34.1 C
New Delhi
Friday, May 1, 2026
spot_img
Homeঅসমকামৰূপ জিলাত সুষম সাৰৰ ব্যৱহাৰৰ ওপৰত সজাগতা অভিযান

কামৰূপ জিলাত সুষম সাৰৰ ব্যৱহাৰৰ ওপৰত সজাগতা অভিযান

কামৰূপ জিলাত সুষম সাৰৰ ব্যৱহাৰৰ ওপৰত সজাগতা অভিযান

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ২৯ এপ্ৰিল: কামৰূপ জিলাত কৃষকসকলক ইউৰিয়া, ডিএপি, এনপিকে আদি সাৰৰ সুষম ব্যৱহাৰৰ বিষয়ে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে মঙ্গলবাৰে এক বিশেষ সজাগতা অভিযান অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচী কামৰূপ জিলাৰ কৃষি কাৰ্যালয়ৰ উদ্যোগত কৃষি বিজ্ঞান কেন্দ্ৰ (KVK), কাহিকুচিৰ সহযোগত আয়োজন কৰা হয়। অভিযানটোৰ মূল লক্ষ্য হৈছে জিলাখনৰ সকলো কৃষি উন্নয়ন বিষয়া (ADO) চক্ৰৰ অন্তৰ্গত প্ৰতিটো ব্লকৰ পৰা ১০০ জনকৈ কৃষকক প্ৰশিক্ষণ প্ৰদান কৰা। সজাগতা সভাসমূহত বিশেষজ্ঞসকলে মাটিৰ উৰ্বৰতা সংৰক্ষণৰ বাবে সাৰৰ যথাযথ ব্যৱহাৰৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ লগতে ইউৰিয়া আৰু ডিএপিৰ দৰে ৰাসায়নিক সাৰৰ অতিমাত্ৰা ব্যৱহাৰে মাটিৰ গুণগত মান ক্ষতিগ্ৰস্ত কৰাৰ বিষয়েও কৃষকসকলক অৱগত কৰা হয়। বিশেষজ্ঞসকলে কৃষকসকলক জৈৱ সাৰ ব্যৱহাৰ, প্ৰাকৃতিক কৃষি পদ্ধতি গ্ৰহণ আৰু ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ জৰিয়তে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়।

RELATED ARTICLES
Lucknow
haze
32 ° C
32 °
32 °
45 %
3.1kmh
20 %
Fri
37 °
Sat
41 °
Sun
39 °
Mon
39 °
Tue
37 °

Most Popular