চামগুৰিৰ ঐতিহাসিক বৰঢাপত দুষ্কৃতিকাৰীৰ অবৈধ খননঃ দল-সংগঠনৰ তীব্ৰ বিৰোধিতা, অভিযুক্তক আটক
দুৰ্নীতিৰ দৰ্পণ সেৱা আমগুৰি ২৭ এপ্ৰিল: আমগুৰিৰ চামগুৰি অঞ্চলত অৱস্থিত ঐতিহাসিক বৰঢাপৰ অস্তিত্ব বিপন্ন কৰি একাংশ অসাধু তথা দুষ্ট চক্ৰই চলোৱা মাটিৰ অবৈধ খননক কেন্দ্ৰ কৰি আজি সমগ্ৰ অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা এই ঐতিহাসিক বৰঢাপৰ মাটি একাংশ দুষ্ট চক্ৰই ঘৰৰ ভেটি বনাবলৈ কঢ়িয়াই নি থকাৰ খবৰ পাই আটাছুৰ এটি বিষয়ববীয়াৰ দল ঘটনাস্থলীত উপস্থিত হয়। সংগঠনটোৱে ঐতিহাসিক কৃতীচিহ্ন ধ্বংস কৰা এই কাৰ্যৰ তীব্ৰ বিৰোধীতা কৰে।উল্লেখ্য যে, বিগত বৰ্ষতো চামগুৰিৰ এই বৰঢাপৰ একাংশ দুষ্কৃতিকাৰীয়ে ক্ষতিসাধন কৰিছিল আৰু সেই সময়ত স্থানীয় সংগঠনৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত জিলা আয়ুক্ত তথা ৰাজহ চক্ৰ বিষয়াই দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা লোৱাৰ আশ্বাস দিছিল। তাৰ পাছতো পুনৰবাৰ একেই কাৰ্য সংঘটিত হোৱা বিষয়টোক দুৰ্ভাগ্যজনক আখ্যা দি সংগঠনৰ নেতাসকলে ক্ষোভ প্ৰকাশ কৰে। ঘটনাৰ খবৰ পাই স্থানীয় আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু আৰক্ষীৰ হস্তক্ষেপতে অবৈধ খননৰ মাটিখিনি পুনৰ বৰঢাপত স্থাপন কৰা হয়। সংগঠনটোৱে এই কাৰ্যত লিপ্ত দুষ্ট চক্ৰৰ বিৰুদ্ধে অতি শীঘ্ৰেই বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।আনহাতে, শেহতীয়া খবৰ অনুসৰি আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত অভিযুক্তক আটক কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। বুৰঞ্জী প্ৰসিদ্ধ বৰঢাপসমূহ এনেদৰে নিঃচিহ্ন কৰিবলৈ চলোৱা প্ৰচেষ্টাই অঞ্চলটোৰ সচেতন মহলৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।।

