কামৰূপ জিলাৰ চলিত মাহৰ উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন
পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ২৮ এপ্ৰলিঃ কামৰূপ জিলাৰ চলিত মাহৰ উন্নয়ন সমিতিৰ বৈঠকখন মঙ্গলবাৰে জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ সভাপতিত্বত কামৰূপ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। বৈঠকত কামৰূপ জিলাত ৰূপায়ণ হৈ থকা বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতি পৰ্যালোচনা কৰে। মঙ্গলবাৰৰ বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, কৃষি, লোক নিৰ্মাণ পথ আৰু গৃহ, শিক্ষা, জলসিঞ্চন, বন আদি বিভিন্ন বিভাগৰ অধীনত চলি থকা আঁচনি সমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই মঙ্গলবাৰৰ বৈঠকতে বিভিন্ন বিভাগৰ জিলা পৰ্যায়ৰ মুৰব্বী বিষয়াসকলক তেওঁলোকৰ বিভাগৰ অধীনত চলি থকা বিভিন্ন উন্নয়ন মূলক আচঁনি তথা প্ৰকল্পৰ কাম সমূহ খৰটকীয়কৈ ৰূপায়ন কৰাৰ উপৰিও সময়মতে আচঁনি তথা প্ৰকল্পবোৰৰ ৰূপায়ন কৰিবলৈ সংশ্লিষ্ট বিভাগ সমূহক নিৰ্দেশ দিয়ে। লগতে জিলা আয়ুক্তগৰাকীয়ে ভোট গণনা প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছত উন্নয়নমূলক কাম-কাজ অধিক তৎপৰতাৰে আগবঢ়াই নিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ভোট গণনাৰ প্ৰক্ৰিয়াও ওচৰ চাপি অহাৰ কথা উল্লেখ কৰে।একেসময়তে, চলি থকা প্ৰকল্পসমূহ সময়মতে সম্পন্ন কৰাৰ বাবে সকলো বিভাগক সক্ৰিয় আৰু দায়িত্বশীল মনোভাৱে কাম কৰিবলৈ আহ্বান জনায়। বৰ্তমান ঋতুগত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, সম্ভাব্য দুৰ্যোগজনিত পৰিস্থিতিৰ মোকাবিলাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক সাজু থাকিবলৈ আৰু তৎক্ষণাত সঁহাৰি নিশ্চিত কৰিবলৈও জিলা আয়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে। বৈঠকৰ আৰম্ভণিতে আন্তঃবিভাগীয় আৰু যোৱা মাহৰ বৈঠকত প্ৰদান কৰা নিৰ্দেশনা সমূহৰ খতিয়ান গ্ৰহণ কৰে। বৈঠকত কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ গোস্বামী, কামৰূপৰ জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্ত, অতিৰিক্ত জিলা আয়ুক্তসকল ক্ৰমে আদিত্য গগৈ, বিক্ৰম ছেত্ৰী, গীতাশ্ৰী লাচিত, প্ৰাণজিত কুমাৰ দেৱ, জিলা প্ৰশাসনৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।

