31.1 C
New Delhi
Friday, May 8, 2026
spot_img
Homeঅসমকাজিৰঙা বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰৰ কৰুণ মৃত্যু, _কাকডোঙা নদীত জঁপিয়াই চৰম সিদ্ধান্ত লোৱাৰ...

কাজিৰঙা বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰৰ কৰুণ মৃত্যু, _কাকডোঙা নদীত জঁপিয়াই চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ, SDRF-ৰ অভিযানত উদ্ধাৰ মৃতদেহ

কাজিৰঙা বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰৰ কৰুণ মৃত্যু, _কাকডোঙা নদীত জঁপিয়াই চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ, SDRF-ৰ অভিযানত উদ্ধাৰ মৃতদেহ

বোকাখাতৰ পৰা যদুমনি চেতিয়া, _ ৭ মে’: গোলাঘাট জিলাৰ নেঘেৰিটিং সমীপস্থিত কাকডোঙা নদীত জঁপিয়াই এজন বিশ্ববিদ্যালয় ছাত্ৰই চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ ঘটনাই অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে৷ মৃত ছাত্ৰজনক Lt. Tsaliba T বুলি চিনাক্ত কৰা হৈছে৷ তেওঁ নাগালেণ্ডৰ বাসিন্দা আৰু Kaziranga University-ৰ Civil Engineering বিভাগৰ এজন মেধাৱী ছাত্ৰ আছিল বুলি জানিব পৰা গৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি, ছাত্ৰজন বিশ্ববিদ্যালয়ৰ সমীপৰ এখন PG (Paying Guest)-ত বাস কৰিছিল৷ মৃত্যুৰ আগদিনা সহপাঠী আৰু বন্ধুসকলৰ সৈতে তেওঁৰ জন্মদিন উদযাপন কৰিছিল আৰু পাছৰ দিনাই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰাৰ ৰহস্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনাস্থলীত তেওঁৰ চেন্দেল, I-Card, মোবাইল ফোন, বেগ আৰু তেওঁ যিখন বাইক লৈ সেই ঠাইলৈ গৈছিল সেইখন বাইক উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে৷ একেলগে থকা ৰুমমেটৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে প্ৰায় ৯: ৩০ বজাত ছাত্ৰজনৰ মোবাইল ফোনৰ পৰা এটা বাৰ্তা আহিছিল৷ উক্ত বাৰ্তাটোত তেওঁৰ খুৰাকৰ মোবাইল নম্বৰ আৰু লাইভ লোকেচন প্ৰেৰণ কৰা হৈছিল বুলি জানিব পৰা গৈছে৷ তাৰ পিছতেই তেওঁ নিখোজ হোৱা ঘটনাই সন্দেহ অধিক গভীৰ কৰি তুলিছে৷ ঘটনাৰ খবৰ পাই আৰক্ষী আৰু SDRF-ৰ দলে তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে৷ দীৰ্ঘ সময় ধৰি চলোৱা অভিযানৰ অন্তত SDRF-এ কাকডোঙা নদীৰ পৰা ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱ নাই৷ উদ্ধাৰৰ পিছত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে Golaghat Civil Hospital-লৈ প্ৰেৰণ কৰা হৈছে৷ ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত শোক আৰু চাঞ্চল্যৰ সৃষ্টি হৈছে৷ বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থী তথা সহপাঠীসকলৰ মাজতো গভীৰ শোকৰ পৰিৱেশ বিৰাজ কৰিছে৷ এজন শান্ত, ভদ্ৰ আৰু মেধাৱী ছাত্ৰ হিচাপে পৰিচিত Lt. Tsaliba T-ৰ এই আকস্মিক মৃত্যুৱে সকলোকে মৰ্মাহত কৰি তুলিছে৷

RELATED ARTICLES
Lucknow
haze
33 ° C
33 °
33 °
43 %
3.6kmh
0 %
Fri
34 °
Sat
39 °
Sun
40 °
Mon
41 °
Tue
43 °

Most Popular