33.4 C
New Delhi
Tuesday, July 28, 2026
spot_img
HomeঅসমMBBS পৰীক্ষাত মৰিগাঁৱৰ লিছা দাসৰ সাফল্য, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা লাভ কৰিলে...

MBBS পৰীক্ষাত মৰিগাঁৱৰ লিছা দাসৰ সাফল্য, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা লাভ কৰিলে একাদশ স্থান

MBBS পৰীক্ষাত মৰিগাঁৱৰ লিছা দাসৰ সাফল্য, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা লাভ কৰিলে একাদশ স্থান

দুৰ্নীতিৰ দৰ্পন, মকিবুদ্দিন আহমেদ, মৰিগাঁও, ৭ মে’: ৰাজ্যৰ চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত এক উজ্জ্বল নক্ষত্ৰ হিচাপে চিহ্নিত হৈছে মৰিগাঁও জিলাৰ জীয়ৰী লিছা দাস৷ সদ্য ঘোষিত MBBS পৰীক্ষাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)ৰ পৰা সমগ্ৰ অসমৰ ভিতৰতে একাদশ স্থান দখল কৰি লিছাই মৰিগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ মৰিগাঁও চহৰৰ ন-ভেটি অঞ্চলৰ নিবাসী লিছা দাস হৈছে স্বৰ্গীয় উমানন্দ দাস আৰু অৰ্পনা কলিতাৰ সুযোগ্য কন্যা৷ পিতৃৰ বিয়োগৰ পাছতো অশেষ কষ্ট আৰু মাতৃৰ প্ৰেৰণাৰে তেওঁ আজি এই সফলতাৰ শিখৰত উপনীত হ’বলৈ সক্ষম হৈছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা লিছাৰ এই সফলতাই জিলাখনত এক আনন্দৰ লহৰ তুলিছে৷ এগৰাকী মেধাৱী ছাত্ৰী হিচাপে তেওঁৰ এই কৃতিত্বই অনাগত দিনত চিকিৎসা সেৱাৰ ক্ষেত্ৰত জিলাখনক নতুন গতি প্ৰদান কৰিব বুলি স্থানীয় ৰাইজে আশা প্ৰকাশ কৰিছে৷ লিছাৰ এই অভাবনীয় সফলতাত মৰিগাঁও জিলাৰ বিভিন্ন দল-সংগঠন, শৈক্ষিক সমাজ আৰু আত্মীয়-স্বজনে অভিনন্দন জনাইছে৷ এগৰাকী স্থানীয় জীয়ৰীৰ এনে সাফল্যই আন বহু শিক্ষাৰ্থীক আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰিব বুলি সচেতন মহলে মন্তব্য কৰিছে৷ ভৱিষ্যতে এগৰাকী সুদক্ষ চিকিৎসক হিচাপে লিছাই সমাজৰ দুখীয়া আৰু নিছলা শ্ৰেণীক সেৱা আগবঢ়োৱাৰ লগতে চিকিৎসা বিজ্ঞানৰ দিশত আৰু অধিক সফলতা অৰ্জন কৰাটোৱে এতিয়া লিছাৰ কামনা৷

RELATED ARTICLES
Lucknow
overcast clouds
32.4 ° C
32.4 °
32.4 °
58 %
0.8kmh
97 %
Tue
36 °
Wed
37 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular