সাপেখাতী পৰা আজিজুল হক ৰিপৰ্ট , দুৰ্নীতিৰ দৰ্পণ : চৰাইদেউ জিলাৰ সাপেখাতী সুন্দৰপূৰ চাহ বাগিচাত শ্ৰমিক মহিলাসকলে পাত চিঙি থকা অৱস্থাত এটা প্ৰকাণ্ড আৰু অতি বিষাক্ত ৰজা ফেঁটী (King Cobra) সাপ প্ৰত্যক্ষ কৰে। তেওঁলোকে ভয়কৰে লগে লগে বাগিচাৰ চকীদাৰ খবৰ দিয়ে। বাতৰি সংগ্ৰহ কৰিবলৈ গৈ থকা সংবাদদাতা এজনক পায় আৰু কয়। আৰু তেওঁৰ বুজনি দিছিল যে , চাহ বাগিচাৰ দৰে ঠাইত এনে ধৰণৰ সাপ ওলোৱাটো স্বাভাৱিক। শ্ৰমিকসকলক অনুৰোধ জনাওঁ যে সাপ দেখিলে আতংকিত নহৈ আপোনালোকে বন বিভাগক বা সাপ উদ্ধাৰকাৰীক খবৰ দিবলৈ চেষ্টা কৰিব। বন্যপ্ৰাণী সুৰক্ষিত ৰখাটো আমাৰ সকলোৰে পৰম কৰ্তব্য। মই আজিজুল হক পৰ্টেল বাৰ্তা ডেইলী নিউজ চেনেলৰ সাংবাদিক , মই যিমান পাৰোঁ সহায় সহযোগিতা আগবঢ়াম । আৰু তেওঁলোকোক বুজনি দিছিলোঁ, ৰজা ফেটী (King Cobra) সাপ পৃথিৱীৰ আটাইতকৈ দীঘল বিষধৰ সাপ হিচাপে জনাজাত। ইয়াৰ বিশাল আকাৰ আৰু ভয়ংকৰ ৰূপৰ বাবে অসমত ইয়াক ‘সাপৰ ৰজা’ বা ‘ৰজা ফেটী’ বুলি কোৱা হয়। ইয়াৰ বৈজ্ঞানিক নাম হ’ল Ophiophagus hannah। একোটা প্ৰাপ্তবয়স্ক ৰজা ফেটী ১২ ফুটৰ পৰা ১৮ ফুট পৰ্যন্ত দীঘল হ’ব পাৰে। ৰজা ফেটীৰ এটা বিশেষত্ব হ’ল যে ই বেলেগ সাপ খাই জীয়াই থাকে। ই নিগনি বা চৰাইতকৈ বেছি অন্য বিষধৰ বা বিষহীন সাপ আৰু গুই খাবলৈ ভাল পায়। অসমৰ দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ আৰু অন্যান্য ঘন অৰণ্যত এই সাপবিধ পোৱা যায়।ইহঁতে সাধাৰণতে মাটিত শুকান পাতৰ দ’ম সাজি কণী পাৰে।
ইয়াৰ বিষ অতি শক্তিশালী। এবাৰ দংশন কৰিলে যিমান পৰিমাণৰ বিষ এৰি দিয়ে, সি এজন মানুহক অতি কম সময়ৰ ভিতৰত মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে। আনকি এটা হাতীকো ইয়াৰ বিষে মাৰিব পাৰে। প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত সাপৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। আমি সাপক ভয় কৰো যদিও, সাপ আমাৰ শত্ৰু নহয় বৰঞ্চ এজন প্ৰকৃতাৰ্থত ‘কৃষক বন্ধু’ হে।
নিগনিজাতীয় প্ৰাণীৰ নিয়ন্ত্ৰণ: এটা সাপে বছৰটোত বহুতো নিগনি খাই খেতিয়কৰ শস্য ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰে। যদি সাপ নাথাকিলহেঁতেন, তেন্তে নিগনিৰ সংখ্যা ইমান বৃদ্ধি পালেহেঁতেন যে মানুহে খাবলৈ শস্য বিচাৰি নাপালেহেঁতেন।
পৰিৱেশ তন্ত্ৰত সাপ হৈছে এক গুৰুত্বপূৰ্ণ সংযোগ। ই যেনেকৈ সৰু সৰু প্ৰাণী খাই বংশবৃদ্ধি নিয়ন্ত্ৰণ কৰে, তেনেকৈ ডাঙৰ চৰাই (যেনে: ঈগল) বা অন্যান্য প্ৰাণীৰ খাদ্য হিচাপেও কাম কৰে।
নিগনিৰ পৰা প্লেগৰ দৰে যিবোৰ মাৰাত্মক ৰোগ বিয়পে, সাপ থাকিলে সেইবোৰ নিয়ন্ত্ৰণত থাকে। আচৰিত যেন লাগিলেও সত্য যে, সাপৰ বিষৰ পৰাই সাপৰ কামোৰৰ দৰব (Anti-venom) প্ৰস্তুত কৰা হয়। ইয়াৰ উপৰিও হৃদৰোগ আৰু কৰ্কট ৰোগৰ দৰে জটিল বেমাৰৰ ঔষধ তৈয়াৰ কৰিবলৈও সাপৰ বিষ ব্যৱহাৰ কৰা হয়। মনত ৰাখিব: সাপ থাকিলেহে আমাৰ পৰিৱেশ সুৰক্ষিত হৈ থাকিব। সাপ দেখিলে তাক নামাৰি উদ্ধাৰকাৰী দল বা বন বিভাগক খবৰ দিবলৈ অনুৰোধ কৰিছো।
চৰাইদেউ জিলাৰ সাপেখাতী সুন্দৰপূৰ চাহ বাগিচাত শ্ৰমিক মহিলাসকলে পাত চিঙি থকা অৱস্থাত এটা প্ৰকাণ্ড আৰু অতি বিষাক্ত ৰজা ফেঁটী (King Cobra) সাপ প্ৰত্যক্ষ
Lucknow
broken clouds
36.9
°
C
36.9
°
36.9
°
24 %
5.4kmh
59 %
Wed
39
°
Thu
43
°
Fri
43
°
Sat
43
°
Sun
44
°

