39.4 C
New Delhi
Monday, June 15, 2026
spot_img
Homeঅসমউত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দ্বাৰা ২৯ লাখ টকাৰো অধিক মূল্যৰ...

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দ্বাৰা ২৯ লাখ টকাৰো অধিক মূল্যৰ গাঞ্জা জব্দ:

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দ্বাৰা ২৯ লাখ টকাৰো অধিক মূল্যৰ গাঞ্জা জব্দ:
নিষিদ্ধ সামগ্ৰীৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ
মালিগাঁও,পিএন চি, ২৬ এপ্ৰিল:ৰেলৱেৰ জৰিয়তে নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে চলোৱা অভিযান অব্যাহত ৰাখি উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে ইয়াৰ অধিক্ষেত্ৰৰ অন্তৰ্গত এলাকাসমূহত গাঞ্জাৰ চোৰাং সৰবৰাহ ৰোধ কৰাৰ দিশত উল্লেখযোগ্য সফলতা লাভ কৰিছে। চলিত বৰ্ষৰ ২০ ৰ পৰা ২২ এপ্ৰিললৈকে চলোৱা ব্যাপক তালাচী আৰু অভিযানত ৰেলৱেৰ সুৰক্ষা বাহিনীৰ টীমে এই ৰেলৱেৰ অধীনৰ বিভিন্ন ৰেলৱে ষ্টেচনৰ পৰা প্ৰায় ৬০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে, যাৰ মূল্য ২৯ লাখ টকাৰো অধিক। ইয়াৰ উপৰিও গাঞ্জাৰ অবৈধ পৰিবহণৰ সৈতে জড়িত তিনিজন ব্যক্তিক কৰায়ত্ত কৰি পৰৱৰ্তী বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট জিআৰপি আউটপোষ্টৰ হাতত গতাই দিয়া হয়।
চলিত বৰ্ষৰ ২০ এপ্ৰিল তাৰিখে নিউ জলপাইগুড়ী ৰেলৱে ষ্টেচনৰ ৰেলৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে দুটা পৃথক পৃথক ঘটনাত চলোৱা নিয়মিত তালাচী আৰু অভিযানৰ সময়ত পৰ্যাপ্ত পৰিমাণৰ গৰাকীবিহীন গাঞ্জা উদ্ধাৰ কৰে। প্ৰথমটো ঘটনাত প্ৰায় প্ৰায় ৯ লাখ টকা মূল্যৰ ১৮ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰা হয়, আনহাতে দ্বিতীয়টো অভিযানত প্ৰায় ৬.৯০ লাখ টকা মূল্যৰ ১৩.৮০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰা হয়। দুয়োটা ঘটনাত উদ্ধাৰ কৰা নিষিদ্ধ সামগ্ৰীখিনি জব্দ কৰি পৰৱৰ্তী বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে নিউ জলপাইগুড়ীৰ জিআৰপি আউটপোষ্টত গতাই দিয়া হয়।
আনহাতে চলিত বৰ্ষৰ ২১ এপ্ৰিল তাৰিখে আগৰতলাৰ ৰেলৱে সুৰক্ষা বাহিনীৰ টীমে জিআৰপিৰ সৈতে সমন্বয়েৰে আগৰতলা ৰেলৱে ষ্টেচনত দুজন ব্যক্তিক কৰায়ত্ত কৰি তেওঁলোকৰ জিম্মাৰ পৰা প্ৰায় ১০.৭৪ লাখ টকা মূল্যৰ ২১.৪৮ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে। কৰায়ত্ত কৰা ব্যক্তি দুজনৰ সৈতে জব্দ কৰা গাঞ্জা পৰৱৰ্তী বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে জিআৰপি/আগৰতলা আউটপোষ্টৰ হাতত গতাই দিয়া হয়।
এই অভিযান অব্যাহত ৰাখি চলিত বৰ্ষৰ ২২ এপ্ৰিল তাৰিখে আগৰতলাৰ ৰেলৱে সুৰক্ষা বাহিনীৰ টীমে জিআৰপিৰ সৈতে যুটিয়াভাৱে আগৰতলা ৰেলৱে ষ্টেচনত এজন ব্যক্তিক কৰায়ত্ত কৰি প্ৰায় ৩ লাখ টকা মূল্যৰ ৬ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে। কৰায়ত্ত কৰা ব্যক্তি আৰু নিষিদ্ধ সামগ্ৰী জিআৰপি/আগৰতলা আউটপোষ্টৰ হাতত গতাই দিয়া হয়।
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে ৰেলৱে পৰিসৰ আৰু ৰেলসমূহক নিষিদ্ধ মাদকদ্ৰব্যৰ চোৰাং সৰবৰাহৰ বাবে ব্যৱহাৰ কৰাটো ৰোধ কৰিবলৈ নিয়মিতভাৱে কেন্দ্ৰীভূত অভিযান, নিৰীক্ষণ আৰু গোপন সূত্ৰৰ আধাৰত অভিযান চলাই আহিছে। এই অহৰহ পদক্ষেপে যাত্ৰীসকলৰ বাবে সুৰক্ষিত আৰু নিৰাপদ ৰেলৱে পৰিৱেশ নিশ্চিত কৰাৰ দিশত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে।

RELATED ARTICLES
Lucknow
clear sky
39.7 ° C
39.7 °
39.7 °
19 %
4.2kmh
0 %
Mon
41 °
Tue
42 °
Wed
43 °
Thu
45 °
Fri
45 °

Most Popular