41.3 C
New Delhi
Monday, June 15, 2026
spot_img
Homeঅসমএবছৰৰ পূৰ্বে দুৰ্নীতিৰ দৰ্পণ কাকতৰ প্ৰকাশিত বাতৰি সত্য প্ৰমাণিত , চৰাইদেউ সাপেখাটীত...

এবছৰৰ পূৰ্বে দুৰ্নীতিৰ দৰ্পণ কাকতৰ প্ৰকাশিত বাতৰি সত্য প্ৰমাণিত , চৰাইদেউ সাপেখাটীত মাৰাত্মক ব্ৰাউন চুগাৰৰ বিৰূদ্ধে আৰক্ষীৰ পুনৰ সফল অভিযান

এবছৰৰ পূৰ্বে দুৰ্নীতিৰ দৰ্পণ কাকতৰ প্ৰকাশিত বাতৰি সত্য প্ৰমাণিত , চৰাইদেউ সাপেখাটীত মাৰাত্মক ব্ৰাউন চুগাৰৰ বিৰূদ্ধে আৰক্ষীৰ পুনৰ সফল অভিযান

আৰক্ষী দলে দেখি খেদি বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ সহ দুটা সৰবৰাহকাৰী আটক , মূখ্যত টাৰ্গেট চৰাইদেউ জিলা নৱপ্ৰজন্মক মৃত্যুৰ মুখলৈ ঠেলি দিছে

চৰাইদেউৰ পৰা ৰাজু গগৈ দুৰ্নীতিৰ দৰ্পণ সেৱা, ২২ এপ্ৰিল : দুৰ্নীতিৰ দৰ্পণ ডিজিটেল কাকতৰ ২০২৫ বৰ্ষৰ পাঁচ মাৰ্চ তাৰিখে চৰাইদেউ জিলাৰ অসম অৰুণাচল সীমান্তৰ কানুবাৰী আৰু নামতোলাৰ মাজেৰে নাগালেণ্ডৰ পৰা চৰাইদেউ জিলা খনলৈ আৰু জিলা খনৰ মাজেৰে অন্যান্য দাঁতি কাষৰীয়া জিলা কেইখনমানলৈ নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰীয়ে সৰবৰাহ কৰে আৰু চৰাইদেউ জিলা খনৰ বিভিন্ন প্ৰান্তৰ বহু সাম্ভাব্য প্ৰতিভা থকা নৱ প্ৰজন্মৰ কম বয়সীয়া যুৱক ড্ৰাগছৰ প্ৰতি আসক্তি বাঢ়িছে আৰু নিষিদ্ধ ড্ৰাগছৰ কৱলত পৰা বহু নৱপ্ৰজন্মৰ পৰিয়ালে মাটি – বাৰী বন্ধকত ৰাখি অথবা বিক্ৰী কৰি বহু পৰয়ালে আৰক্ষীৰ অগোচৰে নিচামুক্তি কেন্দ্ৰত নিজৰ নিজৰ লৰা মাহৰ পাছত মাহ ৰাখি চিকিৎসা কৰাই আছে বুলি এই প্ৰতিবেদকৰে এটা বাতৰি প্ৰচাৰ হৈছিল । দীৰ্ঘদিনৰ পৰা নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী সকলে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত পৰা চৰাইদেউ জিলা খনৰ মাজেৰে বিভিন্ন ঠাইলৈ ড্ৰাগছ সৰবৰাহৰ কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে । আনকি অৰুণচল প্ৰদেশৰ অসমৰ চৰাইদেউ জিলাৰ গাতে লাগি থকা কানুবাৰী আৰু নাগালেণ্ডত আৰু সীমান্তৰ নামতোলাতৰ দুটা মান স্হানত নিষিদ্ধ ড্ৰাগছৰ গোপন বেহা চলে । ড্ৰাগছ সৰবৰাহৰ তথা ব্যৱসায়ী সকলৰ মূখ্যত টাৰ্গেট হৈছে চৰাইদেউ জিলাৰ লগতে অসমৰ বচা বচা কেইখনমান জিলাৰ নৱ প্ৰজন্মৰ যুৱক যুৱতী । চৰাইদেউ জিলাৰ বিশেষকৈ অৰুণাচল আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী গাঁও সমূহৰ নৱ প্ৰজন্মৰ যুৱক ড্ৰাগছৰ পৰি নিজৰ জীৱন বিপদাপন্ন কৰি তুলিছে । নিষিদ্ধ ড্ৰাগছ , ব্ৰাউন চুগাৰ আদি কৰি মাৰাত্মক নিচাযুক্ত দ্ৰব্য সেৱন কৰি ইতিমধ্যে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ কেইবাজনো কম বয়সীয়া যুৱক পৰিয়ালৰ দৃষ্টিত ধৰা পৰি নিচামুক্তি কেন্দ্ৰৰ আলহি হৈ থাকিব লগা হৈছে। উঠি অহা নৱ প্ৰজন্মৰ কম বয়সীয়া ড্ৰাগছ সেৱনকাৰীৰ পৰিয়ালে প্ৰশাসনৰ দৃষ্টিগোচৰ নকৰাকৈ ড্ৰাগছ আসক্ত নিজৰ সন্তানক নিচামুক্তি কেন্দ্ৰত ভৰ্তি কৰায় চিকিৎসা কৰাই আছে। ইতিমধ্যে গত দিন বোৰত চৰাইদেউ আৰক্ষীয়ে সফল অভিযান চলাই যোৱা এটা বছৰৰ ভিতৰত কেইবাটাও নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী তথা ব্যৱসায়ীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। মাৰাত্মক নিষিদ্ধ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে চৰাইদেউ আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে আজি সোণাৰি আৰু সাপেখাটী আৰক্ষীয়ে যুটীয়াভাৱে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই সাপেখাতীত দুটা ড্ৰাগছ সৰবৰাহ কাৰীক আটক কৰিবলৈ সক্ষম হয় । চৰাইদেউ জিলাৰ অসম অৰুণাচল সীমান্তৰ কানুবাৰী দিশৰ পৰা আজি সন্ধিয়াৰ আগে আগে দুটা যুৱকে অৰুণাচলৰ দিশৰ পৰা এখন নাম্বাৰ প্লেট বিহীন স্কুটিত নিষিদ্ধ ব্ৰাউন চুগাৰ কঢ়িয়াই অনা বুলি তথ্য লাভ কৰি পূৰ্বৰ পৰা আৰক্ষী সষ্টম হৈ আছিল। নাম্বাৰ প্লেট বিহীন স্কুটিৰে দুটা যুৱকে অৰুণাচলৰ দিশৰ পৰা আহি চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত ধোদৰ আলি আৰু ৫২ নং বি সংযোগী পথৰ বহলহাবি গাঁৱৰ মাজেৰে সোণাৰি অভিমুখে গৈ থকা অৱস্থাতে সোণাৰি আৰক্ষী আৰু সাপেখাতী আৰক্ষীৰ যুটীয়া অভিযানকাৰী দলে দুয়োটা যুৱকক আটক কৰাৰ উপৰিও বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰে । আৰক্ষীৰ সূত্ৰ অনুসৰি নিষিদ্ধ ব্ৰাউন চুগাৰ সৰবৰাহত জড়িত যুৱক দুটা সোণাৰি ৰজা পুখুৰী ৰোপক দে ওৰফে পিংক দে আৰু সোণাৰি নগৰৰ ৭ নং ৱাৰ্ডৰ অচিক ওৰফে আজিবুৰ ৰহমান বুলি জানিব পৰা গৈছে। সোণাৰি আৰক্ষী আৰু সাপেখাতী আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই পাছে পাছে খেদি খেদি নাম্বাৰ প্লেট বিহীত স্কুটিৰ সহিতে ৩৬.৩৭ গ্ৰামৰ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰে আৰু আৰক্ষীৰ সূত্ৰৰ মতে উদ্ধাৰ কৰা ড্ৰাগছ খিনিৰ বজাৰ মূল্য দুই লাখ টকা। ইতিমধ্যে নিষিদ্ধ ড্ৰাগছ সৰবৰাহত জড়িত দুয়োটা যুৱকক সম্পত্তি সাপেখাতী আৰক্ষীৰ জিন্মাত আছে আৰু দুয়োটাকে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

RELATED ARTICLES
Lucknow
clear sky
40.6 ° C
40.6 °
40.6 °
16 %
5.8kmh
1 %
Mon
40 °
Tue
42 °
Wed
44 °
Thu
45 °
Fri
46 °

Most Popular