বিষ্ণুপুৰ যুৱ সংঘৰ কেন্দ্ৰীয় ৰঙালী বিহু -২০২৬ ৰ সামৰণি
শিল্পী-সাহিত্যিক লক্ষেশ্বৰ ডেকালৈ শিক্ষাবিদ দিবাকৰ ভৰালী সাধনা বঁটা
দুৰ্নীতিৰ দৰ্পণ, জাগীৰোড, ২৭ এপ্ৰিল: ৰাজ্যত অব্যাহত ৰঙালীৰ উছাহ। ঠায়ে ঠায়ে আড়ম্বৰপূৰ্ণভাৱে ৰঙালী বিহু উদ্ যাপন হৈ থকাৰ সমান্তৰালকৈ জাগীৰোড সমজিলাৰ জাগী ভকতগাঁও বিষ্ণুৰাভা বিহুতলীত অনুষ্ঠিত ৰঙালী বিহুখনি আজি পুৱা সফলভাৱে সামৰণি হয়। বিষ্ণুপুৰ আঞ্চলিক যুৱ সংঘৰ উদ্যোগত আৰু বিষ্ণুৰাভা সাংস্কৃতিক সংঘৰ সহযোগত প্ৰথম বাৰৰ বাবে কেন্দ্ৰীয়ভাৱে আয়োজিত এই বিহুখনিত শদিয়া, চৰাইদেউ, গোলাঘাট, বিশ্বনাথ, নগাঁও, মৰিগাঁও, হোজাই, মঙলদৈ, কামৰূপ আদি বিভিন্ন জিলাৰ বিহুৱতী দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়।বৰ বিহুৱতী প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰি বিশ্বনাথৰ হিয়া বৰকটকীয়ে নগদ ৫০,০০১ টকা লাভ কৰে। দ্বিতীয় স্থান অধিকাৰ কৰি গোলাঘাটৰ কৃষ্ণা হাতী বৰুৱাই লাভ কৰে নগদ ত্ৰিশ হাজাৰ এক টকা আৰু নগদ বিশ হাজাৰ এটকা লাভ কৰে তৃতীয় স্থান অধিকাৰ কৰা চৰাইদেউৰ বন্যাশ্ৰী মহনে। ইফালে সৰু বিহুৱতী প্ৰতিযোগিতাত প্ৰথম স্থান প্ৰাপ্ত পাঠশালাৰ মনমৌ কলিতাক নগদ দহ হাজাৰ এক টকা, দ্বিতীয় স্থান লাভ কৰা নগাঁৱৰ বিপাংক্ষী শইকীয়াক সাত হাজাৰ এটকা আৰু তৃতীয় স্থান অধিকাৰ কৰা শদিয়াৰ নৃতাঙ্গনা গগৈক পাঁচ হাজাৰ এটকা প্ৰদান কৰা হয়। লগতে স্থানপ্ৰাপ্ত সকলক ৰীনা গগৈ সোঁৱৰণী মঞ্চতে নগদ ধনসহ মানপত্ৰ, স্মাৰক, গামোচা, জাপি প্ৰদান কৰে আয়োজক সমিতিয়ে। আনহাতে শ্ৰেষ্ঠ বিহুৱাৰ খিতাপ অৰ্জন কৰে কমল শইকিয়াই। শ্ৰেষ্ঠ ঢুলীয়াৰ সন্মান আজুৰি আনিবলৈ সক্ষম হয় আকাশ ভূঞাই আৰু অৰবিন্দ লালুঙে শ্ৰেষ্ঠ পেঁপুৱাৰ খিতাপ দখল কৰে। তিনিও জনকে মানপত্ৰ, জাপি, গামোচাসহ নগদ পাঁচ হাজাৰ এক টকাকৈ প্ৰদান কৰা হয়। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত উৎসৰ্গিত ঐতিহাসিক জাগী ভকতগাঁৱৰ বিষ্ণুৰাভা বিহুতলীত প্ৰতিকুল বতৰৰ মাজতো দৰ্শক ৰাইজৰ উচ্ছ্বাস আৰু সহযোগিতা দেখি অহা বছৰ বৰ বিহুৱতী প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ নগদ এক লাখ টকালৈ বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰে উদ্যোক্তাসকলে । আনহাতে এই মঞ্চতেই বৃহত্তৰ জাগী ভকতগাঁও অঞ্চল তথা মৰিগাঁও জিলাৰ গৌৰৱ শিক্ষাবিদ দিবাকৰ ভৰালী সাধনা বঁটা -২০২৬ এইবাৰ শিল্পী, সাহিত্যিক লক্ষেশ্বৰ ডেকাক প্ৰদান কৰা হয়। তেওঁক বঁটাসহ নগদ ধন, সম্বৰ্ধনা পত্ৰ, গামোচা, চেলেং আৰু অসমীয়াৰ স্বাভিমান এটি জাপিৰে সম্বৰ্ধনা জনায়। পুৱা বিষ্ণুপুৰ আঞ্চলিক যুৱ সংঘৰ পতাকা উত্তোলন কৰে সভাপতি অচ্যুত শইকীয়াই আৰু বিহুৱান উত্তোলন কৰে উদ্ যাপন সমিতিৰ সভাপতি প্ৰদীপ বৰাই। দিনৰ ভাগত দুটা শাখাত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাৰ পাছতেই গধুলি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ক্ৰমে প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী এধান বৰা, হিৰেণ শৰ্মা আৰু অৰ্পনা বৰুৱাই।
বিষ্ণুপুৰ যুৱ সংঘৰ কেন্দ্ৰীয় ৰঙালী বিহু -২০২৬ ৰ সামৰণিশিল্পী-সাহিত্যিক লক্ষেশ্বৰ ডেকালৈ শিক্ষাবিদ দিবাকৰ ভৰালী সাধনা বঁটা
Lucknow
overcast clouds
28.2
°
C
28.2
°
28.2
°
76 %
2.1kmh
97 %
Tue
36
°
Wed
36
°
Thu
35
°
Fri
34
°
Sat
34
°

