39.4 C
New Delhi
Monday, June 15, 2026
spot_img
Homeঅসমপ্ৰায় ৯৪ হাজাৰ ভোটৰ ব্যৱধানত পীয়ুষ হাজৰিকাৰ বৃহৎ জয় , চতুৰ্থ বাৰৰ...

প্ৰায় ৯৪ হাজাৰ ভোটৰ ব্যৱধানত পীয়ুষ হাজৰিকাৰ বৃহৎ জয় , চতুৰ্থ বাৰৰ বাবে দিচপুৰলৈ পীয়ুষ হাজৰিকা

প্ৰায় ৯৪ হাজাৰ ভোটৰ ব্যৱধানত পীয়ুষ হাজৰিকাৰ বৃহৎ জয় , চতুৰ্থ বাৰৰ বাবে দিচপুৰলৈ পীয়ুষ হাজৰিকা

দুৰ্নীতিৰ দৰ্পণ, জাগীৰোড, ৪ মে’, : বহু জল্পনা-কল্পনাৰ অন্তত আজি ষষ্ঠদশ অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। সেই অনুসৰি ৫২ নং জাগীৰোড (অ:জ:) বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী পীয়ুষ হাজৰিকাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী বুবুল দাসক ৯৩ হেজাৰ ৫৮৪ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি চতুৰ্থ বাৰৰ বাবে জাগীৰোড সমষ্টিটো হস্তগত কৰে ৷ সমষ্টিটোত মুঠ ভোটাৰ আছিল ২,৫০,৪২৭ টা। সমগ্ৰ অসমৰ সমান্তৰালকৈ জাগীৰোড সমষ্টিৰ ৩৩৫ টা কেন্দ্ৰত ৯ এপ্ৰিলত অনুষ্ঠিত হৈ যায় ভোটগ্ৰহণ। আজি পুৱাৰ পৰাই মৰিগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত হয় ভোট গণনা। ২৪ টা ৰাউণ্ড ভোট গণনাৰ অন্তত নিৰ্বাচনী বিষয়াই ঘোষণা কৰা অনুসৰি জাগীৰোড সমষ্টিৰ পীযুষ হাজৰিকাই লাভ কৰে ১ লাখ ৫৫ হেজাৰ ১২৯ টা ভোট । বিপৰীতে একমাত্ৰ নিকটতম্ প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ বুবুল দাসে লাভ কৰে ৬১,৫৪৫ টা ভোট ৷ পীয়ুষ হাজৰিকাৰ এনে বৃহৎ সফলতাত বিজেপি নেতা-কৰ্মীসকলৰ মাজত ব্যাপক উচ্ছাহ উদ্দীপনা বিৰাজ কৰে । ৯৩,৫৮৪ টা ভোটৰ বৃহৎ ব্যৱধানত জয়ী হোৱা মৰমৰ নেতা গৰাকীক গামোচা , আৰ্না, জাপিৰে বিভিন্ন জনে উষ্ম আদৰণি জনোৱাৰ লগতে জোনবিলস্থিত মুখ্য কাৰ্যালয়ত আটচবাজী কৰি, নাচি-বাগী সমৰ্থক তথা দলীয় নেতা-কৰ্মী সকলে বিজয় উল্লাস পালন কৰা পৰিলক্ষিত হয়। আনহাতে জাগীৰোডবাসীয়ে প্ৰদৰ্শন কৰা আস্থা, বিশ্বাস আৰু মৰমৰ বাবে সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে আগন্তুক সময়ত অসম তথা জাগীৰোডৰ উন্নয়নৰ বাবে আৰু কাম কৰি যাবলৈ দৃঢ়প্ৰতিজ্ঞ বুলি দোহাৰে পীয়ুষ হাজৰিকাই।

RELATED ARTICLES
Lucknow
clear sky
39.7 ° C
39.7 °
39.7 °
19 %
4.2kmh
0 %
Mon
41 °
Tue
42 °
Wed
43 °
Thu
45 °
Fri
45 °

Most Popular