38.2 C
New Delhi
Monday, July 27, 2026
spot_img
Homeঅসমউত্তৰ পূৱ সীমান্ত ৰেলৱেৰ কাৰ্গো অপাৰেচন আৰু গ্ৰাহক সেৱা শক্তিশালীকৰণ

উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ কাৰ্গো অপাৰেচন আৰু গ্ৰাহক সেৱা শক্তিশালীকৰণ

উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ কাৰ্গো অপাৰেচন আৰু গ্ৰাহক সেৱা শক্তিশালীকৰণ

লামডিং, পিএন চি,২২ এপ্ৰিল:চলিত বৰ্ষৰ মাৰ্চ মাহত  উত্তৰ-পূব সীমান্ত ৰেলৱেই গ্ৰাহক সন্তুষ্টি আৰু মালবাহী ৰাজহ বৃদ্ধি কৰাৰ লক্ষ্যৰে একাধিক সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপসমূহে লজিষ্টিক দক্ষতা অধিক শক্তিশালীকৰণ, কাৰ্গোৰ সুগম চলাচল নিশ্চিতকৰণ আৰু আঞ্চলিক কৃষি আৰু ঔদ্যোগিক যোগান শৃংখলাৰ বিকাশত সহায় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এই পদক্ষেপসমূহৰ অংশ হিচাপে, লামডিং মণ্ডলৰ অধীনৰ হাৱাইপুৰ ষ্টেচনত মেছাৰ্চ ডালমিয়া চিমেণ্ট (নৰ্থইষ্ট) লিমিটেডৰ গতি শক্তি মাল্টি-মডেল কাৰ্গো টাৰ্মিনেল যোৱা ২৭ মাৰ্চ তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছে। ইয়াৰ উপৰিও, সংশোধিত ফ্ৰেইট ৰেটছ চাৰ্কুলাৰ অনুসাৰে, ৰঙিয়া মণ্ডলৰ অন্তৰ্গত বাইহাটা জিচিটিক ৯ মাৰ্চ ২০২৬ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৯০ দিনৰ বাবে বহিৰ্মুখী মাল পৰিবহন পৰিচালন কৰাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে। এই কৌশলগত পদক্ষেপসমূহে অঞ্চলটোৰ লজিষ্টিক ক্ষমতা যথেষ্টভাৱে শক্তিশালী কৰাৰ লগতে বৃদ্ধি পাই থকা মালবাহী চাহিদা দক্ষতাৰে পূৰণ কৰিবলৈ সহায় কৰিব।

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ব্যৱসায় উন্নয়ন ইউনিট (বিডিইউ) পদক্ষেপৰ অধীনত ইয়াৰ সমগ্ৰ মণ্ডলসমূহত প্ৰশংসনীয়ভাৱে  মালবাহী ৰেলৰ লোডিঙত অভিলেখ গঢ়িছে। আলিপুৰদুৱাৰ মণ্ডলৰ অন্তৰ্গত ধুপগুড়ী ৰেল ষ্টেচনৰ পৰা মুঠ ৪.৫ ৰেক (১৮৯ টা ৱেগন) আলু সফলভাৱে বিভিন্ন গন্তব্যস্থানলৈ লোড কৰা হয় আৰু ০.৭৬ কোটি টকাৰ মালবাহী ৰাজহ উপাৰ্জন কৰা হৈছে। ইয়াৰ উপৰিও, কাটিহাৰ মণ্ডলৰ অন্তৰ্গত পূৰ্ণিয়া, জালালগড় আৰু কাটিহাৰ জংচনৰ পৰা বাংলাদেশলৈ ৬ ৰেক (২৫২ ৱেগন) মাকৈ লোড কৰা হয় আৰু  ০.৫৫ কোটি টকাৰ ৰাজহ উপাৰ্জন কৰা হৈছে।

লামডিং মণ্ডলৰ অধীনতো উল্লেখযোগ্য পৰিমাণৰ মালবাহী পৰিবহন সম্পন্ন কৰা হৈছে। বিভিন্ন প্ৰাৰম্ভিক স্থানৰ পৰা বিভিন্ন গন্তব্যস্থানলৈ  মুঠ ২৭৪১ টা ৱাগন ষ্টোন চিপছ পৰিবহন কৰা হয়। ইয়াৰ উপৰিও, ২৮৬৭ টা ৱাগনত চিমেণ্ট পৰিবহন কৰা হয় যাৰদ্বাৰা ১১.৫২ কোটি টকাৰ মালবাহী ৰাজহ উপাৰ্জন হৈছে। ৪৪১ ৱাগন পিঅ’এল (পেট্ৰ’লিয়াম, অইল আৰু লুব্ৰিকেণ্টছ) পৰিবহণৰ জৰিয়তে ৩.৮৮ কোটি টকাৰ ৰাজহ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আনহাতে ১০৭ টা ৱাগনত বাঁহ/চিপচৰ পৰিবহনো কৰা হয়, যিয়ে সামগ্ৰিক মালবাহী ৰেলৰ প্ৰদৰ্শন অধিক শক্তিশালী কৰি তুলিছে। 

উত্তৰ-পূব সীমান্ত ৰে’লৱেই অঞ্চলটোৰ লজিষ্টিক আৰু যোগান শৃংখল পৰিস্থিতিতন্ত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ লগতে ইয়াৰ মালবাহী সেৱা আৰু গ্ৰাহকৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। নিৰন্তৰ পদক্ষেপ আৰু প্ৰযুক্তি-চালিত সমাধানৰ জৰিয়তে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ গ্ৰাহকসকলৰ বাবে দ্ৰুত, সুৰক্ষিত আৰু অধিক দক্ষ পৰিবহণ নিশ্চিত কৰাৰ লক্ষ্য ৰাখিছে।

RELATED ARTICLES
Lucknow
overcast clouds
34.6 ° C
34.6 °
34.6 °
47 %
2.9kmh
100 %
Mon
37 °
Tue
37 °
Wed
35 °
Thu
37 °
Fri
34 °

Most Popular