41.1 C
New Delhi
Friday, April 24, 2026
spot_img
Homeঅসমচৰাইদেউ বিমলাপুৰত অনলাইন লটাৰীৰ নামত দুষ্ট চক্ৰই লুটিছে বৃহৎ পৰিমাণৰ ধন আৰক্ষীয়ে...

চৰাইদেউ বিমলাপুৰত অনলাইন লটাৰীৰ নামত দুষ্ট চক্ৰই লুটিছে বৃহৎ পৰিমাণৰ ধন আৰক্ষীয়ে লটাৰীৰ দুষ্ট চক্ৰ কৰায়ত্ত কৰিবলৈ সক্ষম হবনে ?

চৰাইদেউ বিমলাপুৰত অনলাইন লটাৰীৰ নামত দুষ্ট চক্ৰই লুটিছে বৃহৎ পৰিমাণৰ ধন আৰক্ষীয়ে লটাৰীৰ দুষ্ট চক্ৰ কৰায়ত্ত কৰিবলৈ সক্ষম হবনে ?

ভাগ্য উদয় হোৱা টিকতৰ গৰাকীয়ে লাখটকীয়া গাড়ী নিবলৈ আহি সুদাহাতে উভতিল

চৰাইদেউৰ পৰা ৰাজু গগৈ ৰিপ’ৰ্ট , দুৰ্নীতিৰ দৰ্পণ সেৱা ২৩ এপ্ৰিল ২০২৬ : চৰাইদেউ জিলাৰ সাপেখাটী ৰাজহ চক্ৰ অন্তৰ্গত চৰাইপুঙ আৰক্ষী থানাৰ চৰাইদেউ জিলাৰ সাপেখাটী ৰাজহ চক্ৰৰ অন্তৰ্গত চৰাইপুং আৰক্ষী থানাৰ এলেকাধীন এক নং চৰাইপুঙৰ বিমলাপুৰ চাহ বাগিচাৰ খেল পথাৰ শেহতীয়াকৈ যোৱা এটা বছৰৰ পৰা অন লাইন উপহাৰ কুপন লটাৰী খেলৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈ সৰ্বত্ৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। উল্লেখ্য কৰা প্ৰয়োজন শ্ৰী মন্ত শংকৰদেৱ সংঘৰ লাহদৈ শংকৰজ্যোতি প্ৰাথমিক শাখাৰ নামত কোনো দুষ্ট যোৱা ২০২৫ বৰ্ষৰ আগষ্ট মাহত এখন ভুৱা অনলাইন লটাৰী অনুষ্ঠিত কৰি অনলাইনৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰে । উক্ত খেল খনৰ বিষয়ে সামাজিক মাধ্যমৰ জৰিয়তে অৱগত হৈ লাহদৈ শংকৰজ্যোতি প্ৰাথমিক শাখাই স্হানীয় চৰাইপুং আৰক্ষী থানাত গোচৰ দিয়ে যদিও পুনৰ লাহদৈ শংকৰজ্যোতি প্ৰাথমিক শাখাৰ নামগৃহৰ নামত চলিত বৰ্ষৰ যোৱা ইংৰাজী ক্ৰমে ৩ মাৰ্চ , ৭ মাৰ্চ আৰু ৩০ মাৰ্চ তাৰিখে বিমলাপুনৰ চাহ বাগিচাৰ খেলপথাৰত খেলা অনুষ্ঠিত কৰা বুলি ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰি একেটা শংকৰদেৱৰ সংঘৰ নামগৃহৰ নামত পুনৰ ভুৱা অনলাইন লটাৰী খেল অনুষ্ঠিত কৰি পুনৰ দুষ্ট চক্ৰই বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰে বুলি জানিব পৰা গৈছে।ভুৱা অনলাইন লটাৰী খেল চৰাইপুঙৰ বিমলাপুৰ চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত কৰা হৈছিল বুলি প্ৰচাৰ কৰি বৃহৎ লটাৰীৰ জাল পেলোৱা দুষ্ট চক্ৰৰ এনে কাৰ্যত বিমালাপুৰৰ লগতে সমগ্ৰ চৰাইপুঙ অঞ্চলৰ ৰাইজৰ মাজত বিৰুপ প্ৰভাৱ পৰিছে । উল্লেখযোগ্য যোৱা ২০২৪ বৰ্ষৰ ৩১ জুলাইত বিমলাপুৰ চাহ বাগিচাৰ খেলপথাৰত ১ নং চৰাইপুঙত অৱস্থিত শ্ৰী মন্ত শংকৰদেৱ সংঘৰ লাহদৈ শংকৰজ্যোতি প্ৰাথমিক শাখাৰ নামত নামগৃহৰ দুজন মান সঙ্গী সহিতে কেইজনমান যুৱকে এখন উপহাৰ কুপন খেল অনুষ্ঠিত কৰিছিল । উক্ত খেল খনৰ পৰা লাভ হোৱা অংশৰ পৰা নূন্যতম এক লাখ টকা নামগৃহলৈ দান সূত্ৰে আগবঢ়াইছিল । উক্ত উপহাৰ কুপন খেল খনেই লাহদৈ শংকৰজ্যোতি প্ৰাথমিক শাখাৰ নাম গৃহৰ নামত খেলুৱা প্ৰথম আৰু শেষ খেল । নাম গৃহৰ পৰিচালনা সমিতিৰ সভাপতি ধ্ৰুৱ গগৈ আৰু সম্পাদক যাদৱ শইকীয়া সহিতে ৰাইজে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে জানিবলৈ দিছে যে উক্ত খেল খনৰ পাছত উক্ত নাম গৃহৰ নামত কোনো ধৰণৰ অফ লাইন অথবা অনলাইন লটাৰী খেল অনুষ্ঠিত কৰা হোৱা নাই আৰু ভৱিষ্যতেও খেলুৱাৰ সম্ভাৱনা নাই । কোনো দুষ্ট চক্ৰই বাৰে বাৰে লাহদৈ শংকৰজ্যোতি নাম গৃহৰ নামত পুনৰ ভুৱা অনলাইন লটাৰীৰ খেল অনুষ্ঠিত কৰি সৰ্বসাধাৰণ ৰাইজক ঠগি বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰি থকা কাৰ্যৰিৰুদ্ধে নামগৃহৰ পৰিচালনা সমিতিৰ ফালৰ পৰা পুনৰ গত ইংৰাজী পাচঁ এপ্ৰিল তাৰিখে স্হানীয় আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ উপৰিও চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক বিহীত ব্যৱস্থা গ্ৰহণ দাবীত লিখিত অভিযোগ দাখিল কৰে । অন্যহাতে অনলাইন টিকট ক্ৰয় কৰি পুৰষ্কাৰৰ পৰা বঞ্চিত হোৱ বৰপেটা আৰু লক্ষীমপুৰৰ দুগৰাকী গ্ৰাহকে নামগৃহৰ পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পাদক বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বুলি জানিব পৰা গৈছে । আনহাতে যোৱা ১৩ এপ্ৰিল তাৰিখে পুনৰ বিমলাপুৰ চাহ বাগিচাৰ খেলপথাৰত শ্ৰী শ্ৰী শিৱ মন্দিৰৰ উন্নয়নৰ সাহায্যৰ্থে দুষ্ট চক্ৰই ছ’চিয়েল মিডিয়াৰ জৰিয়তে দামী দামী গাড়ী উপহাৰ কুপন খেল অনুষ্ঠিত কৰা হৈছে বুলি বহুলভাৱে প্ৰচাৰ কৰে আৰু এটা লটাৰী টিকট মূল্য ২০০ টকাকৈ ধাৰ্য্য কৰে । ১৩ এপ্ৰিলৰ খেল খনৰ বাবে উপহাৰ কুপনৰ লটাৰী দুষ্ট চক্ৰই অনলাইন আৰু অফলাইনৰ জৰিয়তে টিকট বিক্ৰী কৰি লটাৰী টিকট সমূহত কাৰ্যালয়ৰ তথা যোগাযোগৰ ফোন নম্বৰ ৮৮২২৭৪৬৯৫৩ উপহাৰ কুপনত সন্নিবিষ্ট কৰে। উক্ত শিৱ মন্দিৰৰ উন্নয়নৰ সাহায্যৰ্থে অনুষ্ঠিত কৰা উপহাৰ কুপন টিকতত সভাপতি ধীৰেশ্বৰ বড়ো , সম্পাদক হৰিপ্ৰসাদ দাস , সহকাৰী সম্পাদক মুনিন্দ্ৰ মেধিৰ নাম আৰু স্বাক্ষৰ আছে । আনকি দুষ্ট চক্ৰ টোৱে অফ লাইনৰ উপহাৰ কুপনৰ লটাৰী টিকট গুৱাহাটীৰ পল্টন বজাৰটো বিক্ৰী কৰিছিল বুলি টিকত ক্ৰয় কৰা দুষ্ট চক্ৰৰ প্ৰতাৰণাৰ বলি হোৱা লোকৰ পৰা জানিব পৰা গৈছে । ১৩ এপ্ৰিলৰ সন্ধিয়া দুষ্ট চক্ৰটোৱে টিকত ক্ৰয় কৰা লোকসকললৈ হুৱাইট এপত খেল খনৰ ফলাফল প্ৰেৰণ কৰে আৰু পুৰস্কাৰ পাবলৈ সক্ষম হোৱা লোক সকলক তেওঁলোকৰ প্ৰাপ্য উপহাৰ লাখটকীয়া দামী গাড়ী নিবৰ বাবে বিমলাপুৰলৈ আজি মাতি পঠায়। যোৱা ১৯ এপ্ৰিলত দিনৰ ভাগত চৰাইপুং বিমলাপুৰত চৰাইদেউ বেঙেনাবাৰীৰ , শিৱসাগৰ নাজিৰাৰ , গোলাঘাটত , নগাঁও , গোৱালপাৰা , হোজাই বৰপেটা , লক্ষীমপুৰ , গহপুৰ আদি কৰি বহু কেইজন পুৰস্কাৰ বিজেতা আহি বিমলাপুৰৰ বাগিচাৰ খেলপথাৰত পুৰস্কাৰ সমূহ নিবৰ বাবে উপস্হিতত হয়হি। পুৰস্কাৰ বিজেতা সকলে বিমলাপুৰৰ নিদিষ্ট স্হানত কোনো খেল অনুষ্ঠিত কৰাৰ ওমঘাম নাপায় স্হানীয় ৰাইজৰ লগত কথা বতৰা পাতি যোৱা ২০২৪ চনৰ ৩১ জুলাইৰ পৰা বিমলাপুৰত কোনো ধৰণৰ উপহাৰ কুপন খেল অনুষ্ঠিত নোহোৱা বুলি জানিব পাৰে । ইতিমধ্যে পুৰস্কাৰ বিজেতা সকলৰ দুই তিনি জনৰ গ্ৰাহকৰ পৰা লাখটকীয়া গাড়ী ৰেজিষ্ট্ৰেচন কৰি দিবৰ বাবে পানকাৰ্ড , আধাৰ কাৰ্ড দুষ্ট চক্ৰই হুৱাইট এপত জৰিয়তে লোৱাৰ উপৰিও দহৰ পৰা পোন্ধৰ হাজাৰকৈ টকা অনলাইন জৰিয়তে লৈছে বুলি জানিব দিয়ে। দুষ্ট চক্ৰৰ প্ৰতাৰণাৰ বলি হৈ আজি বিমলাপুৰৰ পৰা লাখটকীয়া দামী গাড়ী ঘৰলৈ নিবলৈ আহি শুদা হাতে ঘৰমুৱা হ’ব লগা পৰে ভুৱা উপহাৰ কুপনৰ দুষ্ট চক্ৰৰ প্ৰতাৰণাৰ বলি হৈ অনলাইন লটাৰী টিকট ক্ৰয় কৰা লোক সকল । চৰাইদেউ জিলা তথা আৰক্ষী প্ৰশাসনক ভেঙুচালি কৰি চৰাইপুঙৰ বিমলাপুৰ চাহ বাগিচাৰ খেলপথাৰত উপহাৰ কুপনৰ লটাৰী খেল অনুষ্ঠিত কৰা বুলি ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ কৰি সাধাৰণ ৰাইজ তেজপি খোৱা এনে লটাৰীৰী চক্ৰ উৎখাত কৰিবলৈ বিমলাপুৰ বাসী ৰাইজৰ লগতে চৰাইদেউ জিলাৰ সচেতন ৰাইজে প্ৰশাসনক দাবী জনাইছে । ইতিমধ্যে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰু খুব কম দিনৰ ভিতৰতে উক্ত ভুৱা অনলাইন লটাৰী দুষ্ট চক্ৰ আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে ।

RELATED ARTICLES
Lucknow
dust
41 ° C
41 °
41 °
11 %
3.1kmh
1 %
Fri
43 °
Sat
46 °
Sun
46 °
Mon
46 °
Tue
42 °

Most Popular