39.7 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমহাইলাকান্দিত আৰক্ষীৰ জোৰদাৰ অভিযানঃ ৪৫ হাজাৰ ইয়াবা টেবলেট জব্দ এজন পাচাৰকাৰী গ্ৰেপ্তাৰ

হাইলাকান্দিত আৰক্ষীৰ জোৰদাৰ অভিযানঃ ৪৫ হাজাৰ ইয়াবা টেবলেট জব্দ এজন পাচাৰকাৰী গ্ৰেপ্তাৰ

হাইলাকান্দিত আৰক্ষীৰ জোৰদাৰ অভিযানঃ ৪৫ হাজাৰ ইয়াবা টেবলেট জব্দ এজন পাচাৰকাৰী গ্ৰেপ্তাৰ
প্ৰতিনিধি হাইলাকান্দি ২৯ এপ্ৰিল: হাইলাকান্দি জিলাত আৰক্ষীৰ এটা সুপৰিকল্পিত আৰু জোৰদাৰ অভিযানত বিপুল পৰিমাণৰ ইয়াবা টেবলেট জব্দ হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে। অসম মিজোৰাম সীমান্তৱৰ্তী ৰামনাথপুৰ অঞ্চলত চলোৱা এই অভিযানত প্ৰায় ৪৫ হাজাৰ ইয়াবা টেবলেট উদ্ধাৰ কৰা হয় আৰু এজন যুবকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। সীমান্ত অঞ্চলত মাদক পাচাৰ ৰোধত আৰক্ষীৰ এই সাফল্যক এটা ডাঙৰ অৰ্জন বুলি গণ্য কৰা হৈছে।আৰক্ষী সূত্ৰে জানিব পৰা মতে মিজোৰামৰ পৰা অহা AS 01 GB 3539 নম্বৰৰ এখন গাড়ীত প্ৰায় ৬.২১ কেজি ইয়াবা টেবলেট পাচাৰৰ উদ্দেশ্যে আনিছিল। দীৰ্ঘদিন ধৰি এই পথেদি মাদক পাচাৰৰ অভিযোগ উত্থাপন হৈ আহিছিল বুলি জানিব পৰা গৈছে। গোপন সূত্ৰৰ বিশ্বাসযোগ্য তথ্যৰ ভিত্তিত ৰামনাথপুৰ আৰক্ষী চকীৰ সন্মুখত বিশেষ নাকা চেকিং আৰম্ভ কৰে আৰক্ষীয়ে। পাছত সন্দেহজনক গাড়ীখন ৰখাই তল্লাশি চলোৱাৰ সময়ত গাড়ীৰ ভিতৰৰ পৰা এই বিপুল পৰিমাণৰ ইয়াবা টেবলেট উদ্ধাৰ কৰা হয়।এই ঘটনাত গ্ৰেপ্তাৰ হোৱা যুবকজনৰ নাম ৰমেশ ভুটিয়ানি। তেওঁৰ ঘৰ কামৰূপ মেট্ৰ’ জিলাত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। প্ৰাথমিক তদন্তত অনুমান কৰা হৈছে যে এই মাদক চালানটো এটা বৃহৎ চক্রৰ সৈতে জড়িত থাকিব পাৰে। জব্দকৃত ইয়াবা টেবলেটসমূহৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১ কোটি ৮০ লাখ টকা বুলি আৰক্ষীয়ে জনায় যিয়ে এই অভিযানৰ গুৰুত্ব অধিক বঢ়াই তোলে।খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় ডিএছপি বিদ্যুৎ কুমাৰ শইকিয়া। তেওঁ সমগ্ৰ অভিযানৰ অগ্ৰগতি পৰ্যালোচনা কৰে। পাছত ধৃত ব্যক্তিজনক জিজ্ঞাসাবাদ কৰি এই পাচাৰ চক্ৰৰ সৈতে জড়িত আন ব্যক্তিসকলক চিনাক্ত কৰাৰ চেষ্টা চলি আছে।বৰ্তমান ধৃত যুবকজনক আটকত ৰাখি ৰামনাথপুৰ আৰক্ষীয়ে জিজ্ঞাসাবাদ অব্যাহত ৰাখিছে। এই ঘটনাৰ সৈতে আন কোনো ব্যক্তি জড়িত আছে নেকি সেয়া তদন্ত কৰি চোৱা হৈছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। প্ৰয়োজন হ’লে আন জিলালৈও তদন্তৰ পৰিধি বঢ়োৱা হ’ব পাৰে।
আৰক্ষীৰ এই সাফল্যত অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। স্থানীয় বাসিন্দাসকলে মাদক পাচাৰ ৰোধত আৰক্ষীৰ এই তৎপরতাক স্বাগত জনাইছে আৰু আগন্তুক সময়তো এনে কঠোৰ ব্যৱস্থা অব্যাহত ৰাখিবলৈ দাবী জনাইছে। লগতে সীমান্ত অঞ্চলত অধিক কঠোৰ নজৰদাৰীৰো দাবী উত্থাপন কৰিছে সাধাৰণ ৰাইজে।

RELATED ARTICLES
Lucknow
broken clouds
36.9 ° C
36.9 °
36.9 °
24 %
5.4kmh
59 %
Wed
39 °
Thu
43 °
Fri
43 °
Sat
43 °
Sun
44 °

Most Popular