31.1 C
New Delhi
Wednesday, May 6, 2026
spot_img
Homeঅসমনামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত বিশ্ব বৌদ্ধিক সম্পত্তি অধিকাৰ দিৱস উপলক্ষ্যে বক্তৃতানুষ্ঠানৰ...

নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত বিশ্ব বৌদ্ধিক সম্পত্তি অধিকাৰ দিৱস উপলক্ষ্যে বক্তৃতানুষ্ঠানৰ আয়োজন

নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত বিশ্ব বৌদ্ধিক সম্পত্তি অধিকাৰ দিৱস উপলক্ষ্যে বক্তৃতানুষ্ঠানৰ আয়োজন : মহাবিদ্যালয়ৰ গৱেষণা আৰু উন্নয়ন কোষৰ ৱেবছাইট মুকলি

নামতিৰ পৰা ৰাতুল শৰ্মা ২৭ এপ্ৰিল :- শিৱসাগৰ জিলাৰ নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত বৌদ্ধিক সম্পত্তি অধিকাৰ বিষয়ক এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় ॥ প্ৰতি বছৰে ২৬ এপ্ৰিলৰ দিনা সমগ্ৰ বিশ্বত বৌদ্ধিক সম্পত্তি অধিকাৰ দিৱস (Intellectual Property Day) পালন কৰা হয় ॥ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ (IQAC), উদ্যোগ আৰু উদ্ভাৱন পৰিষদ (IIC) আৰু নেশ্যনেল ডিজিটেল লাইব্ৰেৰী অৱ ইণ্ডিয়াৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় শাখাৰ উদ্যোগত এক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ উমাকান্ত হাজৰিকাই আয়োজন কৰা আঁত ধৰা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ড০ বিমান চন্দ্ৰ বৰাই। আদৰণী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ধ্ৰুৱজ্যোতি নাথে। ভাষণ প্ৰসংগত তেখেতে বৌদ্ধিক সম্পত্তিৰ অধিকাৰ সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত এনে অনুষ্ঠানৰ গুৰুত্ব সম্পৰ্কে কয়। বক্তৃতানুষ্ঠানত সমল‌ ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক অভিজিৎ বৰপূজাৰীয়ে। ভাষণ প্ৰসংগত সমল ব্যক্তি গৰাকীয়ে বৌদ্ধিক সম্পত্তিৰ প্ৰধান উপাদান যেনে, পেটেণ্ট, কপিৰাইট, ট্ৰেডমাৰ্ক, ভৌগোলিক স্বীকৃতি (GI) , ইণ্ডাষ্ট্ৰিয়েল ডিজাইন ইত্যাদি সম্পৰ্কে বিষদ ব্যাখ্যা আগবঢ়ায়। লগতে বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ লগত জড়িত আইনী ব্যৱস্থাৰ বিষয়েও আলোচনা আগবঢ়ায়। এই অনুষ্ঠানতে মহাবিদ্যালয়ৰ গৱেষণা আৰু উন্নয়ন কোষৰ দ্বাৰা প্ৰস্তুত কৰা www.rdc.sppc.org শীৰ্ষক ৱেবছাইট এটা মহাবিদ্যালয়ৰ অধ্যক্ষই আনুষ্ঠানিকভাৱে মুকলি কৰে। মহাবিদ্যালয়ৰ ইতিহাসত নতুনকৈ সংযোজন হোৱা এই ৱেবছাইটোৱে মহাবিদ্যালয়ৰ গৱেষণা তথা বিদ্যায়তনিক দিশত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত সমজুৱাৰ একাষাৰত সমাজতত্ত্ব বিভাগৰ সহযোগী অধ্যাপিকা চেহিদা খাটুনে অনুষ্ঠানটোৰ দ্বাৰা যথেষ্ট উপকৃত হোৱা বুলি মন্তব্য কৰে।

RELATED ARTICLES
Lucknow
haze
30 ° C
30 °
30 °
51 %
1.5kmh
40 %
Wed
36 °
Thu
38 °
Fri
40 °
Sat
41 °
Sun
41 °

Most Popular