39.7 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমমাৰ্ঘেৰিটা বিধানসভা সমষ্টিত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ হেট্ৰিক। বৃহৎ ব্যৱধানত জয়লাভ

মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ হেট্ৰিক। বৃহৎ ব্যৱধানত জয়লাভ

৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ হেট্ৰিক। বৃহৎ ব্যৱধানত জয়লাভ

দুৰ্নীতিৰ দৰ্পণ, মাৰ্ঘেৰিটা,৪মেঃ আজি, ৯ এপ্ৰিলত অনুষ্ঠিত হোৱা ২০২৬ বিধানসভা নিৰ্বাচনৰ ভোট গণনা সম্পন্ন হয়। ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী তথা পূৰ্বে দুবাৰকৈ বিধায়ক হোৱা ভাস্কৰ শৰ্মাই হেট্ৰিক বিজয়ৰে শেষ হাঁহি মাৰে। ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত মুঠ ২২ টা ৰাউণ্ড ভোট গণনা হৈছিল। ভাস্কৰ শৰ্মাই প্ৰথম ৰাউণ্ডৰ পৰাই বিপুল ভোটৰ ব্যৱধানেৰে অগ্ৰগতি লাভ কৰি আছিল। উল্লেখ্য যে শেষত বিৰোধীক শোচনীয় পৰাজয় কৰি প্ৰায় ৫৫,৩১৭ টা ভোটৰ বৃহৎ ব্যৱধানত জয়লাভ কৰে ভাস্কৰ শৰ্মাই। ভোট গণনাৰ ফলাফল অনুসৰি বিজেপিৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মাই ৮৬,৩৪৯ টা ভোট পাব লৈ সক্ষম হয় আন হাতে বিৰোধী দলৰ প্ৰাৰ্থী ৰাহুল চেত্ৰীয়ে(ৰাইজৰ দল)৩১,০৩২টা ভোট আৰু জাৰ্নেল মিঞ্জয়ে(জয় ভাৰত দল)১৯,২২৮ টা ভোট লাভ কৰে। ইফালে ভাস্কৰ শৰ্মাৰ বিপুল ভোটৰ ব্যৱধানত জয়ৰ সংবাদে মাৰ্ঘেৰিটা বিজেপিৰ কাৰ্যালয়ত উৎসৱ মুখৰ পৰিৱেশ মুখৰিত হয়। মাৰ্ঘেৰিটা বাস্পে ভৱনত হাজাৰ হাজাৰ বিজেপিৰ কৰ্মকৰ্তা উপস্থিত হৈ ঢোল ডগৰ বজাই , ফটকা ফুটাই,জয় ধ্বনিৰে আকাশ বতাহ কঁপাই তোলে। নিজৰ প্ৰাৰ্থী গৰাকীক গামোচা , পুষ্পমালা,পুষ্প বৃষ্টিৰে বিজয় সম্ভাষণ জনায়। আনহাতে বিপুল ভোটত জয়ী হোৱা ভাস্কৰ শৰ্মাই মাৰ্ঘেৰিটা বিধানসভা সমষ্টিবাসীৰ শৰণত সেৱা জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বুলি মতপোষণ কৰে আৰু অনাগত দিনত নিজকে সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত ব্ৰতী থাকিব বুলি উল্লেখ কৰে।

RELATED ARTICLES
Lucknow
broken clouds
36.9 ° C
36.9 °
36.9 °
24 %
5.4kmh
59 %
Wed
39 °
Thu
43 °
Fri
43 °
Sat
43 °
Sun
44 °

Most Popular