হাইলাকান্দিত ষ্ট্ৰংৰুম পৰিদৰ্শনত কংগ্ৰেছ প্ৰতিনিধি দল জিলা আয়ুক্তৰ সৈতে গঠনমূলক বৈঠক
প্ৰীতম দাস হাইলাকান্দি ২৮ এপ্ৰিল: বৰাক উপত্যকাত আগন্তুক নিৰ্বাচনী প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহৰ তৎপৰতাৰ গতি দিনক দিনে বৃদ্ধি পাইছে। এই পৰিপ্ৰেক্ষিতত মঙলবাৰে হাইলাকান্দিত কংগ্ৰেছ দলৰ এখন উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল উপস্থিত হৈ গভৰ্ণমেণ্ট ভিক্টোৰিয়া মেমোৰিয়েল উচ্চ মাধ্যমিক বিদ্যালয়ত অৱস্থিত ষ্ট্ৰংৰুম পৰিদৰ্শন সম্পন্ন কৰে।সূত্ৰ অনুসৰি প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ উদ্যোগত বৰাক উপত্যকাৰ নিৰ্বাচনী পৰিস্থিতি পৰ্যবেক্ষণ, প্ৰশাসনিক প্ৰস্তুতি মূল্যায়ন আৰু নিৰ্বাচনী স্বচ্ছতা নিশ্চিত কৰাৰ লক্ষ্যৰে এখন বিশেষ প্ৰতিনিধি দল গঠন কৰা হয়। উক্ত দলখনৰ নেতৃত্বত আছে প্ৰাক্তন মন্ত্ৰী অজিত সিং।আজি প্ৰতিনিধি দলটো হাইলাকান্দিত উপস্থিত হৈ জিলা কংগ্ৰেছ সভাপতি আনাম উদ্দিন লস্কৰৰ নেতৃত্বত ষ্ট্ৰংৰুম পৰিদৰ্শনত অংশগ্ৰহণ কৰে। প্ৰতিনিধি দলত উপস্থিত আছিল অজিত সিং, অভিজিৎ পাল, বিধায়ক আমিনুল ইছলামসহ জিলা কংগ্ৰেছৰ কেইবাজনো নেতা আৰু পদাধিকাৰী।পৰিদৰ্শনৰ সময়ত প্ৰতিনিধি দলৰ সদস্যসকলে ষ্ট্ৰংৰুমৰ নিৰাপত্তা ব্যৱস্থা সংৰক্ষণ প্ৰক্ৰিয়া আৰু নিৰ্বাচনৰ সৈতে জড়িত প্ৰস্তুতিৰ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰে। বিশেষকৈ চিচিটিভি নজৰদাৰী প্ৰৱেশ আৰু নিৰ্গমন নিয়ন্ত্ৰণ ব্যৱস্থা আৰু সামগ্ৰিক নিৰাপত্তা ব্যৱস্থাৰ দিশসমূহ খতিয়ান কৰা হয় বুলি জানিব পৰা গৈছে।পৰিদৰ্শনৰ পিছত প্ৰতিনিধি দলৰ সদস্যসকলে হাইলাকান্দিৰ জিলা আয়ুক্ত অভিষেক জৈনৰ সৈতে এখন গঠনমূলক বৈঠকত মিলিত হয়। জিলা প্ৰশাসনৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা বজাই ৰখা নিৰাপত্তা ব্যৱস্থা অধিক সুদৃঢ় কৰা আৰু প্ৰশাসনিক প্ৰস্তুতিৰ বিভিন্ন দিশত বিস্তৃত আলোচনা কৰা হয় বুলি নিৰ্ভৰযোগ্য সূত্ৰই জানিবলৈ দিছে।যদিও বৈঠকৰ নিৰ্দিষ্ট আলোচ্য বিষয়সমূহ সন্দৰ্ভত আনুষ্ঠানিকভাৱে বেছি তথ্য প্ৰকাশ কৰা হোৱা নাই তথাপিও প্ৰশাসন আৰু ৰাজনৈতিক প্ৰতিনিধিসকলৰ মাজত এনে সমন্বয়মূলক আলোচনা নিৰ্বাচনী প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাত সহায়ক হ’ব বুলি ধাৰণা কৰা হৈছে।ইফালে এই পৰিদৰ্শন আৰু বৈঠকক কেন্দ্ৰ কৰি হাইলাকান্দি জিলাৰ ৰাজনৈতিক মহলত বিভিন্ন প্ৰতিক্ৰিয়া লক্ষ্য কৰা গৈছে। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে বিভিন্ন দলৰ তৎপৰতা আগন্তুক দিনসমূহত আৰু বৃদ্ধি পাব পাৰে।
হাইলাকান্দিত ষ্ট্ৰংৰুম পৰিদৰ্শনত কংগ্ৰেছ প্ৰতিনিধি দল জিলা আয়ুক্তৰ সৈতে গঠনমূলক বৈঠক
Lucknow
light rain
33.7
°
C
33.7
°
33.7
°
53 %
3.5kmh
49 %
Tue
35
°
Wed
37
°
Thu
36
°
Fri
33
°
Sat
34
°

