30.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমমৰাণ নগৰ সম্পূৰ্ণৰূপে বন্ধ কৰি মৰাণত ব্যৱসায়ী সন্থাৰ প্ৰতিবাদী সমদল ,শ্ৰম পৰিদৰ্শকৰ...

মৰাণ নগৰ সম্পূৰ্ণৰূপে বন্ধ কৰি মৰাণত ব্যৱসায়ী সন্থাৰ প্ৰতিবাদী সমদল ,শ্ৰম পৰিদৰ্শকৰ কাৰ্যালয় ঘেৰাও

মৰাণ নগৰ সম্পূৰ্ণৰূপে বন্ধ কৰি মৰাণত ব্যৱসায়ী সন্থাৰ প্ৰতিবাদী সমদল ,শ্ৰম পৰিদৰ্শকৰ কাৰ্যালয় ঘেৰাও

দুৰ্নীতিৰ দৰ্পণ সেৱা, মৰাণ, ২৮ এপ্ৰিলঃ ডিব্ৰুগড় জিলাৰ মৰাণৰ শ্ৰম পৰিদৰ্শক ড° মনচুম কাশ্যপৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত আজি পুণৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই । আজি পুৱাৰে পৰা মৰাণ নগৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখি ব্যৱসায়ী সকলে নগৰৰ মাজেৰে প্ৰতিবাদী সমদল বাহিৰ কৰে । ইয়াৰ পাছতে মৰাণ নগৰস্থিত শ্ৰম পৰিদৰ্শকৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ব্যৱসায়ী সন্থাই । বিতৰ্কিত শ্ৰম পৰিদৰ্শক গৰাকীক অপসাৰণ কৰাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত ইতিমধ্যে মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই ডিব্ৰুগড় জিলাৰ আয়ুক্ত, মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰাৰ উপৰিও ড° মনচুম কাশ্যপৰ বিৰুদ্ধে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল । কিন্তু আজি পৰ্যন্ত আৰক্ষী-প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই । মৰাণৰ ব্যৱসায়ীসকলক হাৰাশাস্তি কৰাৰ উপৰিও ভয়-ভাবুকিৰে ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হোৱা শ্ৰম পৰিদৰ্শক ড° মনচুম কাশ্যপৰ ওপৰত শীঘ্ৰেই জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে অনিৰ্দিষ্ট কাললৈ মৰাণ বন্ধৰ হুংকাৰ দিছে মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই ।

RELATED ARTICLES
Lucknow
overcast clouds
28.2 ° C
28.2 °
28.2 °
76 %
2.1kmh
97 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
34 °
Sat
34 °

Most Popular