34.8 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমনগাঁও জিলাৰ ৭ কেন্দ্ৰত হ'ব নীট পৰীক্ষা, বহিব ৪৭২৭ প্ৰাৰ্থী , ডিচি-এছপিৰ...

নগাঁও জিলাৰ ৭ কেন্দ্ৰত হ’ব নীট পৰীক্ষা, বহিব ৪৭২৭ প্ৰাৰ্থী , ডিচি-এছপিৰ কেন্দ্ৰ পৰিদৰ্শন, সু-ব্যৱস্থাপনাত গুৰুত্ব

নগাঁও জিলাৰ ৭ কেন্দ্ৰত হ’ব নীট পৰীক্ষা, বহিব ৪৭২৭ প্ৰাৰ্থী , ডিচি-এছপিৰ কেন্দ্ৰ পৰিদৰ্শন, সু-ব্যৱস্থাপনাত গুৰুত্ব

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ২২ এপ্ৰিল: অহা ৩ মে’ত দেশৰ অন্যান্য অংশৰ লগতে নগাঁও জিলাতো অনুষ্ঠিত হ’বলগীয়া সৰ্বভাৰতীয় পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশিকা পৰীক্ষা ‘নেচনেল এলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট’ চমুকৈ নীট (ইউ জি) ২০২৬ৰ প্ৰস্তুতিৰ বুজ লবলৈ
বুধবাৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে জিলাখনৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি নিৰাপত্তা আৰু ব্যৱস্থাপনাৰ পৰ্যালোচনা কৰে। এই পৰিদৰ্শনকালত জিলাখনৰ শীৰ্ষ বিষয়াদ্বয়ে নগাঁও বিশ্ববিদ্যালয়, নগাঁও ছোৱালী মহাবিদ্যালয়, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়, খাগৰিজান মহাবিদ্যালয়, গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয় আৰু পি.এম. শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ৰ আন্তঃগাঁথনি তথা পৰীক্ষাৰ্থীৰ বাবে যাৱতীয় সুবিধাৰাজিৰ তন্ন তন্নকৈ নিৰীক্ষণ কৰে। তেওঁলোকে পৰীক্ষা কক্ষসমূহৰ পৰিৱেশ, কেন্দ্ৰৰ নিয়ন্ত্ৰণ কক্ষৰ কাৰ্যক্ষমতা আৰু প্ৰশ্নকাকতৰ সুৰক্ষা সন্দৰ্ভত কৰ্তৃপক্ষৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰসমূহত যিকোনো ধৰণৰ ত্ৰুটিমুক্ত পৰিৱেশ নিশ্চিত কৰিবলৈ যাবতীয় নিৰ্দেশনা আৰু পৰামৰ্শ দিয়ে। এই বিশেষ পৰিদৰ্শন কালত জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকক সংগ দিয়ে অতিৰিক্ত আয়ুক্ত গোপাল শৰ্মা, সহকাৰী আয়ুক্ত ধৰ্মৰাজ কলিতা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰে। উল্লেখযোগ্য যে, নগাঁও চহৰৰ এই কেন্দ্ৰসমূহৰ উপৰিও কলিয়াবৰ মহাবিদ্যালয়ক অন্তৰ্ভুক্ত কৰি এইবাৰ জিলাখনৰ মুঠ ৭টা কেন্দ্ৰত নীট (ইউজি) ২০২৬ পৰীক্ষা অনুষ্ঠিত হ’ব। এই গুৰুত্বপূৰ্ণ পৰীক্ষাত জিলাখনৰ সৰ্বমুঠ ৪,৭২৭ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ’ব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে।

RELATED ARTICLES
Lucknow
light rain
33.1 ° C
33.1 °
33.1 °
58 %
3.7kmh
96 %
Tue
32 °
Wed
37 °
Thu
36 °
Fri
33 °
Sat
34 °

Most Popular