31.9 C
New Delhi
Friday, July 31, 2026
spot_img
Homeঅসমগৌৰীপুৰত মে' দিৱস উদযাপ "জিলা বিড়ি মজদুৰ ফেডাৰেশ্বন"ৰ।

গৌৰীপুৰত মে’ দিৱস উদযাপ “জিলা বিড়ি মজদুৰ ফেডাৰেশ্বন”ৰ।

দুৰ্নীতিৰ দৰ্পণ, ধুবুৰী, ০১ আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্বৰ কেইবাটাও দেশত পালন হৈ আছে, আন্তৰ্জাতিক শ্ৰমিক দিৱস বা মে’ দিৱস। আৰু তাৰে লগত সংগতি ৰাখি আজি ধুবুৰী জিলাৰ গৌৰীপুৰ চহৰস্থিত ১ নং ওৱাৰ্ডৰ ছুপাৰমাৰ্কেটৰ নিয়ন্ত্ৰিত বজাৰ সমিতিৰ চৌহদত প্ৰতি বছৰৰ দৰে এইবেলিও উলহ-মালহৰে ধুবুৰী জিলা বিড়ি মজদুৰ ফেডাৰেশ্বনে পালন কৰে আন্তৰ্জাতিক মে’ দিৱস। আজিৰ এই অনুষ্ঠানটো ৰাতিপুৱা পতকা উত্তোলনেৰে কাৰ্য্যসূচী  আৰম্ভ হয়। উত্তোলন কৰে কমৰেড আনোৱাৰ আলী। তাৰ পিছত শ্বহীদ বেদীত মাল্যাৰ্পন কৰি অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু প্ৰতিমা বৰুৱা পাণ্ডেৰ  প্ৰতিচ্ছবিত মাল্য আৰু পুষ্প অৰ্পণ কৰে উপস্থিত সদস্য বৃন্দই। তাৰ পিছত ৰাতিপুৱা ১০ বজাত মুকলি সভা আৰম্ভ হয়। আৰু এই মুকলি সভাত মুখ্য বক্তা হিচাপে কমৰেড ৰবীন্দ্ৰ নাৰায়ণ মণ্ডল উপস্থিত থাকে। তাৰ লগত থাকে থাকে কমৰেড সুধীৰ ৰায়, বিশ্বনাথ সাহা, আৰু গৌৰীপুৰ অঞ্চলৰ বিভিন্ন গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। দুপৰীয়া ২ বজাৰ পৰা বিভিন্ন লোকগীতৰ প্ৰতিযোগী আৰম্ভ হয়। তাৰ পিছত আবেলি ৫ বজাত মজদুৰ সাংস্কৃতিক অনুষ্ঠান আয়োজন হয়। আৰু এই সাংস্কৃতিক অনুষ্ঠানত ধুবুৰী জিলাৰ সনামধন্য শিল্পীসকলে অংশগ্ৰহণ কৰে, আৰু সন্দিয়া বিভিন্ন গীত আৰু নৃত্যৰে এই অনুষ্ঠানৰ সামৰণি মাৰে।

RELATED ARTICLES
Lucknow
overcast clouds
30.4 ° C
30.4 °
30.4 °
64 %
5.8kmh
100 %
Thu
30 °
Fri
33 °
Sat
36 °
Sun
32 °
Mon
30 °

Most Popular