30.2 C
New Delhi
Friday, July 31, 2026
spot_img
Homeঅসমপ্ৰত্যাহ্বান অতিক্ৰম শুৱালকুছিৰ শিপিনীৰ জীয়ৰী খুচী মড়লৰ সফলতা

প্ৰত্যাহ্বান অতিক্ৰম শুৱালকুছিৰ শিপিনীৰ জীয়ৰী খুচী মড়লৰ সফলতা

মহাবিদ্যালয়ৰ ভিতৰতে সৰ্ব্বোচ্চ নম্বৰ লাভ খুচী মড়লৰ


দুৰ্নীতিৰ দৰ্পণ , শুৱালকুছি , ১ মে : সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত শুৱালকুছিৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান শুৱালকুছি বুদৰাম মাধৱ সত্ৰধিকাৰ মহাবিদ্যালয়ৰ ছাত্ৰী খুচী মড়লে আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ ৮৮.৬ শতাংশ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ মহবিদ্যালয় খনৰ লগতে শুৱালকুছি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছ । খুচী মড়লে আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ সহায়ত ৮৮.৬ শতাংশ লাভ কৰি মহাবিদ্যালয়ৰ খনৰ ভিতৰতে সৰ্ব্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । পিতৃহাৰা খুচী মড়লে দ্ৰৰিদ্ৰতাৰ বাধা নেওচি ইংৰাজী বিষয়ত ৮৫ নম্বৰ,অসমীয়াত ৯৩,কম্পিউটাৰ বিজ্ঞানত ৯১,ৰাজনীতি বিজ্ঞানত ৯০,শিক্ষা বিষয়ত ৯৪, আৰু অৰ্থনীতি বিষয়ত ৮৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । ভৱিষ্যতে এগৰাকী সুনাগৰিক হিচাপে নিজকে গঢ় দি প্ৰশাসনিক বিষয়া হোৱাৰ হেপাহ মনত পুহি ৰখা খুচীয়ে দৈনিক ৫ ঘণ্টাৰ পৰা ৬ ঘণ্টা অধ্যয়নত ব্যস্ত থাকি বাকী আজুৰি সময় খনি মাতৃক তাঁতশালৰ কামত সহায় কৰি দিছিল । শুৱালকুছি শংকৰ মন্দিৰ ৰোড নিবাসী পিতৃ প্ৰয়াত গুণধৰ মড়ল আৰু মাতৃ গীতালী মড়লৰ জীয়ৰী খুচী মড়লে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পূৰ্বে পিতৃক গুণধৰ মড়লৰ মৃত্যু হৈছিল ৷ পিতৃৰ মৃত্যুত খুচী মড়লে এক প্ৰত্যাহ্বান হিচাপে লৈয়ে সদায় আগবাঢ়ি গৈছিল আৰু অধ্যয়নত ব্ৰতী হৈছিল ৷ আজি সেই প্ৰত্যাহ্বানত জয়ী হবলৈ সক্ষম হৈছে খুচীয়ে । পঢ়া শুনাৰ লগতে ছৱি আকি আৰু গান শুনি ভাল পাই খুচীয়ে। এই সফলতা প্ৰাপ্তিৰ আৰত খুচীয়ে প্ৰথমে নিজৰ মাতৃক আৰু পৰিয়ালৰ আত্মীয়ৰ লগতে মহাবিদ্যালয় খনৰ অধ্যাপক অধ্যাপিকাক বিশেষ ভাৱে ধন্যবাদ জনাইছে । খুচীয়ে শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ শুৱালকুছি শাখা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদিকা হিচাপে দায়িত্বত থকা খুচীৰ এই সফলতাৰে পিচতে খুচী মড়লৰ ঘৰত উপস্থিত হৈ গামোচাৰে সম্বৰ্দ্ধনা জনায় কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি ৰিংকু দাসসহ শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে ৷

RELATED ARTICLES
Lucknow
overcast clouds
29.5 ° C
29.5 °
29.5 °
68 %
5.9kmh
100 %
Fri
33 °
Sat
36 °
Sun
35 °
Mon
30 °
Tue
33 °

Most Popular