেই আৱদ্ধ নাথাকি এই অনুষ্ঠানত অনুসূচিত জাতিসমূহৰ অধিকাৰৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ চৰ্চা কৰা হয়৷ জিলা সমিতিৰ প্ৰাক্তন সম্পাদক তথা অৱসৰপ্ৰাপ্ত শিক্ষক জয়নাথ সৰকাৰে চৰকাৰৰ ওচৰত বিভিন্ন সমস্যা সমাধানৰ বাবে দাবী উত্থাপন কৰে৷ বিশেষকৈ বিটিচি (BTC) আৰু ৰাজ্য চৰকাৰক উদ্দেশ্যি তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ আহ্বান জনায়৷ “আমি ৰাজ্য চৰকাৰ আৰু বিটিচি চৰকাৰক অনুৰোধ জনাও যাতে অনুসূচিত জাতিসমূহৰ বাবে থকা প্ৰাপ্য অনুদানসমূহ সঠিক সময়ত প্ৰদান কৰা হয়৷ ইয়াৰ লগতে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত থকা ’ৰিজাৰ্ভেচন’ বা সংৰক্ষণ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ আমি চৰকাৰক জোৰদাৰ আহ্বান জনাইছোঁ৷ “উল্লেখ্য যে ড° আম্বেদকাৰৰ এই জন্ম জয়ন্তীৰ জৰিয়তে গোসাঁইগাঁৱৰ অনুসূচিত জাতি পৰিষদে সমাজৰ পিছপৰা শ্ৰেণীৰ সৰ্বাংগীণ উন্নতি আৰু সাংবিধানিক সুৰক্ষাৰ বাবে এক ঐক্যবদ্ধ সংগ্ৰামৰ ইংগিত প্ৰদান কৰিছে৷

RELATED ARTICLES
Lucknow
light rain
33.1 ° C
33.1 °
33.1 °
58 %
3.7kmh
96 %
Tue
32 °
Wed
37 °
Thu
36 °
Fri
33 °
Sat
34 °

Most Popular