29.2 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমনাজিৰাত কৃতী ছাত্ৰ-ছাত্ৰীক নপাম বাৰুৱতী গাঁও পঞ্চায়তৰ বিশেষ সম্বৰ্ধনা*

নাজিৰাত কৃতী ছাত্ৰ-ছাত্ৰীক নপাম বাৰুৱতী গাঁও পঞ্চায়তৰ বিশেষ সম্বৰ্ধনা*

নাজিৰাত কৃতী ছাত্ৰ-ছাত্ৰীক নপাম বাৰুৱতী গাঁও পঞ্চায়তৰ বিশেষ সম্বৰ্ধনা*

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ৮ মেঃ নাজিৰা সমষ্টিৰ অন্তৰ্গত নপাম বাৰুৱতী গাঁও পঞ্চায়তৰ উদ্যোগত আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰা হয়৷ ​পঞ্চায়তখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুশ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক এই অনুষ্ঠানত একোখনকৈ ফুলাম গামোচা আৰু একোখনকৈ অভিনন্দন পত্ৰ প্ৰদান কৰি উৎসাহিত কৰা হয়৷ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি আয়োজন কৰা এই অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে পঞ্চায়ত সভাপতি আমান উল্লাহ, প্ৰাক্তন পঞ্চায়ত সভাপতি নিৰণ গগৈ, আঠখেল জিলা পৰিষদৰ সদস্যা মৌচুমী গগৈ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য অজয় বৰুৱা৷ ​ইয়াৰ উপৰিও অনুষ্ঠানত পঞ্চায়তৰ সদস্য-সদস্যাসকলৰ লগতে স্থানীয় শিক্ষক-শিক্ষয়িত্ৰী, সমাজকৰ্মী আৰু ভালেসংখ্যক অভিভাৱক-অভিভাৱিকা উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলৰ সাফল্যত আনন্দ প্ৰকাশ কৰে৷ পঞ্চায়তৰ এই প্ৰশংসনীয় পদক্ষেপে অঞ্চলটোৰ শৈক্ষিক বাতাবৰণ অধিক উৎসাহিত কৰিব বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে৷

RELATED ARTICLES
Lucknow
overcast clouds
30 ° C
30 °
30 °
67 %
1.6kmh
95 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular