মাৰ্ঘেৰিটাত বিদ্যুৎ বিভাগৰ চৰম গাফিলতি! কৰুণ মৃত্যুক সাৱটিলে হালোৱা গৰুৱে।
দুৰ্নীতিৰ দৰ্পণ, মাৰ্ঘেৰিটা,২৭ এপ্ৰিল ঃ মাৰ্ঘেৰিটাত বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ পৰিণতি হৈছে। মাৰ্ঘেৰিটাৰ দিহিং পথাৰ বস্তিত সংঘটিত হৈছে কৰুণ ঘটনা। পথাৰত চৰি থকা অৱস্থাতে বিদ্যুতস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে এটা হালোৱা গৰুৱে। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে।অন্য দিনাৰ দৰেই কৃষক উমেশ জ্বালে নিজৰ হালোৱা গৰু হাল পথাৰলৈ মেলি দিছিল। কিন্তু তেওঁ জনা নাছিল যে তাত মৃত্যুৱে খাপ পিটি আছিল। হঠাৎ বিদ্যুৎ বিভাগৰ এটাত তাঁৰৰ সংস্পৰ্শত আহে গৰুটো। বিদ্যুৎস্পৃষ্ট হৈ তৎক্ষণাত মৃত্যু ঘটে নিৰীহ গৰুটোৰ।
হালোৱা গৰুটো হেৰুৱাই এতিয়া মুৰে-কপালে হাত দিছে দৰিদ্ৰ কৃষক উমেশ জ্বালে। তেওঁৰ জীৱিকাৰ একমাত্ৰ সম্বলটো হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে কৃষকজন। উমেশ জ্বালৰ অভিযোগ যে বিদ্যুৎ বিভাগৰ দীৰ্ঘদিনীয়া গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হ’ল। আশ্চৰ্যকৰ কথাটো হ’ল, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতহে সাৰ পালে টোপনি গৈ থকা বিদ্যুৎ বিভাগে। বৰ্তমান বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ততাতৈয়াকৈ মেৰামতিৰ কামত নামি পৰিছে। কিন্তু প্রশ্ন হয়— এটা জীৱন যোৱাৰ পিছতহে কিয় সাৰ পায় বিদ্যুৎ বিভাগে? কৃষকজনক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবী তুলিছে স্থানীয় ৰাইজে। চৰকাৰে কৃষকৰ উন্নয়নৰ কথা কয় যদিও, এনেদৰে বিভাগীয় অৱহেলাৰ বাবে কৃষকে সৰ্বস্ব হেৰুৱাব লগীয়া হোৱা ঘটনাই চৰকাৰী বিভাগৰ ফোঁপোলা স্বৰূপটোকে উদঙাই দিছে। এতিয়া চাবলগীয়া হ’ব, দুৰ্ভগীয়া কৃষক উমেশ জ্বালে উচিত ন্যায় পায়নে নাই?

