মৰাণৰ বিতৰ্কিত শ্ৰম পৰিদৰ্শকৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবীত সংবাদমেল
সোমবাৰৰ ভিতৰত গোচৰ পঞ্জীয়ন নকৰিলে মৰাণৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ লগতে মৰাণ আৰক্ষী থানা ঘেৰাও কৰাৰ হুংকাৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা, মৰাণ, ২৬ এপ্ৰিলঃ মৰাণৰ বিতৰ্কিত শ্ৰম পৰিদৰ্শক ড° মনচুম কাশ্যপৰ ওপৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবীত সৰৱ হৈ পৰিছে মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ । আজি সন্থাৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই বিতৰ্কিত শ্ৰম পৰিদৰ্শক গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত পুনৰ সৰৱ হৈ পৰে । শ্ৰম পৰিদৰ্শক ড° মনচুম কাশ্যপৰ বিৰুদ্ধে যোৱা ২৪ এপ্ৰিলত মৰাণ আৰক্ষী থানাত মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই তথ্য -প্ৰমাণসহ এজাহাৰ দাখিল কৰিছিল যদিও আজি পৰ্যন্ত আৰক্ষীয়ে গোচৰ পঞ্জীয়ন নকৰাৰ অভিযোগ উত্থাপন কৰিছে সন্থাই । অহা সোমবাৰৰ ভিতৰত বিতৰ্কিত শ্ৰম পৰিদৰ্শক গৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে মঙ্গলবাৰে মৰাণ আৰক্ষী থানা ঘেৰাও কৰাৰ লগতে অনিৰ্দিষ্টকাললৈ মৰাণ নগৰৰ সকলো ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ ৰখাৰ হুংকাৰ দিছে ব্যৱসায়ী সন্থাই । উল্লেখ্য যে ডিব্ৰুগড় জিলাৰ মৰাণ আৰু খোৱাঙৰ দায়িত্বত থকা শ্ৰম পৰিদৰ্শক ড° মনচুম কাশ্যপৰ বিৰুদ্ধে মৰাণৰ ঊষা জুৱেলাৰীৰ পৰা আঙুঠি চুৰি কৰা আৰু ব্যৱসায়ী সকলৰ পৰা ভয় ভাবুকিৰে ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছিল । ঊষা জুৱেলাৰীত সংঘটিত ঘটনাৰ পিছতে জুৱেলাৰীখনৰ গৰাকীৰ সৈতে বিষয়টো নিষ্পত্তি কৰে যদিও মৰাণৰ বহু সংখ্যক ব্যৱসায়ীয়ে শ্ৰম পৰিদৰ্শক গৰাকীৰ বিৰুদ্ধে ভয়-ভাবুকিৰে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছিল । এই বিষয়ত ইতিমধ্যে মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই বিতৰ্কিত শ্ৰম পৰিদৰ্শক গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যদিও দুটা দিন উকলি যোৱাৰ পিছতো মৰাণ আৰক্ষীয়ে ড° মনচুম কাশ্যপৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন নকৰাত ক্ষুব্ধ মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই আজি সংবাদমেল অনুষ্ঠিত কৰে ।

