39.1 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমকলগাছিয়াৰ বগুলামাৰীত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি, নিজ পত্নীয়ে দা'ৰে ঘপিয়াই প্ৰাণে মাৰাৰ...

কলগাছিয়াৰ বগুলামাৰীত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি, নিজ পত্নীয়ে দা’ৰে ঘপিয়াই প্ৰাণে মাৰাৰ চেষ্টা স্বামীক, পত্নীৰ বিৰুদ্ধে এজাহাৰ দাখিল স্বামীৰ

কলগাছিয়াৰ বগুলামাৰীত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি, নিজ পত্নীয়ে দা’ৰে ঘপিয়াই প্ৰাণে মাৰাৰ চেষ্টা স্বামীক, পত্নীৰ বিৰুদ্ধে এজাহাৰ দাখিল স্বামীৰ

ষ্টাফ ৰিপৰ্টাৰ দুৰ্নীতিৰ দৰ্পণ, বৰপেটা ২২ এপ্ৰিলঃ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বগুলামাৰী গাঁৱৰ পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। লালচানৰ পত্নী তথা তিনি সন্তানৰ মাতৃ মফিদা ছিদ্দিকীয়ে পৰকীয়া প্ৰেমত লিপ্ত হৈ নিশা প্ৰায় তিনি বজাত স্বামী লালচানে টুপনি যোৱা অৱস্থাত দা’ৰে ঘপিয়াই হত্যাৰ চেষ্টা চলায়। ফলত লালচানৰ মূৰ, হাত আৰু মুখমণ্ডলত দা’ৰে কোবাই আঘাত কৰি ঘৰৰ পৰা তিনি লক্ষাধিক টকা আৰু সোণ ৰূপৰ অলংকাৰ লুট কৰি পত্নী মফিদা ছিদ্দিকীয়ে পলায়ন কৰে বুলি অভিযোগ উত্থাপন কৰিছে আহত স্বামীয়ে। মফিদা ছিদ্দিকীয়ে ইয়াৰ পূৰ্বে দুবাৰকৈ পৰকীয়া প্ৰেমিকৰ সৈতে দিল্লীলৈ পলাই গৈছিল যদিও স্বামীয়ে বুজাই পৰাই ঘৰলৈ লৈ আহিছিল। প্ৰায় ৫ বছৰ সুখে সংসাৰ কৰাৰ পিছত ধুৰন্ধৰ পত্নীয়ে অতি কৌশলগত ভাবে পৰকীয়া প্ৰেমিকৰ কথা মতে স্বামী গৃহত বাকী থকা দুৱাৰত ৰছীৰে বান্ধি সোমবাৰে নিশা অনুমান তিনি বজাত শোৱাপাটীতেই স্বামীক দা’ৰে ঘপিয়াই প্ৰাণে মাৰাৰ চেষ্টা কৰে। পিছে স্বামীয়ে প্ৰাণৰ মায়াত চিঞৰ বাখৰ কৰাত পৰিয়ালৰ আন সদস্য সকলে সাৰ পাই উঠাৰ লগে লগে ঘাতক পত্নী মফিদা ছিদ্দিকীয়ে পলায়ন কৰে। পিছে পৰিয়ালৰ লোকে ততাতয়াকৈ তিতাপানী ক্ষুদ্ৰ প্ৰাথমিক চিকিসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। পৰবৰ্তী সময়ত প্ৰাথমিক চিকিৎসা সামৰি আহত অৱস্থাত কলগাছিয়া আৰক্ষী থানাত উপস্থিত হৈ স্বামীয়ে এখন এজাহাৰ দাখিল কৰিছে যদিও বাতৰি যুগুত কৰা লৈকে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হোৱা নাই। পত্নীয়ে স্বামীৰ লগত অমানৱীয় ঘটনা সংঘটিত কৰাৰ পিছৰ পৰা বৰ্তমানলৈকে পত্নী মফিদা ছিদ্দিকৰ কোনো শুংসূত্ৰ পোৱা নাই বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। সেয়ে ভুক্তভোগী স্বামীয়ে ন্যায় বিচাৰি প্ৰশাসনক আবেদন জনাইছে। পৰবৰ্তী সময়ত আৰক্ষী প্ৰশাসনে ঘাতক পত্নী মফিদা ছিদ্দিকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হব লক্ষণীয়।

RELATED ARTICLES
Lucknow
scattered clouds
36.5 ° C
36.5 °
36.5 °
25 %
3.8kmh
49 %
Wed
36 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular