ৰেড ক্ৰছ ছ’চাইটিৰ উদ্যোগত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা
দুৰ্নীতিৰ দৰ্পণ, মাৰ্ঘেৰিটা,২২ এপ্ৰিলঃ ভাৰতীয় ৰেডক্ৰছ ছ’চাইটীৰ মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত তৈলনগৰী ডিগবৈস্থিত সৌমাৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত নিচাযুক্ত দ্রব্য বিৰুদ্ধে এখনি সজাগতা সভা অনুষ্ঠিত হয়। ছ’চাইটীৰ মাৰ্ঘেৰিটা শাখাৰ সাধাৰণ সম্পাদক পবিত্ৰ বৰগোহাঞিয়ে উদ্দেশ্য ব্যাখ্যা কৰি নিচাযুক্ত দ্রব্য সেৱন আৰু অবৈধ সববৰাহে সামাজিক, শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে নিচাযুক্ত দ্রব্য সেৱনৰ জৰিয়তে কেনেকৈ মানৱ জীৱন তিল তিলকৈ নিঃশেষ হৈছে, সেই সম্পৰ্কত ছাত্ৰ-ছাত্ৰী সকলক বিশেষভাৱে অৱগত কৰায় । সজাগতা সভাৰ সমল ব্যক্তি হিচাপে বিশিষ্ট স্নায়ু আৰু মানসিক ৰোগৰ চিকিৎসক ডাঃ বিশ্ব দীপ বৰঠাকুৰে নিচাযুক্ত দ্ৰব্য বিশেষকৈ মদ, ভাং, কানি, গুটখা পৰা ড্রাগছলৈকে বিভিন্ন প্ৰকাৰৰ নিচাযুক্ত দ্রব্য সেৱনৰ ফলত হ’ব পৰা বিভিন্ন ৰোগ আৰু ইয়াৰ ভয়াবহতাৰ কথা দৃশ্য-শ্ৰাব্য মাধ্যমেৰে দাঙি ধৰে। সভাত ডাঃ বৰঠাকুৰৰ ভাষ্য আৰু দৃশ্য দেখি-শুনি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে যুঁজ দিবলৈ সংকল্পবদ্ধ হয়। ডিগবৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড• অৰুণ চন্দ্ৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত সৌমাৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিনেশ ভান্ডাৰীৰ লগতে লগতে বহুকেইখন ব্যাক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। ছ’চাইটিৰ সম্পাদক পবিত্ৰ বৰগোহাঞিয়ে অনাগত সময়ত তিনিচুকীয়া জিলাৰ প্ৰতিখন বিদ্যালয় আৰু মহাবিদ্যালয়ত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মত প্ৰকাশ কৰে। সজাগতা সভাৰ অন্তত সৌমাৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰেড ক্ৰছ ছ’চাইটিৰ জুনিয়ৰ ৰেড ক্ৰছৰ এটি শাখা গঠন কৰি নিলোৎপল গোস্বামী আৰু নন্দিনী গোস্বামী বৰঠাকুৰক তত্বাৱধায়কৰ দায়িত্ব দিয়া হয়।

