39.4 C
New Delhi
Monday, June 15, 2026
spot_img
Homeঅসমউৰিয়ামঘাট ফাউণ্ডেচনৰ উদ্যোগত প্ৰজেক্ট নাৰী শক্তিৰ অধীনত মহিলা সকলৰ বাবে চামগুৰি সত্ৰত...

উৰিয়ামঘাট ফাউণ্ডেচনৰ উদ্যোগত প্ৰজেক্ট নাৰী শক্তিৰ অধীনত মহিলা সকলৰ বাবে চামগুৰি সত্ৰত অনুষ্ঠিত ৩০ দিনীয়া মুখা প্ৰশিক্ষন শিবিৰৰ সফলতাৰে সামৰণি

উৰিয়ামঘাট ফাউণ্ডেচনৰ উদ্যোগত প্ৰজেক্ট নাৰী শক্তিৰ অধীনত মহিলা সকলৰ বাবে চামগুৰি সত্ৰত অনুষ্ঠিত ৩০ দিনীয়া মুখা প্ৰশিক্ষন শিবিৰৰ সফলতাৰে সামৰণি

বিকাশ শইকীয়া, মাজুলী: ৩ মে’: মাজুলীৰ ঐতিহ্যবাহী মুখা শিল্প সমগ্ৰ বিশ্বতে বিশেষ পৰিচিত । এই পৰম্পৰাগত শিল্পক অধিক বিকশিত কৰাৰ লগতে স্থানীয় গোটৰ আগ্ৰহী মহিলাসকলক দক্ষ কৰি তুলি তেওঁলোকক আৰ্থিকভাৱে স্বনির্ভৰ আৰু শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে উৰিয়ামঘাট ফাউণ্ডেচনৰ উদ্যোগত প্ৰজেক্ট নাৰী শক্তিৰ অধীনত ASRLM ৰ PRI CBO Convergence প্ৰকল্পৰ সহযোগত মাজুলীৰ ৰাওণাপাৰাৰ অৰুণোদয় CLF কেন্দ্ৰৰ সহযোগত ৩০ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মুখা শিল্প প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সফলতাৰে সামৰণি পৰে । আজি শেষৰ দিনা কাৰ্যসূচীত অংশ গ্ৰহণ কৰে মাজুলী জিলা আয়ুক্ত সৃষ্টি সিঙে। এই প্ৰশিক্ষণ কাৰ্যসূচীত জিলাখনৰ কুৰি গৰাকী মহিলাই অংশগ্ৰহণ কৰে। চামগুৰি সত্ৰত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত সত্ৰখনিৰ অভিজ্ঞ মুখাশিল্প প্ৰশিক্ষক প্ৰসন্ন কুমাৰ গোস্বামী আৰু তেখেতৰ কেইবাজনো শিষ্যই প্ৰশিক্ষন প্ৰদান কৰে।

RELATED ARTICLES
Lucknow
clear sky
39.7 ° C
39.7 °
39.7 °
19 %
4.2kmh
0 %
Mon
41 °
Tue
42 °
Wed
43 °
Thu
45 °
Fri
45 °

Most Popular